অসম

assam

ETV Bharat / bharat

কৃত্ৰিম বানৰ কবলত বেংগালুৰু, সাময়িকভাৱে বন্ধ মেট্ৰ’ সেৱা - Heavy Rain AND Thunderstorm

Metro rail services temporarily suspended in Bengaluru : বেংগালুৰুত প্ৰবল বৃষ্টিপাতৰ সৈতে ধুমুহা আৰু বজ্ৰপাতৰ তাণ্ডৱ ৷ ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে কৰ্ণাটকৰ 14 খন জিলাত হালধীয়া সতৰ্কতা (Yellow alert) ঘোষণা কৰা হৈছে ৷ বেংগালুৰুৰ কেইবাঠাইত কৃত্ৰিম বান আৰু গছ উভালি পৰাৰ বাবে মেট্ৰ’ সেৱা সাময়িকভাৱে বন্ধ ৰাখিছে ৷

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 9:59 AM IST

Etv BharatMetro rail services temporarily suspended in Bengaluru
কৃত্ৰম বানৰ কবলত বেংগালুৰু, সাময়িকভাৱে মেট্ৰ’ সেৱা বন্ধ (Etv Bharat Karnataka)

নেশ্যনেল ডেস্ক, 3 জুন :দেওবাৰে সন্ধিয়াৰ পৰা কৰ্ণাটক জিলাৰ বেংগালুৰুত প্ৰবল বৃষ্টিপাতৰ সৈতে ধুমুহা আৰু বজ্ৰপাতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল ৷ ফলত ঠায়ে ঠায়ে বহু গছ বাগৰি পৰাৰ লগতে বৰষুণৰ পানীয়ে কৃত্ৰিম বানৰ সৃষ্টি কৰিছে ৷ বেংগালুৰুৰ শ্বেশাদ্ৰীপুৰম, শিৱানন্দ চক্ৰ, বিজয়নগৰ, শিৱাজীনগৰ, মল্লেশ্বৰম, বসন্তনগৰ, শান্তিনগৰ, জয়নগৰ, যশৱন্তপুৰ, ৰাজজীনগৰ, কোৰামংগলা, এম জি ৰোড, কাব্বান পাৰ্ক, বানাশংকৰী, কুমাৰস্বামী লে’আউট, ইলাচেনাহাল্লি, উত্তৰহাল্লাহল্লী, পদ্ভনত বৰষুণৰ ফলত ব্যাপক যান-জঁটৰ সৃষ্টি হয় ।

কৃত্ৰম বানৰ কবলত বেংগালুৰু, সাময়িকভাৱে মেট্ৰ’ সেৱা বন্ধ (Etv Bharat Karnataka)

ইতিমধ্যে দেওবাৰে ৰাজ্যখনত মৌচুমী বতাহে প্ৰৱেশ কৰিছেহি । সেয়েহে, বেছিভাগ জিলাতে মৌচুমী বতাহৰ ফলত বৰষুণ হৈ আছে । ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে কৰ্ণাটকৰ 14 খন জিলাত হালধীয়া সতৰ্কতা (Yellow alert) ঘোষণা কৰিছে ৷

এম এম টি জংচনৰ পৰা বাংগালুৰুৰ কাস্থুৰি নগৰৰ ফালৰ পৰা কে আৰ পুৰা অভিমুখে যোৱা পথটোত, এম এম টি বাছ ষ্টেণ্ডৰ ওচৰত বৰষুণৰ পানীয়ে কৃত্ৰিম বানৰ সৃষ্টি কৰিছে ৷ ফলত হোৱাইটফীল্ড আৰু মহাদেৱপুৰ অভিমুখে যোৱা চালকসকলৰ বাবে সমস্যাৰ সৃষ্টি হয় । আনহাতে টিন কাৰখানাৰ জয়মহল মেইন ৰোডৰ পৰা কাস্থুৰী নগৰলৈ যোৱা পথটোত কৃত্ৰিম বানৰ বাবে ৰামমূৰ্তি নগৰ অভিমুখে যোৱা চালকসকলৰ বাবে সমস্যাৰ উদ্ভৱ কৰে ৷

মেট্ৰ' ৰে'ল সেৱা সাময়িকভাৱে স্থগিত : বৰষুণৰ বাবে এম জি ৰোড আৰু ট্ৰিনিটি ষ্টেশ্যনৰ মাজৰ ভায়াডাক্ট ট্ৰেকত গছৰ ডাল ভাঙি পৰে ৷ ফলত এম জি ৰোড আৰু ইন্দিৰা নগৰৰ মাজত মেট্ৰ' ৰে’ল সেৱা কিছু ঘণ্টাৰ বাবে অস্থায়ীভাৱে স্থগিত ৰখা হৈছিল । নাম্মা মেট্ৰ' জনসম্পৰ্ক বিষয়া শ্ৰীবস ৰাজগোপালনে জনাইছে যে ইন্দিৰানগৰ আৰু হোৱাইটফীল্ড আৰু চাল্লাঘাট্টা আৰু বেঙুনীয়া লাইনৰ এম জি ৰোড মেট্ৰ' ষ্টেশ্যনৰ মাজত অসুবিধাৰ সৃষ্টি হৈছে ৷

বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি য়ালাচেনাহাল্লিৰ কনকানগৰৰ বাসগৃহসমূহত বৰষুণৰ পানী সোমাইছিল ৷ আৱাসীসকলে যোৱা 15 বছৰ ধৰি এনেদৰেই এজাক বৰষুণতে গৃহহীন হ’বলগীয়া হয় ৷ সেইবাবে তেওঁলোকে প্ৰতিবাদো সাব্যস্ত কৰিছিল ৷

কৰ্ণাটকৰ 14 খন জিলাৰ বাবে হালধীয়া সতৰ্কতা : বতৰ বিজ্ঞান বিভাগে অহা 24 ঘণ্টাৰ বাবে দক্ষিণ কানাড়া, বাগালকোট, কোপ্পাল, ৰাইচুৰ, বিজয়পুৰা, য়াদাগিৰি, বেংগালুৰু গ্ৰাম্য, বেংগালুৰু চহৰ, চিক্কাবাল্লাপুৰা, চিত্ৰদুৰ্গা, হাছান, মাণ্ড্য, মাইচুৰু আৰু তুমাকুৰু জিলাৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰিছে ।

বেংগালুৰু চহৰ আৰু ইয়াৰ চাৰিওফালৰ এলেকাসমূহত পৰৱৰ্তী 24 ঘণ্টাৰ বাবে আকাশ মেঘাচ্ছন্ন হৈ থাকিব । কেইটামান স্থানত ধাৰাসাৰ বৰষুণ হ'ব । ফলত সৰ্বাধিক আৰু নিম্নতম তাপমাত্ৰা ক্ৰমান্বয়ে 30 ৰ পৰা 20 ডিগ্ৰী হ'ব পাৰে ।

লগতে পঢ়ক:পৰ্যটকৰ বাবে মুকলি হ'ল পুষ্প উপত্যকা - Valley of Flowers

ABOUT THE AUTHOR

...view details