হায়দৰাবাদ: আপুনি ‘Drishyam’ ছবিখন চাইছে নে ? অজয় দেৱগন আৰু টাবু অভিনীত থ্ৰীলাৰ ছবিখন যথেষ্ট জনপ্ৰিয় হৈছিল ৷ আপুনি যদি ছবিখন চাইছে, নিশ্চয় তাত দেখিছে কিদৰে এগৰাকী আৰক্ষী বিষয়াৰ পুত্ৰক হত্যা কৰি অজয় দেৱগনে এখন নিৰ্মীয়মান থানাৰ মজিয়াত মৃতদেহটো পুতি থয় ৷ আৰক্ষীয়ে জেৰাৰ নামত অজয় দেৱগনৰ সমগ্ৰ পৰিয়ালটো অকথ্য় নিৰ্যাতন চলাই যদিও কোনো মতেই তেওঁলোকে মৃতদেহৰ সন্ধান উলিয়াব নোৱাৰিলে বা ঘটনাৰ ৰহস্যও উদঘাটন কৰিব নোৱাৰিলে ৷ তেনে এক ঘটনাই বাস্তৱত সংঘটিত হৈছে ৷
এজন লোকে এগৰাকী মহিলাক হত্যা কৰি পুতি থ’লে জিলা দণ্ডাধীশৰ আৱাসিক চৌহদৰ কাষৰে এটুকুৰা স্থানত ৷ তাৰ পিচত প্ৰায় চাৰিমাহ মুকলি আকাশৰ তলত নিচিন্ত মনে কটালে তেওঁ ৷ কথাতে কয় নহয়, বোলে পাপে বাপকো নেৰে...এটা হত্যাকাণ্ড সংঘটিত কৰি কোনোবা ধৰা নপৰাকৈ থাকিব পাৰে জানো ? শনিবাৰে নিশা আৰক্ষীয়ে লোকজনক আটক কৰাত সকলো কথা তেওঁ স্বীকাৰ কৰে ৷
কিয় হত্যা কৰা হৈছিল মহিলাগৰাকীক ?
যিজন অভিযুক্তৰ বিষয়ে আমি ইয়াত উল্লেখ কৰিছোঁ তেওঁৰ নাম হৈছে বিমল ৷ পেচাত তেওঁ এজন জীম ট্ৰেইনাৰ ৷ তেওঁৰ জীম চেণ্টাৰলৈ শৰীৰ চৰ্চাৰ বাবে গৈছিল এগৰাকী দুটি সন্তানৰ মাতৃ ৷ শৰীৰ চৰ্চাৰ প্ৰশিক্ষণ দিয়াৰ মাজতেই বিমল আৰু মহিলাগৰাকীৰ মাজত আৰম্ভ হ’ল কথা-বতৰা ৷ এনেদৰে চাৰিমাহ মান পাৰ হ’ল, এদিন হঠাৎ জীমৰ পৰা ওলাই অহাৰ পিচৰ পৰাই নিখোজ হৈ পৰে মহিলাগৰাকী ৷ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত তেওঁৰ স্বামীয়ে কয় যে মহিলাগৰাকী নিখোজ হোৱা সন্দৰ্ভত থানাত গোচৰ দাখিল কৰা হৈছিল ৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল যদিও এই ঘটনাৰ কোনো আঁত বিচাৰি পোৱা নাছিল ৷
হত্যা কৰা হৈছিল মহিলাগৰাকীক
সন্দেহৰ ভিত্তিত আৰক্ষীয়ে জীমৰ ট্ৰেইনাৰ বিমলত আটক কৰি সোধা-পোছা কৰে ৷ আৰক্ষীৰ জেৰাত বিমলে স্বীকাৰ কৰে হত্যাৰ কথা ৷ যোৱা 24 জুনত মহিলাগৰাকী যেতিয়া জীমৰ পৰা ওলাই আহিছিল, তেতিয়া বিমলে তেওঁক নিজৰ গাড়ীত উঠাই লয় ৷ কিছু সময় দুয়ো কথা পাতে ৷ বিমলে জনোৱা মতে, কথাৰ মাজতে তেওঁ মহিলাগৰাকীক সাংসাৰিক জীৱনত ইতিমধ্য়ে তালাক হোৱাৰ কথা কয় ৷ তাৰ পিচতেই দুয়োৰে মাজত আৰম্ভ হয় বাক-বিতণ্ডা ৷ কিন্তু ঘটনা তাতেই শেষ নহ’ল, দুয়োৰে কাজিয়াই হতাহতিৰ ৰূপ ল’লে ৷ তেনে সময়তে বিমলৰ এটা ঘোঁচা মহিলাগৰাকীৰ ডিঙিত পৰে ৷ লগে লগে মৃত্যু হয় মহিলাগৰাকীৰ ৷ কি কৰিব কি নকৰিব একো উৱাদিহ নাপাই কিছু সময় গাড়ীতেই মহিলাগৰাকীৰ মৃতদেহটো ৰাখি পিচত পুতি থয় ৷ মৃতদেহটো বিমলে য’ত পুতিছিল সেইটো হৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ আৰু সুৰক্ষিত অঞ্চল ৷
দণ্ডাধীশ আৰু প্ৰশাসনিক বিষয়াৰ চৌহদৰ সমীপত পুতিলে মৃতদেহ