অসম

assam

ETV Bharat / bharat

-25 ডিগ্ৰী চেলছিয়াছত ডেষ্টিনেশ্যন ৱেডিং - Wedding in minus 25 degree Celsius

Destination Wedding in minus 25 degree Celsius: হিমাচল প্ৰদেশৰ স্পীতি উপত্যকাত মাইনাচ ২৫ ডিগ্ৰী উষ্ণতাত প্ৰায় ১২ হাজাৰ ফুট উচ্চতাত এখন ডেষ্টিনেশ্যন ৱেডিং অনুষ্ঠিত হয় । যাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে । কি বিশেষ আছেনো এই ডেষ্টিনেশ্যন ৱেডিংখনত জানো আহক-

Destination Wedding in minus 25 degree Celsius
বৰফৰ মাজত ডেষ্টিনেশ্যন ৱেডিং

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 9:03 PM IST

ডেষ্টিনেশ্যন ৱেডিঙৰ ভাইৰেল ভিডিঅ‘

নেশ্যনেল ডেস্ক, 27 ফেব্ৰুৱাৰী :আজিৰ যুগত, গন্তব্য বিবাহৰ প্ৰৱণতা বৃদ্ধি পাইছে । দৰা আৰু কইনাই তেওঁলোকৰ জীৱনৰ আটাইতকৈ বিশেষ দিনটো স্মৰণীয় কৰি তুলিবলৈ এই গন্তব্য বিবাহ কৰে । গুজৰাটৰ এটি দম্পতীয়েও তেওঁলোকৰ বিবাহ স্মৰণীয় কৰি তুলিবলৈ হিমাচলৰ লাহৌল স্পীতিত উপস্থিত হয় । তাত বৰ্তমান তাপমাত্ৰা মাইনাচ ২৫ ৰ পৰা ৩০ ডিগ্ৰী পৰ্যন্ত হৈছে । লাহৌল স্পীতিক বৰফৰ মৰুভূমি বুলিও কোৱা হয়, বৰ্তমান এই উপত্যকা বৰফেৰে আৱৃত হৈ আছে ।

তুষাৰপাতৰ মাজত ‘saat phere’

লাহৌল-স্পীতি জিলাৰ মোৰাং গাঁৱত মুকলি আকাশৰ তলত তুষাৰপাতৰ মাজত এটা বিয়াৰ মণ্ডপ সজোৱা হৈছে । গুজৰাটৰ এটি মৰমলগা দম্পতীয়ে তেওঁলোকৰ বিবাহ ইয়াত স্মৰণীয় কৰি তুলিলে । প্ৰেমিক যুগলে হিন্দু ৰীতি-নীতি অনুসৰি মন্ত্ৰ জপ কৰি বিবাহপাশত আৱদ্ধ হয় । ইয়াৰ এটা ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

গাঁওবাসীয়ে ভাবিছিল চিনেমাৰ দৃশ্যগ্ৰহণ চলি আছে

লাহৌল-স্পীতি যেন এতিয়া বৰফৰ চাদৰেৰে মেৰিয়াই থোৱা আছে দেখিবলৈ তেনেকুৱা হৈ আছে । জিলাখনত প্ৰতি বছৰে শীতকালত তুষাৰপাত হয় আৰু ইয়াত মানুহৰ খুব কম চলাচল হয় । স্থানীয় লোকসকলো অতি প্ৰয়োজনীয় সময়তহে ঘৰৰ পৰা ওলাই আহে । সোমবাৰে, যেতিয়া বৰফৰ মাজত মোৰাং গাঁৱত বিয়াৰ মণ্ডপটো সজোৱা হৈছিল, গাঁওবাসীয়ে ভাবিছিল যে কিবা ছবিৰ দৃশ্যগ্ৰহণৰ বাবে এয়া কৰা হৈছে । কিন্তু অনুসন্ধানত গম পালে যে ডেষ্টিনেশ্যন ৱেডিঙৰ বাবেহে এই তৈয়াৰী । হাল গাঁৱৰ স্থানীয় বাসিন্দা আৰু পেছাত শিক্ষক কলজুঙে কৈছিল যে, "গুজৰাটৰ কিছুমান লোক আছিল, যিসকলে মোৰাং গাঁৱত তুষাৰপাতৰ মাজত বিয়াৰ মণ্ডপ সাজি বিবাহ অনুষ্ঠান সম্পূৰ্ণ কৰিছিল । বিবাহ অনুষ্ঠানটো হিন্দু ৰীতি-নীতি অনুসৰি মন্ত্ৰ উচ্চাৰণেৰে সম্পন্ন কৰা হৈছিল ।"

ভিডিঅ’টোত কি আছে

এক মিনিটতকৈও অধিক দীঘল ভিডিঅ’টোত বৰফৰে আবৃত পৰ্বতৰ মাজত ৰখাই থোৱা কেইখনমান বাহন দেখুওৱা হৈছে । কইনাগৰাকী এখন গাড়ীৰ পৰা নামি আহে আৰু কেমেৰামেনজনে তেওঁৰ ফটো তোলে । ইয়াৰ পিচত বৰফৰ মাজত সজোৱা বিয়াৰ মণ্ডপটো দেখা যায় । ভিডিঅ'টোত, কইনাগৰাকীক মণ্ডপৰ ফালে খোজ কাঢ়ি যোৱা দেখা গৈছে, য'ত বিবাহৰ কাম-কাজ চলি আছে । অন্য কিছুমান লোককো বিয়াৰ মণ্ডপৰ চাৰিওফালে দেখা গৈছে । তেওঁলোক কইনা আৰু দৰা ঘৰৰ আত্মীয় । আনহাতে কিছুমান স্থানীয় লোকো তাত থিয় হৈ আছে । ইমানেই ঠাণ্ডা যে সকলোৱে মূৰৰ পৰা ভৰিলৈকে উলৰ কাপোৰ, জেকেট, টুপী আদি পৰিধান কৰি আছে ।

জানিব পৰা মতে, প্ৰেমিকাগৰাকী আগ্ৰহী আছিল তুষাৰপাতৰ মাজত বিয়াত বহিবলৈ ৷ সেই বাবেই তেওঁলোক গুজৰাটৰ পৰা স্পীতিৰ মোৰাং গাঁৱত উপস্থিত হয় আৰু তাত এটা বিয়া মণ্ডপ সাজে ৷ মোৰাং গাঁও কাজাৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত, লাহৌল-স্পিতীৰ জিলা সদৰ । এই অঞ্চলটো সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 12 হাজাৰ ফুট উচ্চতাত আছে ৷ আজিকালি তুষাৰপাতো চলি আছে, যাৰ ফলত তাপমাত্ৰা মাইনাচ 25 ৰ পৰা 30 ডিগ্ৰীত উপনীত হৈছে । এই বিবাহৰ ভিডিঅ'টো এতিয়া ভাইৰেল হৈ পৰিছে।

কাজাত পোষ্ট কৰা জনসংযোগ বিভাগৰ সহকাৰী বিষয়া অজয় ​​বনিয়ালেও নিজৰ ছ’চিয়েল মিডিয়া পেজত এই ভিডিঅ’টো পোষ্ট কৰিছে ৷ অজয় বনিয়ালে কয়, "আজিকালি ডেষ্টিনেশ্যন ৱেডিং ট্ৰেণ্ডত আছে আৰু প্ৰেমিক যুগলে বিয়া পাতিবলৈ নতুন ঠাই বাছি লৈছে ।" স্পীতি উপত্যকাও বিয়াৰ গন্তব্যস্থানৰ বাবে উপযুক্ত স্থান আৰু গুজৰাটৰ দম্পতীটোৱেও এই স্থানতে যুগ্ম জীৱনৰ পাতনি মেলিলে ।"

মন কৰিবলগীয়া যে আজিকালি লাহৌল স্পীতিত বৰফ পৰাৰ বাবে জীৱন ব্যাহত হৈ পৰিছে । মানুহে ঘৰৰ পৰা খুব কমেইহে ওলাই যায় । বৰফ পৰাৰ বাবে উপত্যকাটোৰ তাপমাত্ৰা দিনক দিনে কমি আহিছে । এনে পৰিস্থিতিত দৈনন্দিন কামবোৰো প্ৰত্যাহ্বানতকৈ কম নহয় । এনে বতৰত এই স্থানত ডেষ্টিনেশ্যন ৱেডিঙৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে ।

লগতে পঢ়ক :উত্তৰাখণ্ডত প্ৰচণ্ড তুষাৰপাত; ব্যাহত স্বাভাৱিক জনজীৱন

ABOUT THE AUTHOR

...view details