নেশ্যনেল ডেস্ক,২৬ জানুৱাৰী :মহাৰাষ্ট্ৰৰ সমাজসেৱক শংকৰ বাবা পাপলকাৰক পদ্মশ্ৰী বঁটা প্ৰদানৰ ঘোষণা চৰকাৰৰ । অমৰাৱতীৰ ভাজাৰত থকা এখন আশ্ৰমৰ গৰাকী শংকৰ বাবা পাপলকাৰ । শংকৰ বাবা পাপলকাৰৰ আশ্ৰমত ১২৩ টা শিশু আছে । শংকৰ বাবা পাপলকাৰৰ এই আশ্ৰমত থকা শিশুসকল বিশেষভাৱে সক্ষম । কোনোৱাজন যদি অন্ধ, কোনোৱাজন আকৌ বিকলাঙ্গ আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত । তেওঁৰ কৰ্মক সন্মানিক কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদানৰ ঘোষণা কৰে ।
স্বৰ্গীয় অম্বাদাস পন্ত বৈদ্য মাটিমাণ্ড হৈছে সাতপুৰা পৰ্বতমালাৰ পাদদেশত অৱস্থিত ভাজাৰৰ সমীপৰ এখন সৰু গাঁৱত থকা আশ্ৰম । শংকৰ বাবা পাপলকাৰে বৃদ্ধ বয়সতো অনাথ আৰু বিশেষভাৱে সক্ষম শিশুসকলৰ যত্ন লোৱাত ব্যস্ত হৈ আছে ।
ভাজাৰৰ আশ্ৰমত থকা অনাথ শিশুসকলৰ যত্ন লোৱাৰ লগতে তেওঁলোকক নিজৰ ভৰিত থিয় দিয়াৰ বাবে সমৰ্থন দিয়াত ব্যস্ত হৈ আছে শংকৰ বাবা পাপলকাৰে । আনকি এতিয়ালৈকে আশ্ৰমৰ ৩০ গৰাকী শিশুক ডাঙৰ দীঘল কৰি বিয়া পাতি দিছে আৰু সমাজত পুনৰ্বাসিত কৰিছে । শংকৰ বাবা পাপলকাৰে নিজেই এই শিশুসকলৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ যত্ন লয়, দাঁত ব্ৰাছ কৰাৰ পৰা তেওঁলোকক গা ধোৱালৈকে, তেওঁলোকক শৌচাগাৰলৈ লৈ যোৱা ইত্যাদি সকলো কামতে তেওঁ সহায় কৰে । মানসিকভাৱে বিকাৰগ্ৰস্ত শিশুসকলৰ বাবে শংকৰ বাবা পাপলকাৰে যি কাম কৰে কোনো সাধাৰণ ব্যক্তিয়ে সেই কাম কৰিবলৈ সাহস নকৰে । যিসকলে তেওঁৰ সেৱা দেখিছে তেওঁলোকে পাপলকাৰক প্ৰশংসা কৰিছে ।
যোৱা ২৫ বছৰ ধৰি তেওঁ অনাথ, বিকলাঙ্গ আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত শিশুসকলৰ যত্ন লৈ আহিছে । এই শিশুসকলৰ জৰিয়তে তেওঁ আশ্ৰমখনত সেউজীয়া অৰণ্যৰো সৃষ্টি কৰিছে । ভাজাৰৰ এই অৰণ্যত চেগুন, আমলখি, ৰক্তচন্দন,সীতাফলকে ধৰি বিভিন্ন প্ৰকাৰৰ মূল্যৱান গছ আছে । শংকৰ বাবাই ভেষজ ফুল আৰু ফল বিক্ৰী কৰি এই আশ্ৰমৰ সন্তানৰ বাবে জীৱিকা অৰ্জন কৰিবলৈ চেষ্টা কৰি আছে ।