নেশ্যনেল ডেস্ক, 14 জুন : ধৰ্ষণ, নিৰ্যাতনৰ বিৰুদ্ধে দেশত কঠোৰ আইন বলবৎ কৰা হৈছে যদিও এতিয়াও বন্ধ হোৱা নাই এই ঘৃণনীয় অপৰাধ ৷ মানৱতাক ভৰিৰে মোহাৰি এতিয়াও দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে এনেধৰণৰ নিকৃষ্ট ঘটনা ৷ আনকি এইধৰণৰ ঘটনাৰ পৰা সাৰি নাযায় শিশু অথবা নাবালক-নাবালিকাও ৷ ইয়াৰ মাজতে দেশত পুনৰ সংঘটিত হৈছে আন এক লজ্জাজনক ঘটনা ৷
এইবাৰ নাতিনীয়েকক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে ককাদেউতাকৰ বিৰুদ্ধে ৷ ককাকৰ বিৰুদ্ধে বিশেষভাৱে সক্ষম নাতিনীয়েকক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ দেৱভূমি উত্তৰাখণ্ডৰ হৰিদ্বাৰ জিলাত সংঘটিত হৈছে এই পৈশাচিক ঘটনা ৷ হৰিদ্বাৰৰ পিৰাণ কলিয়াৰ থানাৰ অন্তৰ্গত এজন ককাকে নিজৰ বিশেষভাৱে সক্ষম নাতিনীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত অভিযুক্ত ককাকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷
তথ্য অনুসৰি বিগত 13 জুনত ভুক্তভোগীৰ ভাতৃয়ে পিৰাণ কলিয়াৰ থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ৷ এজাহাৰত অভিযোগকাৰীয়ে কয় যে ককাদেউতাকে তেওঁৰ বিশেষভাৱে সক্ষম ভগ্নীৰ সৈতে বলপূৰ্বক অসৎ কামত লিপ্ত হৈছিল ৷ অভিযোগকাৰীয়ে জনায় যে যোৱা 12 জুন, বুধবাৰে গভীৰ নিশা সম্পৰ্কীয় ককাদেউতাকে ভুক্তভোগীক নিজৰ ঘৰলৈ লৈ গৈছিল ৷ তাতেই অভিযুক্তই ভুক্তভোগীক ধৰ্ষণ কৰিছিল ৷ গাঁৱৰ একাংশ লোকে অভিযুক্তৰ এই ঘৃণনীয় কাণ্ড দেখি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷