নিউজ ডেস্ক, 18 ফেব্ৰুৱাৰী : দিল্লীলৈ কৃষকৰ পদযাত্ৰাৰ বাবে আম্বালাৰ শম্ভূ সীমান্তত উত্তেজনাৰ সৃষ্টি হোৱাৰ বিপৰীতে আনফালে কৃষক নেতাৰ সৈতে আলোচনা কৰি বিষয়টো সমাধানৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে ৷ যদিও এই পৰ্যন্ত তিনিটা পৰ্যায়ত বৈঠক হৈছে, তথাপিও সমস্যাটো এতিয়াও সমাধান হোৱা নাই ৷ এতিয়া এনে অৱস্থাত চতুৰ্থ পৰ্যায়ৰ বৈঠক কিছু সময়ৰ পিছত অনুষ্ঠিত হ’বলৈ গৈ আছে ৷ আশা কৰা হৈছে যে এই বৈঠকত হয়তো দুয়োটা পক্ষ একমতত উপনীত হ’ব আৰু সমস্যাটো সমাধান হ’ব ৷
এম এছ পি আৰু ঋণ ৰেহাইৰ ওপৰত আবদ্ধ :
এতিয়ালৈকে কৃষক নেতা আৰু চৰকাৰৰ মাজত তিনিটা পৰ্যায়ত আলোচনা হৈছে ৷ যেতিয়াই এই বৈঠক অনুষ্ঠিত হৈছিল তেতিয়াই আশা কৰা হৈছিল যে হয়তো এই সভাতে সমস্যাৰ সমাধান হ’ব আৰু বৈঠক শেষ হোৱাৰ পিছতে কিছু ভাল খবৰ শুনা যাব, কিন্তু সেয়া হৈ নুঠিল ৷ কোৱা হৈছে যে এম এছ পি আৰু ঋণ ৰেহাইৰ ক্ষেত্ৰত অচলাৱস্থা অব্যাহত আছে ৷ এনে পৰিস্থিতিত কৃষকসকলে শম্ভু সীমান্তত দিল্লীলৈ সমদল উলিয়াবলৈ অটল হৈ আছে ৷ নিৰাপত্তা বাহিনীয়ে তেওঁলোকক বাধা দিবলৈ চেষ্টা চলাইছে ৷
এতিয়া কিছু সময়ৰ পাছত চতুৰ্থ ৰাউণ্ডৰ আলোচনা :
অৱশ্যে ইতিবাচক পৰিৱেশত তিনি পৰ্যায়ৰ আলোচনা হৈছে ৷ প্ৰথম পৰ্যায়ৰ আলোচনা 8 ফেব্ৰুৱাৰীত হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ আলোচনা 4 দিনৰ পিছত 12 ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় ৷ ইয়াৰ পূৰ্বে কৃষকসকলে দিল্লীলৈ যাত্ৰা কৰে ৷ আনহাতে তৃতীয় পৰ্যায়ৰ আলোচনা 3 দিনৰ পিছত 15 ফেব্ৰুৱাৰীত হয় ৷ এতিয়া চতুৰ্থ পৰ্যায়ৰ বৈঠক আজি সন্ধিয়া 6 বজাত অনুষ্ঠিত হ’ব ৷ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ উপৰিও পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান প্ৰথম আৰু তৃতীয় বৈঠকত উপস্থিত আছিল যদিও ইয়াৰ পাছতো বিষয়টো সমাধান কৰিব পৰা নগ’ল ৷ ইফালে 15 ফেব্ৰুৱাৰীত অনুষ্ঠিত বৈঠকত কেন্দ্ৰীয় কৃষি মন্ত্ৰী অৰ্জুন মুণ্ডাই বৈঠকৰ পিছত কয় যে কৃষক সংগঠনৰ সৈতে অতি ইতিবাচক পৰিৱেশত আলোচনা কৰা হৈছিল ৷
সমাধানৰ আশা :
ইফালে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ সিং হুডাই আজিৰ আলোচনাত সমাধান সূত্ৰ ওলোৱাৰ লগতে চৰকাৰে নিশ্চিতভাৱে এম এছ পি সন্দৰ্ভত সিদ্ধান্ত ল’ব বুলি আশাবাদী বুলি মন্তব্য কৰিছে ৷