অসম

assam

ETV Bharat / bharat

অসমৰ বান পৰিস্থিতি সন্দৰ্ভত দিল্লীত গৃহমন্ত্ৰীক সাক্ষাৎ ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াৰ - Governor Kataria in Delhi

Governor Kataria Meets Key Ministers: নতুন দিল্লীত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে অসমৰ ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াই ৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিছিল কাটাৰিয়াই ।

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 11:26 AM IST

Updated : Jul 17, 2024, 12:01 PM IST

Governor Kataria Meets Key Ministers
অসমৰ বান পৰিস্থিতি সন্দৰ্ভত দিল্লীত গৃহমন্ত্ৰীক সাক্ষাৎ ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াৰ (BJP)

নেশ্যনেল ডেস্ক, 17 জুলাই:অসমৰ বান সমস্যা সন্দৰ্ভতপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পিছত অসমৰ ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াই নতুন দিল্লীত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে । উগ্ৰপন্থী সংগঠনৰ সৈতে হোৱা চুক্তিৰ পিচত অসমলৈ পুনৰ শান্তি ঘূৰাই অনাৰ বাবে গৃহমন্ত্ৰী শ্বাহৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে কাটাৰিয়াই ।

ৰাজ্যপাল কাটাৰিয়া আৰু গৃহমন্ত্ৰী শ্বাহৰ বৈঠকত বানাক্ৰান্ত অসমৰ জনসাধাৰণক পাৰ্যমানে সহায় আগবঢ়োৱা সন্দৰ্ভত আলোচনা হয় । উগ্ৰপন্থী সংগঠনৰ সৈতে হোৱা চুক্তিৰ পাচত অসমলৈ শান্তি ঘূৰি অহা প্ৰসংগ উত্থাপন কৰি কাটাৰিয়াই কয় যে অসমৰ বাসিন্দাসকল এতিয়া ব্যৱসায়িক দিশত আগবাঢ়িছে । কাটাৰিয়াই গৃহমন্ত্ৰী শ্বাহক ৰাজ্যখনৰ সীমান্তকেন্দ্ৰিক বিবাদ সমাধানৰ বাবেও আহ্বান জনায় ৷ গৃহমন্ত্ৰী শ্বাহে বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আইন-শৃংখলা অবিৰতভাৱে বজাই ৰখাৰ আশ্বাস প্ৰদান কৰে ।

অসমৰ লগতে ৰাজ্যপাল কাটাৰিয়াই গৃহমন্ত্ৰী শ্বাহৰ সৈতে ৰাজস্থানৰ সাম্প্ৰতিক ৰাজনীতি আৰু সমসাময়িক বিভিন্ন বিষয় সন্দৰ্ভতো আলোচনা কৰে । ৰাজ্যপাল কটাৰিয়াই মঙলবাৰে দিল্লীত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে । উদয়পুৰ-জয়পুৰ বন্দে ভাৰত ৰে’লৰ চলাচলৰ সময় সলনি কৰিবলৈ ৰে’ল মন্ত্ৰী বৈষ্ণৱক দাবী জনায় ৰাজ্যপাল কটাৰিয়াই ।

প্ৰতিৰক্ষা মন্ত্ৰী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ

ৰাজ্যপাল কটাৰিয়াই দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকো সাক্ষাৎ কৰি অসম আৰু মেৱাৰ ভ্ৰমণলৈ আমন্ত্ৰণ জনায় । ৰাজ্যপাল কটাৰিয়াই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে সমসাময়িক বিভিন্ন বিষয় সন্দৰ্ভত বহু আলোচনা কৰে ।

উল্লেখ কৰা প্ৰয়োজন যে, পানী কমিলেও ৰাজ্যত মাৰ যোৱা নাই বানৰ সংহাৰ ৷ শেহতীয়াকৈ লাভ কৰা তথ্য মতে, আহাৰমহীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যাই 96 ৰ ঘৰ অতিক্ৰম কৰিছে ৷ একেদৰে এই বানত বহু শিশুৰো মৃত্যু ঘটিছে ৷

লগতে পঢ়ক:ভাৰত-চীন সীমান্ত বিবাদৰ উৎপত্তি - India China Border Dispute

বানত বিধ্বস্ত কাজিৰঙা: 10 টা গঁড়সহ অতিকমেও 212 টা বন্যজীৱৰ প্ৰাণ হানি বানত - Assam Flood 2024

এতিয়াও বানৰ কবলত ১৭ খন জিলা; মৃতকৰ সংখ্যা ৯৬ জনলৈ বৃদ্ধি - Assam Flood 2024

ডাবল ইঞ্জিনৰ চৰকাৰতো বাদেই, অসমত ছিংগল ইঞ্জিনো নাই: জীতেন্দ্ৰ সিং - APCC in charge Jitendra Singh

Last Updated : Jul 17, 2024, 12:01 PM IST

ABOUT THE AUTHOR

...view details