নেশ্যনেল ডেস্ক,২৬ জানুৱাৰী :দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰ') অংশগ্ৰহণ কৰে । ইছৰ'ৰ প্ৰতীকপটৰ ওপৰত দেশবাসী দৃষ্টি নিবদ্ধ থাকিল । ইছৰ'ৱে প্ৰতীকপটত চন্দ্ৰযান-৩ৰ সফলতাক উপস্থাপন কৰাৰ প্ৰয়াস কৰে । যিটো উপস্থিত সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল ।
চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ ৰ সফল ছফ্ট লেণ্ডিঙৰ লগতে সূৰ্য অন্বেষণৰ বাবে ইছৰ'ৱে মহাকাশলৈ প্ৰেৰণ কৰা আদিত্য এল-১কো প্ৰতীকপটত উপস্থাপন কৰা হয় । ইফালে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ')ৰ বিভিন্ন অভিযানত মহিলা বিজ্ঞানীসকলৰ অংশগ্ৰহণো এই প্ৰতীকপটত প্ৰদৰ্শন কৰা হয় । ইয়াৰ জৰিয়তে ইছৰ'ৱে অহা বছৰ ভাৰতৰ প্ৰথম মানৱ মহাকাশ উৰণ সম্পন্ন কৰাৰ পৰিকল্পনাকো প্ৰদৰ্শনৰ প্ৰয়াস কৰিছে ।
এই প্ৰতীকপট উৎক্ষেপণ বাহন মাৰ্ক-৩ৰ এক আৰ্হি আছিল । যিয়ে শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰযান-৩ ক চন্দ্ৰলৈ লৈ গৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিৱ শক্তি পইণ্ট নাম দিয়া মহাকাশযানখনৰ চন্দ্ৰ অৱতৰণৰ স্থানটোও ইয়াত প্ৰদৰ্শন কৰা হৈছে ।