অসম

assam

ETV Bharat / bharat

95 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কে নটৱৰ সিঙৰ - NATWAR SINGH PASSES AWAY

Padma Vibhushan awardee K Natwar Singh dies: প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কে নটৱৰ সিঙৰ দেহাৱসান ৷ চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৷ মৃত্যুৰ সময়ত সিঙৰ বয়স আছিল 95 বছৰ ।

By PTI

Published : Aug 11, 2024, 9:09 AM IST

Minister Natwar Singh
প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কে নটৱৰ সিং (ETV Bharat)

নিউজ ডেস্ক, 11 আগষ্ট:দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত শনিবাৰে নিশা দেহাৱসান ঘটে প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কে নটৱৰ সিঙৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 95 বছৰ ।

বিগত দুসপ্তাহ ধৰি দিল্লীৰ সমীপৰ গুৰুগ্ৰামৰ মেদান্ত দ্য মেডিচিটি হাস্পতালত ভৰ্তি হৈ আছিল প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকী ৷ সিঙে চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰা বুলি পৰিয়ালৰ লোকে জনায় । 1929 চনৰ 16 মে’ত ৰাজস্থানৰ ভাৰতপুৰ জিলাত জন্মগ্ৰহণ কৰিছিল প্ৰয়াত সিঙে ।

প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কে নটৱৰ সিঙৰ মৃত্যুত শোকপ্ৰকাশ কৰি কয় যে, প্ৰয়াত সিঙে কূটনীতি আৰু বৈদেশিক নীতিৰ জগতখনলৈ আগবঢ়াইছে উল্লেখযোগ্য অৱদান ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে X যোগে কয়, "শ্ৰী নটৱৰ সিং জীৰ মৃত্যুত দুখ পাইছো । তেওঁ কূটনীতি আৰু বৈদেশিক নীতিৰ জগতখনলৈ চহকী অৱদান আগবঢ়াইছিল । বুদ্ধিমত্তাৰ লগতে লেখক হিচাপেও তেওঁ পৰিচিত আছিল । এই শোকৰ সময়ত তেওঁৰ পৰিয়াল আৰু অনুৰাগীৰ প্ৰতি মই মোৰ শোক প্ৰকাশ কৰিছো ৷ ওঁম শান্তি ।"

ৰণদীপ সুৰজেৱালাৰ শোকপ্ৰকাশ

প্ৰবীণ ৰাজনীতিবিদ ৰণদীপ সুৰজেৱালায়ো X যোগে প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এখন সুৰজেৱালাই দুখ প্ৰকাশ কৰি উল্লেখ কৰে, "প্ৰাক্তন বৈদেশিক মন্ত্ৰী নটৱৰ সিং জীৰ মৃত্যুৰ খবৰটো দুখজনক । ভগৱানে তেওঁৰ পৰিয়ালক এই ক্ষতি সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক আৰু তেখেতৰ বিদেহ আত্মাক শান্তি প্ৰদান কৰক ।"

ৰাজনৈতিক জীৱন

প্ৰয়াত সিং এজন প্ৰখ্যাত কূটনীতিবিদ, যিয়ে নিজৰ ৰাজনৈতিক কেৰিয়াৰৰ কূটনীতিৰ অভিজ্ঞতাৰে লিখি উলিয়াইছিল বহু গ্ৰন্থ ৷ এই গ্ৰন্থবোৰত ৰজা-মহাৰাজাৰ জীৱনৰ পৰা আৰম্ভ কৰি বৈদেশিক পৰিক্ৰমা ক্ষেত্ৰৰ সূক্ষ্মতা পৰ্যন্ত আদি বিভিন্ন বিষয়ে স্থান পাইছিল ।

প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে জীৱনকালত বহু সন্মানেৰে সন্মানিত হৈছিল ৷ জাতিটোৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে প্ৰাক্তন বৈদেশিক মন্ত্ৰীগৰাকীয়ে 1984 চনত লাভ কৰিছিল পদ্মভূষণ বঁটা ।

কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সিং তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নেতৃত্বত গঠিত ইউ পি এ চৰকাৰৰ সময়ত 2004-2005 বৰ্ষৰ বাবে ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আছিল ।

তেওঁ পাকিস্তানত ৰাষ্ট্ৰদূত হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আৰু 1966 চনৰ পৰা 1971 চনলৈকে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ কাৰ্যালয়ৰ সৈতে সংযুক্ত আছিল প্ৰয়াত সিং ।

সিঙে কেইবাখনো গ্ৰন্থও লিখি উলিয়াইছিল ৷ ইয়াৰ ভিতৰত অন্যতম আছিল, ‘দ্য লিগেচি অৱ নেহৰু: এ মেম’ৰিয়েল ট্ৰিবিউট’ আৰু ‘মাই চাইনা ডায়েৰী 1956-88’ । তেওঁৰ আত্মজীৱনীখন হৈছে 'ওৱান লাইফ ইজ নট এনাফ' ।

  • 1986 চনত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি ।
  • 1989 চনত কংগ্ৰেছৰ পৰাজয়ৰ পিছতো বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিচাপে অব্যাহত থাকে।
  • 1991 চনত পি ভি নৰসিংহ ৰাও প্ৰধানমন্ত্ৰী হোৱাৰ পিছত সিঙে এন ডি তিৱাৰী আৰু অৰ্জুন সিঙৰ সৈতে কংগ্ৰেছ এৰি নতুন দল অল ইণ্ডিয়া ইন্দিৰা কংগ্ৰেছ গঠন কৰে ।
  • 1998 চনত সিঙে আন দুগৰাকী নেতাৰ সৈতে কংগ্ৰেছ দললৈ উভতি আহে ।
  • 1998 চনত ভাৰতপুৰৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হৈছিল ।
  • 2002 চনত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল ।
  • 2004 চনত সিঙক বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল ।

লগতে পঢ়ক:চিমলা চুক্তিত কাশ্মীৰৰ কথা উল্লেখ কৰাটো ভুল আছিল: প্ৰাক্তন বৈদেশিক মন্ত্ৰী নটৱৰ সিং

বাংলাদেশত আছে প্ৰায় ১৯ হাজাৰ ভাৰতীয় : আছে ৯ হাজাৰ ভাৰতীয় শিক্ষাৰ্থী - Bangladesh Violence

১৪ দিন ধৰি চীনত আবদ্ধ ভাৰতীয় মাৰ্চেণ্ট নেভী বিষয়াৰ মৃতদেহ - INDIAN MERCHANT NAVY OFFICER DEATH

ABOUT THE AUTHOR

...view details