অসম

assam

দিল্লীৰ মছনদ পুনৰ দখলৰ লক্ষ্যৰে বিজেপিৰ নতুন ৰণনীতি

By ANI

Published : Feb 9, 2024, 7:58 AM IST

Updated : Feb 9, 2024, 8:52 AM IST

Bjp Strategy for 2024 : কেন্দ্ৰত কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এৰ অধীনত চলি থকা 10 বছৰীয়া শাসনকালত হোৱা বিত্তীয় অব্যৱস্থা সন্দৰ্ভত নিজৰ ‘শ্বেতপত্ৰ’ প্ৰস্তুত কৰিব বিজেপিয়ে ৷ প্ৰতিখন ৰাজ্যতে এই প্ৰতিবেদন দাখিল কৰিব ৷ সংসদৰ চলি থকা বাজেট অধিৱেশনৰ মাজতে বৃহস্পতিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইউপিএ চৰকাৰৰ বছৰবোৰত ৰাষ্ট্ৰীয় অৰ্থনীতিৰ অৱস্থা সন্দৰ্ভত এখন ‘শ্বেতপত্ৰ’ লোকসভাত দাখিল কৰে ।

Strategy
ত্তীয় অব্যস্থা সন্দৰ্ভত

নেশ্যনেল ডেস্ক, 9 ফেব্ৰুৱাৰী:দিল্লীৰ মছনদ পুনৰ দখলৰ লক্ষ্যৰে বিজেপিয়ে গ্ৰহণ কৰিছে বিশেষ ৰণনীতি ৷কেন্দ্ৰত কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এৰ অধীনত চলি থকা 10 বছৰীয়া শাসনকালত হোৱা বিত্তীয় অব্যৱস্থা সন্দৰ্ভত নিজৰ ‘শ্বেতপত্ৰ’ লৈ বিজেপিয়ে প্ৰতিখন ৰাজ্যতে এই প্ৰতিবেদন দাখিল কৰিব, য’ত পূৰ্বৰ শাসকীয় মিত্ৰজোঁটে দেশত কেনেদৰে আৰ্থিক দুৰ্দশাৰ সৃষ্টি কৰিছিল আৰু দুৰ্নীতিত লিপ্ত হৈছিল সম্বন্ধীয় তথ্য উল্লেখ থাকিব ।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ এক শীর্ষ সূত্রই কয় যে লোকসভা নির্বাচন ওচৰ চাপি অহাৰ লগে লগে কংগ্রেছ নেতৃত্বাধীন ইউপিএৰ বিৰুদ্ধে কেন্দ্রৰ ‘শ্বেতপত্ৰ’ খন ৰাজ্যৰ নেতাসকলে সংবাদমেল, নুক্কাদ সভা আদি মঞ্চৰ জৰিয়তে ৰাইজৰ মাজলৈ লৈ যাব ৷ সূত্ৰটোৱে লগতে কয় যে লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে নিজৰ কৌশল আৰু নিৰ্বাচনী ৰ’ডমেপ দৃঢ় কৰি তুলিছে ।

সংসদৰ চলি থকা বাজেট অধিৱেশনৰ মাজতে বৃহস্পতিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইউপিএ চৰকাৰৰ বছৰবোৰত ৰাষ্ট্ৰীয় অৰ্থনীতিৰ অৱস্থা সন্দৰ্ভত এখন ‘শ্বেতপত্ৰ’ লোকসভাত দাখিল কৰে । শুকুৰবাৰে নিম্ন সদনত সীতাৰমণে ‘শ্বেতপত্ৰ’ সন্দৰ্ভত আলোচনাৰ বাবে এটা প্ৰস্তাৱ দাখিল কৰিব বুলি জানিব পৰা গৈছে ৷

বিজেপি নেতৃত্বাধীন এন ডি এৰ ‘শ্বেতপত্ৰ’ত উল্লেখ কৰা হৈছে যে 2014 চনত বিজেপি নেতৃত্বাধীন চৰকাৰখন ক্ষমতালৈ অহাৰ সময়ত অৰ্থনৈতিক অৱস্থা ভংগুৰ আছিল, ৰাজহুৱা বিত্তৰ অৱস্থা বেয়া আছিল, অৰ্থনৈতিক দুৰ্ব্যৱস্থাপনা আৰু আৰ্থিক অনুশাসনহীনতাৰ লগতে ব্যাপক দুৰ্নীতি হৈছিল ৷ প্ৰায় 60 পৃষ্ঠাৰ ‘শ্বেতপত্ৰ’ত উল্লেখ কৰা হৈছে যে বেংকিং সংকট হৈছে “ইউপিএ চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু কুখ্যাত উত্তৰাধিকাৰ ।"

ইয়াৰ উপৰিও কাকতখনত বৰ্তমানৰ চৰকাৰখনে ৰাজনৈতিক পইণ্ট লাভ কৰাত নহয়, ‘ৰাষ্ট্ৰ-প্ৰথম’ত বিশ্বাস কৰে উল্লেখ কৰা হৈছে । শ্বেতপত্ৰখনত কোৱা হৈছে, "এতিয়া যেতিয়া আমি অৰ্থনীতিক সুস্থিৰ কৰি তুলিছো আৰু ইয়াক পুনৰুদ্ধাৰ আৰু বৃদ্ধিৰ পথত থিয় কৰাইছো, তেতিয়া ইউপিএ চৰকাৰে উত্তৰাধিকাৰ হিচাপে এৰি থৈ যোৱা আপাত দৃষ্টিত অতিক্ৰম কৰিব নোৱাৰা প্ৰত্যাহ্বানসমূহ ৰাজহুৱা হোৱাটো প্ৰয়োজনীয় ।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত কয় যে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে কমেও 370 খন আসন লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট চমুকৈ NDA য়ে 400 ৰ সীমা অতিক্ৰম কৰিব ।

লগতে পঢ়ক:ৰাজ্যসভাৰ সাংসদৰ বিদায় ভাষণত মনমোহন সিঙক প্ৰশংসা মোদীৰ

Last Updated : Feb 9, 2024, 8:52 AM IST

ABOUT THE AUTHOR

...view details