নেশ্যনেল ডেস্ক, 17 জুলাই:দিল্লী উচ্চ ন্যায়ালয়ে সুৰানীতি কেলেংকাৰীৰ গোচৰত চিবিআইৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আবেদনৰ শুনানি বুধবাৰে গ্ৰহণ কৰিব ৷ লগতে মুখ্যমন্ত্ৰী কেজৰিৱালৰ জামিন আবেদনৰো শুনানি গ্ৰহণ কৰা হ’ব । মহৰমৰ বন্ধৰ মাজতে ন্যায়াধীশ নীনা বংশাল কৃষ্ণৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব । 2 জুলাইত উচ্চ ন্যায়ালয়ে আবেদনৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে চিবিআইক জাননী জাৰি কৰিছিল ।
উল্লেখ্য যে, ইডি গোচৰত অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছে । আজি পুৱা 10.30 বজাত চিবিআই সম্পৰ্কীয় গোচৰৰ শুনানি অনুষ্ঠিত হোৱাৰ ।
বিগত 26 জুনত ৰাউজ এভিনিউ আদালতে কেজৰিৱালক তিনিদিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰিছিল । ৰাউজ এভিনিউ আদালতৰ কৰ্তব্য ন্যায়াধীশ অমিতাভ ৰাৱটে কৈছিল যে কেজৰিৱালক চিবিআইয়ে গ্ৰেপ্তাৰ কৰাটো অবৈধ নহয় । 29 জুনত চিবিআইয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত কেজৰিৱালক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ।
21 মাৰ্চৰ সন্ধিয়া অৰবিন্দ কেজৰিৱালক জেৰা কৰি ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল । 10 মে’ত উচ্চতম ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালক লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে 1 জুনলৈকে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰি 2 জুনত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল । 2 জুনত আত্মসমৰ্পণ কৰিছিল কেজৰিৱালে । 21 জুনত ৰাউজ এভিনিউ আদালতে ইডিৰ গোচৰত কেজৰিৱালক নিয়মীয়া জামিন প্ৰদান কৰিছিল ৷ এই গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে স্থগিতাদেশ দিছিল । ইডি গোচৰত উচ্চতম ন্যায়ালয়ে 12 জুলাইত কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল ।