ভুৱনেশ্বৰ :মাত্ৰ এটা দিন পূৰ্বে ঘূৰ্ণীবতাহ 'ডানা'ই খুন্দা মাৰিছিল ওড়িশাৰ উপকূলত । যাৰ ফলত উপকূলীয় জিলাসমূহত বিস্তৰ ক্ষতি হোৱা দেখা গৈছে । চৰকাৰ তথা প্ৰশাসনে ক্ষয়-ক্ষতিৰ মূল্যায়ন অব্যাহত ৰাখিছে । যাতায়ত আৰু যোগাযোগ ব্যৱস্থা পুনৰুদ্ধাৰ কৰাৰ লগতে আশ্ৰয় শিবিৰৰ পৰা লোকসকলক ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে ।
তাৰ মাজতে আন এক সংকটে দেখা দিছে ওড়িশাত । ঘূৰ্ণীবতাহ 'ডানা'ৰ ফলত ৰাজ্যখনৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছিল । যাৰ বাবে একাংশ নৈত জলস্তৰ বৃদ্ধি পাইছে । ফলস্বৰূপে কিছুমান অঞ্চল প্লাৱিত হৈছে । একেদৰে কিছু কিছু অঞ্চলত বানৰ আশংকা কৰা হৈছে ।
ঘূৰ্ণীবতাহ 'ডানা'ৰ প্ৰভাৱ
মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে এই সন্দৰ্ভত কয় যে কিছুমান অঞ্চল প্লাৱিত হোৱা দেখা গৈছে আৰু বুধাবালাং নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত অধিক অঞ্চল প্লাৱিত হোৱাৰ আশংকা কৰা হৈছে । যাৰ বাবে ওড়িশা চৰকাৰে বালাচোৰ আৰু ময়ূৰভঞ্জ জিলাত লোকসকলক স্থানান্তৰৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিছে ।
তেওঁ কয় যে বালাচোৰ জিলাৰ লাভমুনা আৰু বালাচোৰ সদৰ খণ্ডৰ ৬ খন গাঁও পঞ্চায়তৰ অধীনৰ ২০ খন গাঁও ইতিমধ্যে বানৰ কৱলত পৰিছে । অৱশ্যে ক্ষিপ্ৰতাৰে লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰৰ অভিযান চলি আছে ।
উত্তৰ ওড়িশাত বান
উল্লেখ্য যে, ঘূৰ্ণীবতাহৰ ফলত ময়ূৰভঞ্জ জিলাৰ চিমিলিপাল পাহাৰত ধাৰাসাৰ বৰষুণৰ ফলত বুধাবালাং নদীত বান পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি মাঝিয়ে কয় যে আৱাসীসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে আৰু আশ্ৰয় শিবিৰত আহাৰ আৰু আন আন প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা হৈছে ।
ইফালে মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়ালৈকে ১০,৫০০ গৰাকী লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে । ইয়াৰ ভিতৰত ২,৫০০ গৰাকী ৰেমুনাৰ আৰু ৮,০০০ গৰাকী বালাচোৰৰ । জলসম্পদ বিভাগৰ বিষয়াসকলে কয় যে ময়ূৰভঞ্জ জিলাৰ বেতানাটি খণ্ডৰ বুধাবালাং নদীৰ সমীপৰ গাঁওসমূহ বানৰ কবলত পৰিছে ।
একেদৰে ধাৰাসাৰ বৰষুণৰ ফলত ভদ্ৰক জিলাৰ ধামনগৰ অঞ্চলৰ বহু গাঁৱ প্লাৱিত হৈছে । ভদ্ৰক জিলাত কাপালি আৰু ৰেবা নদীৰ প্ৰকোপ বৃদ্ধি পাইছে আৰু ভদ্ৰক-আৰাদি পথত তিনি ফুটৰ ওপৰেৰে পানী বৈ আছে ।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা মতে এনডিআৰএফ, ওডিআৰএএফ, অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ উদ্ধাৰকাৰী দলৰ উপৰিও ৰাজ্য চৰকাৰে পঞ্চায়তৰ কৰ্মী আৰু বিষয়াসকলকো স্থানান্তৰ অভিযানত নিয়োজিত কৰিছে । মুখ্যমন্ত্ৰী মাঝিয়ে লগতে কয় যে বালাচোৰ আৰু ময়ূৰভঞ্জ জিলা প্ৰশাসনক স্থানান্তৰ আৰু উদ্ধাৰ অভিযান ত্বৰান্বিত কৰিবলৈ বৈদ্যুতিক নাও প্ৰদান কৰা হৈছে ।
মুখ্যমন্ত্ৰীয়ে কয়, "চৰকাৰে নিৰন্তৰ বান পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু মই লোকসকলক আতংকিত নহ'বলৈ অনুৰোধ জনাইছো কিয়নো ইয়াৰ মোকাবিলাৰ বাবে সকলো প্ৰচেষ্টা কৰা হৈছে ।"
মুখ্যমন্ত্ৰীয়ে কয় যে কেন্দ্ৰপাৰা, ভদ্ৰক আৰু বালাচোৰ এই ৩ খন জিলা ঘূৰ্ণীবতাহ 'ডানা'ৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে । জিলাসমূহত বহু খেতিপথাৰত শস্য নষ্ট হোৱাৰ লগতে আৰু বিদ্যুৎ যোগান ব্যাহত হৈছে ।
লগতে পঢ়ক :ঘূৰ্ণীবতাহ ডানাৰ প্ৰভাৱ; পশ্চিমবংগত ৪ জনৰ মৃত্যু, ওড়িশাত বিস্তৰ ক্ষতি