নেশ্যনেল ডেস্ক, 31 মাৰ্চ:ইডিয়ে সন্দেশখালীৰ অভিযুক্ত এতিয়া নিলম্বিত টিএমচিৰ নেতা শ্বাহজাহান শ্বেখক ভূমি দখল গোচৰৰ সন্দৰ্ভত জেৰা কৰে । ইডিৰ সূত্ৰই জানিবলৈ দিয়া মতে শ্বাহজাহানে পশ্চিমবংগৰ সন্দেশখালী অঞ্চলৰ কেইবাখনো মাটি বলপূৰ্বকভাৱে দখল কৰাৰ অভিযোগ উত্থাপন হৈছে ।
ইডিয়ে মিছামাছ আমদানি আৰু ৰপ্তানি ব্যৱসায়তো বহুতো অবৈধ বিত্তীয় লেনদেনৰ তথ্য লাভ কৰে বুলি জনায় । ইডিয়ে তেওঁৰ বিৰুদ্ধে দুটা এনফ’ৰ্চমেণ্ট কেছ ইনফৰ্মেশ্যন ৰিপ’ৰ্ট (ইচিআইআৰ) দাখিল কৰে । এটা ই আৰ আই চি ৰেচন (পি ডি এছ) দুৰ্নীতিৰ সন্দৰ্ভত আছিল, যাৰ উৎস বংগৰ প্ৰাক্তন খাদ্য মন্ত্ৰী জ্যোতিপ্ৰিয়ৰ্য মল্লিকে লিখা এখন পত্ৰত পোৱা গৈছিল ।
আনটো ৰপ্তানি-আমদানি ব্যৱসায়ৰ অবৈধ লেনদেনৰ সন্দৰ্ভত দাখিল কৰা হৈছিল । এই ইচিআইআৰত বলপূৰ্বকভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ আছে । ইডিৰ সূত্ৰ অনুসৰি শনিবাৰে শ্বাহজাহানক ভূমি দখলৰ অভিযোগৰ সৈতে জড়িত দ্বিতীয় ইআৰচিত জেৰা কৰা হয় ।