নেশ্যনেল ডেস্ক, ২৩ মাৰ্চ : দিল্লী চৰকাৰৰ বিধায়ক গুলাব সিং যাদৱৰ কেইবাটাও স্থানত ED দলে অভিযান অব্যাহত ৰাখিছে । শুকুৰবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক শুকুৰবাৰে ৰাউজ এভিনিউ আদালতে ৬ দিনীয়া ইডি ৰিমাণ্ডলৈ প্ৰেৰণ কৰে । ইয়াৰ পিচতে আজি (শনিবাৰ) ED য়ে বিশেষ তৎপৰতা গ্ৰহণ কৰা পৰিক্ষিত হৈছে ।
গুলাব সিং যাদৱৰ বিৰুদ্ধে ২০২২ চনৰ নৱেম্বৰ-ডিচেম্বৰত পৌৰ নিগমৰ নিৰ্বাচনত তেওঁৰ বিধানসভা সমষ্টিৰ ৱাৰ্ডসমূহৰ পৰা পৌৰ পৰিষদৰ টিকট দিয়াৰ পৰিৱৰ্তে ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছিল । আম আদমি পাৰ্টীৰ পৰা পৌৰ পৰিষদৰ বাবে টিকট বিচৰা এজন প্ৰাৰ্থীয়েও টিকট নোপোৱাৰ পিচত নিৰ্বাচনী প্ৰচাৰৰ সময়ত এক নিৰ্বাচনী ৰেলীত গুলাব সিং যাদৱক আক্ৰমণ কৰিছিল আৰু তেওঁক ৰেলীৰ সময়তে আক্ৰমণ কৰিছিল ।
এই আক্ৰমণৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল । সেই সময়ত গুলাব সিং যাদৱ বিতৰ্ক আৱৰ্তত সোমাই পৰিছিল । গুলাব সিং যাদৱ হৈছে আম আদমি পাৰ্টীৰ টিকটত মাটিয়ালাৰ পৰা দ্বিতীয়বাৰৰ বাবে বিধায়ক । ২০১৫ চনত প্ৰথমবাৰৰ বাবে বিধায়ক হৈছিল গুলাব সিং যাদৱ । আনহাতে ২০২০ চনত দ্বিতীয়বাৰৰ বাবে তেওঁ নিৰ্বাচনত জয়ী হৈছিল ।