অসম

assam

ETV Bharat / bharat

দীপাৱলী সমাগত; আপোনাৰ পদুলি পোহৰাবলৈ সাজু গোবৰৰ দ্বাৰা নিৰ্মিত চাকি

Cow dung diyas : এইবাৰৰ দীপাৱলীত কেনেকৈ পোহৰাব আপোনাৰ ঘৰখন ? বিভিন্ন ৰং-বিৰঙী লাইটৰ সলনি এইবাৰ গোবৰ্ধনে লৈ আনিছে এক বিশেষ চাকি ৷

Cow dung diyas
সমাগত পোহৰৰ উৎসৱ দীপান্বিতা (ETV Bharat)

By ETV Bharat Lifestyle Team

Published : 4 hours ago

জম্মু :সমাগত পোহৰৰ উৎসৱ দীপান্বিতা ৷ সমগ্ৰ ৰাজ্য তথা দেশ মাটিৰ চাকিৰ পোহৰে আলোকিত হ’ব ৷ অৱশ্যে আধুনিকতাৰ ধামখুমীয়াত আজিকালি বিভিন্ন বৈদ্যুতিক লাইট ব্যৱহাৰ কৰা দেখা যায় ৷ দীপান্বিতাৰ বাবে ৰাজ্য তথা দেশৰ মাটিৰ চাকি নিৰ্মাতা কুমাৰ তথা মৃৎশিল্পীসকল (Potter) ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷

পিছে আপুনি বাৰু ভাবিছেনে, গৰুৰ গোবৰ ব্যৱহাৰ কৰিও যে পৰিৱেশ অনুকূল মাটিৰ চাকি তৈয়াৰ কৰিব পাৰি ৷ হয়, আপুনি ঠিকেই শুনিছে গৰুৰ গোবৰৰ চাকি এইবাৰ দীপাৱলীৰ বজাৰত উপলব্ধ হ’ব ৷ যদিহে আপুনিও ভাবিছে এইবাৰ দীপাৱলীত পৰিৱেশ অনুকূল গৰুৰ গোবৰৰ চাকি ব্যৱহাৰ কৰিব বুলি তেন্তে যাব লাগিব গোবৰ্ধনৰ (Gobardhan) কাষলৈ ৷

গোবৰ্ধনৰ গোবৰৰ চাকিৰে আলোকিত হ’ব ৰাজ্য (ETV Bharat)

এতিয়া হয়তো আপোনাৰ মনলৈ প্ৰশ্ন উদয় হৈছে - কোন এই গোবৰ্ধন ৷ প্ৰকৃততে গোবৰ্ধন হৈছে জম্মুৰ এটা মহিলা আত্মসহায়ক গোট ৷ এই আত্মসহায়ক গোটৰ মহিলাসকলে এইবাৰৰ দীপাৱলী উদযাপনৰ বাবে গৰুৰ গোবৰ ব্যৱহাৰ কৰি পৰিৱেশ অনুকূল চাকি তৈয়াৰ কৰিছে ৷ লগতে ইয়াৰ সমান্তৰালকৈ বহনক্ষম পদ্ধতিৰ প্ৰচাৰৰ বাবে সদস্যসকলে যৎপৰোনাস্তি চেষ্টা কৰা পৰিলক্ষিত হৈছে ।

গোবৰ্ধনৰ গোবৰৰ চাকি (ETV Bharat)

গোবৰ্ধন গোটৰ সদস্য লাভলী দেৱীয়ে ইটিভি ভাৰতক উল্লেখ কৰা মতে, গৰুৰ গোবৰৰ পৰা তৈয়াৰ কৰা হৈছে এই বিশেষ চাকি, যাতে পৰিৱেশ অনুকূলতা বৰ্তি থাকে ৷ তেওঁ কয়, "আমি প্ৰথমতে গৰুৰ গোবৰৰ পিঠাসদৃশ আকৃতি বনাওঁ ৷ পানী আৰু মাটি গুৰি কৰি তাত মিহলি কৰি দিওঁ আৰু তাৰ পিছতহে চাকিবোৰ বনাওঁ ৷" লগতে তেওঁ কয় যে গৰুৰ গোৱৰৰ চাকিবোক জুইত পুৰি দিয়াৰ পৰিৱৰ্তে ৰ'দত শুকুৱা হয় ।

গোবৰৰ চাকি (ETV Bharat)

সহযোগী সদস্যা বংশিকা ঠাকুৰে গৰুৰ গোবৰৰ সাংস্কৃতিক তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি কয়, "আমাৰ বিশ্বাস অনুসৰি গৰুৰ গোবৰ পবিত্ৰ ৷ সেয়ে এই চাকিবোৰ গোবৰেৰে তৈয়াৰ কৰা হৈছে । এই চাকিবোৰ অত্যন্ত লঘু আৰু পৰিৱেশ অনুকূল ৷ সেয়া ইয়াৰ জৰিয়তে আন সকলকো এইবোৰ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হৈছে ।"

পৰিৱেশ অনুকূল মাটিৰ চাকি তৈয়াৰ (ETV Bharat)

গোবৰ্ধনৰ প্ৰতিষ্ঠাপক ৰজত সালগোত্ৰাই (Rajat Salgotra) আঙুলিয়াই দিয়ে যে গৰুৰ গোবৰ ব্যৱহাৰ কৰি তৈয়াৰ কৰা এই চাকিবোৰ কেৱল পৰিৱেশ উপকাৰিতাৰ প্ৰতি সজাগতা সৃষ্টি কৰাই নহয়, স্বাস্থ্যজনিত সমস্যাও হোৱাটো বাধা দিয়ে ৷

গোবৰ্ধনৰ গোবৰৰ চাকিৰে আলোকিত হ’ব ৰাজ্য (ETV Bharat)

এই চাকিসমূহ নিৰ্মাণ কৰি গোটটোৱে আত্মনিৰ্ভৰশীলতা আৰু বহনক্ষম পদ্ধতিসমূহ গঢ়ি তোলাৰ লক্ষ্য লৈছে ৷ যিয়ে সম্প্ৰদায় আৰু পৰিৱেশ উভয়কে উপকৃত কৰিব বুলি বিশ্বাস কৰিছে ।

লগতে পঢ়ক :ইমান সহজ ৰেচিপি! দীপাৱলীত ঘৰতে এই পদ্ধতিৰে তৈয়াৰ কৰক মতিচূড় লাৰু

ABOUT THE AUTHOR

...view details