নতুন দিল্লী : কুঁৱলীৰ প্ৰভাৱ অব্যাহত আছে দিল্লীকে ধৰি সমগ্ৰ উত্তৰ ভাৰতত । বিশেষকৈ বিগত কিছুদিনত ৰাজধানী দিল্লী আৰু এন চি আৰত কুঁৱলীয়ে ব্যাহত কৰিছে স্বাভাৱিক জীৱন যাত্ৰা । লগতে হিমশীতল ঠাণ্ডাই জোকাৰি গৈছে দিল্লীবাসীক । আনহাতে, প্ৰভাৱিত হৈছে বিমান সেৱাও ।
ঘন কুঁৱলীৰ বাবে শুকুৰবাৰে পুৱা দিল্লী বিমানবন্দৰত ১০০ তকৈও অধিক বিমান চলাচলত বিলম্ব হয় । ঘন কুঁৱলীৰ ফলত দৃশ্যমানতা অতি কম হোৱাৰ ফলত বিমান সেৱা কাৰ্যকলাপ প্ৰভাৱিত হয় । ইণ্ডিগোৱে পুৱা 5.04 বজাত X-ৰ এটা পোষ্টত যাত্ৰীসকলক বিমানবন্দৰলৈ যোৱাৰ পূৰ্বে বিমানৰ সময়ৰ স্থিতিৰ বিষয়ে আগতীয়াকৈ খবৰ ৰাখিবলৈ জনায় ।
"ঘন কুঁৱলীৰ বাবে বিমান প্ৰস্থানৰ ওপৰত প্ৰভাৱ পৰিছে । অৱশ্যে চি এ টি 3 কম্প্লায়েণ্ট বিমানবোৰে দিল্লী বিমানবন্দৰৰ পৰা প্ৰস্থান আৰু অৱতৰণ কৰিবলৈ সক্ষম হয় ।" বিমানবন্দৰ অপাৰেটৰ ডি আই এ এলে পুৱা 5.52 বজাত X-ৰ এটা পোষ্টত কয় ।