দিল্লী :অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে সষ্টম দিল্লী আৰক্ষী । অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে অভিযান চলাই দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৮ বাংলাদেশী নাগৰিকক । দিল্লীৰ দক্ষিণ পশ্চিম জিলাৰ বসন্ত কুঞ্জ দক্ষিণ আৰক্ষী থানাৰ দ্বাৰা অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ বাবে চলোৱা এক বিশেষ অভিযানত বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্যালয়ৰ জৰিয়তে ৮ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰি বাংলাদেশলৈ প্ৰেৰণ কৰা হয় । আটাইকেইজনে বাস কৰিছিল দিল্লীৰ ৰংপুৰীত ।
এই অভিযানটো দক্ষিণ পশ্চিম জিলা আৰক্ষীৰ দ্বাৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে এক বৃহত্তৰ অভিযানৰ অংশ আছিল । অভিযানটোৰ নেতৃত্ব দিছিল ইন্সপেক্টৰ ৰতন সিঙে, য'ত আন আৰক্ষীসকলেও বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । আৰক্ষীৰ দলটোৱে মুঠ ৪০০ টা পৰিয়ালৰ নথিপত্ৰ পৰীক্ষা কৰাৰ পিছত সন্দেহজনক লোকৰ মেনুৱেল তদন্ত কৰিবলৈ পশ্চিমবংগলৈ এটা বিশেষ দল প্ৰেৰণ কৰা হৈছিল ।
জেৰাত পোহৰলৈ আহিল প্ৰকৃত সত্য: