অসম

assam

ETV Bharat / bharat

দিল্লীৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী আবাসত তলা; ক’ত থাকিব আতিশী ?

Delhi CM residence sealed: মুখ্যমন্ত্ৰীৰ বাসগৃহ খালী কৰিবলগীয়া হ’ল আতিশী মাৰ্লেনাই ৷ বিজেপিৰ কথা মতেই লেঃ গৱৰ্ণৰে এই নিৰ্দেশ দিয়াৰ অভিযোগ আপৰ ৷

By ETV Bharat Assamese Team

Published : 5 hours ago

Delhi CM residence sealed
দিল্লীৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী আবাসত তলা (PTI)

নিউজ ডেস্ক, 9 অক্টোবৰ:দিল্লীৰ চিভিল লাইনত থকা মুখ্যমন্ত্ৰীৰ বাসগৃহ ছীল । চৰকাৰী গৃহ নিৰ্মাণৰ অবৈধ নিৰ্মাণ আৰু উচ্ছেদ প্ৰক্ৰিয়া সঠিকভাৱে সম্পূৰ্ণ নকৰাৰ বিৰুদ্ধে বুধবাৰে PWD বিভাগে এই ব্যৱস্থা গ্ৰহণ কৰে । চৰকাৰী ঘৰৰ মূল গেটতো দুটা তলা লগোৱা হৈছে । একে সময়তে ভিজিলেন্স বিভাগেও প্ৰৱেশ ৰঞ্জন ঝাকে ধৰি তিনিজন বিষয়াক জাননী দি উত্তৰ বিচাৰিছে ।

পিটিআইৰ মতে, বুধবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰি অভিযোগ কৰে যে চিভিল লাইনৰ ৬ নং ফ্লেগষ্টাফ ৰোডত থকা ‘দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহ’ বিজেপিৰ নিৰ্দেশত বলপূৰ্বকভাৱে খালী কৰা হৈছে ৷ কিয়নো লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই এজন বিজেপি নেতাক এই ঘৰটো আৱণ্টন দিয়াৰ পৰিকল্পনা কৰিছিল ।

বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে যে দিল্লীৰ মুখ্যমন্ত্রী আতিশীৰ সা-সামগ্রীও তেওঁৰ পূর্বৰ অৰবিন্দ কেজৰিৱালে বাস কৰা বাসগৃহৰ পৰা আঁতৰাই নিয়া হৈছে ৷ কিন্তু এই অভিযোগৰ সন্দৰ্ভত লেফটেনেণ্ট গৱৰ্ণৰৰ অফিচ বা বিজেপিয়ে কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া দিয়া নাই ।

লেফটেনেণ্ট গৱৰ্ণৰক লক্ষ্য কটাক্ষ আপৰ: আম আদমী পাৰ্টিয়ে এই কাৰ্যক লৈ লেফটেনেণ্ট গৱৰ্ণৰক লক্ষ্য কৰি লৈছে । আপে কয় যে লেফটেনেণ্ট গৱৰ্ণৰৰ নিৰ্দেশ অনুসৰি পি ডব্লিউ ডিয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে । আতিশীৰ সকলো বস্তু উলিয়াই দিয়া হৈছে । ইয়াৰ পূৰ্বে আপে অভিযোগ কৰিছিল যে কৰ্তৃপক্ষৰ হেঁচাত আতিশীক চৰকাৰী বাংলো আৱণ্টন দিয়া হোৱা নাই, আনহাতে কেজৰিৱালে বহু আগতেই বাংলো খালী কৰিছিল । দিল্লীৰ এই ধৰণৰ পৰিস্থিতি আমি যিকোনো মূল্যৰ বিনিময়ত মানি ল’ব নোৱাৰো ।

উল্লেখ্য যে, অৰবিন্দ কেজৰিৱালে যোৱা ৯ বছৰে চৰকাৰী বাংলোত বাস কৰিছিল যদিও শেহতীয়াকৈ তেওঁ পদৰ পৰা পদত্যাগ কৰিছিল, তাৰ পিছত নিয়ম অনুসৰি ঘৰ খালী কৰিবলগীয়া হৈছিল ।

আতিশীয়ে যথাযথ বিভাগীয় ব্যৱস্থাৰ অন্তত বাংলোটো পাব: লেফটেনেণ্ট গৱৰ্ণৰ সচিবালয় সূত্ৰৰ পৰা জানিব পৰা মতে, আন সকলো মুখ্যমন্ত্ৰীৰ বাসগৃহৰ দৰে এই ঘৰৰ মালিকো PWD বিভাগ । এই বিভাগটোৱেই ঘৰটো খালী হ’লে দখল কৰি পৰীক্ষা কৰি তাৰ পাচত যথাযথভাৱে আৱণ্টন দিয়ে । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ঘৰটো খালী কৰে যদিও ঘৰটোৰ দখল PWD ক নিদিলে । কি লুকুৱাই ৰাখিছিল তেওঁলোকে ? এই ঘৰটো এতিয়াও মুখ্যমন্ত্ৰী আতিশীক আৱণ্টন দিয়া হোৱা নাই । তেওঁৰ আৱণ্টিত বাসগৃহ এতিয়াও ১৭ এ বি মথুৰা ৰোড । ঘৰ দুটা কেনেকৈ আৱণ্টন পালে ?

আতিশিয়ে নিজেই সেই ঘৰত আৱণ্টন নোহোৱাকৈ নিজৰ বস্তুবোৰ ৰাখিছিল আৰু তাৰ পাচত নিজেই তাৰ পৰা আঁতৰাই আনিছিল । যথাযথ বিভাগীয় ব্যৱস্থা লোৱাৰ পাচত এই বাংলো তৎক্ষণাত মুখ্যমন্ত্রীক আৱণ্টন দিয়া হ’ব ৷ অৱশ্যে চিভিল লাইনত অৱস্থিত এই ৬ নং ফ্লেগ ষ্টাফ বাংলো মুখ্যমন্ত্ৰীৰ বাসগৃহ নহয় বুলি বিবৃতিটোত প্ৰকাশ ৷

লগতে পঢ়ক:13 টা বিভাগ নিজৰ লগত ৰাখি দিল্লী শাসনৰ চকা ঘূৰালে আতিশীয়ে - Atishi Marlena Delhi CM

ABOUT THE AUTHOR

...view details