অসম

assam

ETV Bharat / bharat

দশম আৰু দ্বাদশ শ্ৰেণীৰ বাহিৰে দিল্লীত সকলোৰে স্কুল বন্ধ - DELHI AIR QUALITY

দিল্লীৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি লোৱা বহু সিদ্ধান্ত । দিল্লীত দশম আৰু দ্বাদশ শ্ৰেণীৰ বাহিৰে কোনো শিক্ষাৰ্থীয়ে আহিব নালাগে বিদ্যালয়লৈ ৷

Delhi Air quality
দিল্লীৰ প্ৰদূষণ (ANI)

By ETV Bharat Assamese Team

Published : Nov 18, 2024, 11:04 AM IST

নতুন দিল্লী :ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে ৰাজধানী দিল্লীৰ পৰিৱেশ ৷ প্ৰতিদিনাই দিল্লীৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিছে ৷ দেওবাৰে বায়ুৰ গুণাগুণ সূচকাংক (AQI) ৪৫৭ৰ স্তৰত উপনীত হৈছে । ইয়াৰ বাবেই বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগে সোমবাৰে পুৱা ৮ বজাৰ পৰা গ্ৰেডেড ৰেচপন্স একচন প্লেন (GRAP)ৰ চতুৰ্থ পৰ্যায় কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সময়ত প্ৰথমবাৰৰ বাবে AQI ‘চিভিয়াৰ প্লাছ’ (severe-plus) স্তৰলৈ নিম্নগামী হৈছে ।

ৰাজধানী চহৰখনৰ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাহিৰে সকলোৰে স্কুলত গৈ গ্ৰহণ কৰা পাঠদানৰ কাৰ্যসূচী বন্ধ কৰাৰ ঘোষণা কৰে ৷ কাৰণ চহৰখনত একেৰাহে ষষ্ঠ দিন ধৰি ভয়ংকৰ প্ৰদূষণ হৈছে ৷

সোমবাৰৰ পুৱা ৮ বজাৰ পৰা কাৰ্যকৰী হোৱা GRAP ৰ চতুৰ্থ পৰ্যায়ৰ অধীনত দিল্লী-এনচিআৰৰ বাবে বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগে কঠোৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰাৰ কেইঘণ্টামানৰ পিছতে এই ঘোষণা কৰা হৈছে ।

দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে X ৰ এটা পোষ্টত লিখিছে - Grap-4 ৰূপায়ণৰ লগে লগে দশম আৰু দ্বাদশ শ্ৰেণীৰ বাহিৰে সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে শ্ৰেণী বন্ধ থাকিব । পৰৱৰ্তী নিৰ্দেশনা নহালৈকে সকলো বিদ্যালয়ে অনলাইন ক্লাছ অনুষ্ঠিত কৰিব ।

প্ৰতিকূল বতৰৰ বাবে দেওবাৰে দিল্লীৰ বায়ুৰ গুণাগুণ সূচকাংক (AQI) অৱনতি ঘটে, বিয়লি ৪ বজাত ৪৪১ত উপনীত হয় আৰু সন্ধিয়া ৭ বজাৰ ভিতৰত ৪৫৭ লৈ বৃদ্ধি পায় । চৰকাৰৰ এই নিৰ্দেশ অনুসৰি অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই অনা বা পৰিষ্কাৰ ইন্ধন (LNG/CNG/BS-VI diesel/electric) ব্যৱহাৰ কৰা ট্ৰাকৰ বাহিৰে আন কোনো ট্ৰাক দিল্লীত প্ৰৱেশৰ অনুমতি দিয়া নহ’ব । বৈদ্যুতিক বাহন আৰু চিএনজি আৰু বিএছ-VI ডিজেলৰ বাহনৰ বাহিৰে দিল্লীৰ বাহিৰত পঞ্জীয়ন কৰা অপ্ৰয়োজনীয় লঘু বাণিজ্যিক বাহনসমূহো দিল্লীত নিষিদ্ধ কৰা হ’ব ।

বায়ু প্ৰদূষণ অধিক ভয়াৱহ হৈ পৰাত দিল্লীৰ পৰিৱেশ মন্ত্ৰীয়ে এক সভা অনুষ্ঠিত কৰিব :

  • দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে GRAP IV ৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে সোমবাৰে সংশ্লিষ্ট সকলো বিভাগৰ বিভাগীয় মুৰব্বীৰ সৈতে বৈঠকত মিলিত হ’ব বুলি তেওঁৰ কাৰ্যালয়ে জানিবলৈ দিয়ে ।
  • সোমবাৰে বিয়লি দিল্লী সচিবালয়ত অনুষ্ঠিত হ’ব এই বৈঠক । দিল্লীৰ পৰিৱেশ মন্ত্ৰীৰ কাৰ্যালয়ে কয়, ‘‘দিল্লীত GRAP-IV কাৰ্যকৰী ৰূপায়ণৰ বাবে পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে কাইলৈ ​​দিনৰ ১২ বজাত দিল্লী সচিবালয়ত সকলো সংশ্লিষ্ট বিভাগৰ HoD ৰ সৈতে বৈঠকত মিলিত হ’ব ।’’
  • দিল্লী-এনচিআৰত বায়ুৰ গুণাগুণ অৱনতি ঘটাৰ প্ৰতি সঁহাৰি জনাই বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগে সোমবাৰৰ পৰা GRAP ৰ চতুৰ্থ পৰ্যায় সক্ৰিয় কৰাৰ সিদ্ধান্ত লৈছে ।
  • কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি, দেওবাৰে বিয়লি ৪ বজাৰ ভিতৰত দিল্লীৰ দৈনিক গড় বায়ুৰ গুণাগুণ সূচকাংক (AQI) ৪৪১ লৈ তীব্ৰভাৱে বৃদ্ধি পাইছে আৰু আৰু অধিক বৃদ্ধি পাই ৪৫৭ লৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক :AQI 408; দিল্লীত বিষাক্ত বায়ুৱে জনজীৱনলৈ কঢ়িয়াইছে চৰম ভাবুকি

লগতে পঢ়ক :ভয়ানক প্ৰদূষণত দিল্লী-এন চি আৰত GRAP III প্ৰতিবন্ধকতা বলৱৎ; কি কৰিব পাৰিব, কি নোৱাৰিব

ABOUT THE AUTHOR

...view details