অসম

assam

ETV Bharat / bharat

আইনী কাম কাজত সাৱধান হওক তুলা ৰাশিৰ লোকে... কোন ৰাশিৰ বাবে দিনটো সৌভাগ্যশালী...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 9th August - DAILY HOROSCOPE FOR 9TH AUGUST

Daily Horoscope: আজি ৰাশি সলনি কৰি কন্যা ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আন ৰাশিবোৰত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 9th August 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

By ETV Bharat Features Team

Published : Aug 9, 2024, 12:55 AM IST

মেষ ৰাশি:দিনটো শুভ ৷ আনক সহায় কৰিলে মনত শান্তি লাভ কৰিব ৷ নিষ্ঠাৰে কাম কৰিব ৷ মনৰ অস্থিৰতা দূৰ হ’ব ৷ ব্যয় নিয়ন্ত্ৰণ কৰক ৷ স্বাস্থ্যৰ যত্ন লওক ৷ চাৰিওকাষৰ পৰিৱেশ আপোনাৰ বাবে অনুকুল যেন আপুনি অনুভৱ কৰিব ৷

বৃষ ৰাশি: নিজৰ মিঠা মাত আৰু উদাৰ মনোভাৱেৰে সকলোকে মুগ্ধ কৰিব ৷ ইয়াৰ জৰিয়তে আপুনি নিজৰ চাৰিওফালে থকা মানুহৰ সৈতে এক আন্তৰিক সম্পৰ্ক গঢ়ি তুলিব পাৰিব ৷ একাধিক মানুহক লৈ হোৱা আলোচনা আৰু বৈঠকত আপুনি নিজৰ কথাবোৰ ভালকৈ বুজাই ক’ব পাৰিব ৷ হজমৰ সমস্যাত ভুগিব পাৰে ৷ সেয়েহে ঘৰতে ৰন্ধা খাদ্য খোৱাটো ভাল হ’ব ৷ ই আপোনাক সুস্থ ৰাখিব আৰু তাৰ ফলত নিজৰ কামত ভালকৈ মনোযোগ দিব পাৰিব ৷

মিথুন ৰাশি: মন বিভ্ৰান্তি আৰু অনিশ্চয়তাৰে ভৰি থাকিব ৷ তাৰ লগতে আকৌ আৱেগে মানসিকভাৱে উত্ৰাৱল কৰি ৰাখিব ৷ বিশেষকৈ মাতৃক লৈ আৱেগিক হৈ থাকিব ৷ বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে, কিন্তু তৰ্ক-বিতৰ্ক এৰাই চলক, এই আলোচনাক ভাৱৰ আদান প্ৰদানৰ এটা সুযোগ বুলি ভাবক ৷ পৰিয়াল আৰু অস্থাবৰ সম্পত্তি সম্বন্ধীয় বিষয়ক লৈ আলোচনা এৰাই চলক ৷ প্ৰিয়জনৰ সৈতে সামান্য বিবাদ হ’ব পাৰে ৷ ভ্ৰমণৰ কাৰণে দিনটো ভাল ৷

কৰ্কট ৰাশি: ভ্ৰাতৃৰ দ্বাৰা উপকৃত হ’ব পাৰে ৷ ভাল বন্ধুসকলক লগ পাই আৰু প্ৰিয়জনৰ সৈতে ভাল সময় কটাই আপুনি উপকৃত হ’ব পাৰে ৷ সুন্দৰ ঠাইত ফুৰিব যাব পাৰে ৷ সকলো কামত সফল হ’ব ৷ শত্ৰু আৰু প্ৰতিপক্ষই বাধা দি ৰাখিব নোৱাৰিব ৷ আৱেগিক মনে প্ৰিয়জনৰ সৈতে সম্পৰ্কক উন্নত কৰি তুলিব ৷ সৌভাগ্য বৃদ্ধি ৷ সামাজিক আৰু আৰ্থিক ক্ষেত্ৰত সন্মান অৰ্জন কৰিব ৷

সিংহ ৰাশি: দিনটো ভালকৈ চম্ভালিবলৈ আপুনি চিন্তা কৰি কৰি অলপ বিপাঙত পৰিব ৷ অৱশ্যে পৰিয়ালৰ লোকৰ সহায়ত আনন্দিত হৈ থাকিব আৰু সকলো বস্তুৰ উপৰত নিজৰ প্ৰভাৱ অটুত ৰাখিব পাৰিব ৷ সুদূৰৱৰ্তী কোনো ঠাইৰ কোনো লোকৰ সৈতে আপোনাৰ সম্পৰ্ক সুদৃঢ় হ’ব পাৰে ৷ পিছলৈ এই সম্পৰ্ক লাভদায়ক হ’ব ৷ অনাৱশ্যক ব্যয় এৰাই চলক ৷ কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো প্ৰত্যাশিত ফল নাপাব ৷ সকলো দিশতে দিনটো মধ্যমীয়া ৷

কন্যা ৰাশি: দিনটো আপোনাৰ কাৰণে ভাল ৷ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকিব ৷ লক্ষ্মী দেৱী আপোনাৰ প্ৰতি প্ৰসন্ন থাকিব আৰু আজিৰ দিনটো আপোনাৰ আৰ্থিকভাৱে আনন্দৰ দিন ৷ বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে বহুত ভাল সময় পাৰ কৰিব ৷ যি কোনো ধৰণৰ ভ্ৰমণ কাৰণে দিনটো ভাল ৷

তুলা ৰাশি: নিজৰ ক্ৰোধক নিয়ন্ত্ৰণ কৰি ৰাখক ৷ সম্ভৱ হ’লে যি কোনো ধৰণৰ তৰ্ক-বিতৰ্ক আৰু অনাৱশ্যক আলোচনাৰ পৰা দূৰত থাকক ৷ পৰিয়ালত কোনোবাৰ সৈতে বিবাদ হ’ব পাৰে ৷ কোনো শাৰীৰিক অসুস্থতাত ভুগিব পাৰে ৷ আপোনাৰ বাবে বিপদত পৰাৰ আশংকা আছে ৷ কোনো দুৰ্ঘটনা হ’ব পাৰে ৷ মামলা-মোকৰ্দমা বা আইন-আদালতৰ কোনো কামত জড়িত হ’বলগীয়া হ’লে সাৱধানে থাকিব ৷ কিয়নো এই ক্ষেত্ৰত সন্মান হানি হ’ব পাৰে ৷ এই জটিল সময়ৰ পৰা উদ্ধাৰ পাবলৈ আধ্যাত্মিক আৰু ধৰ্মীয় আচাৰ পালন সহায়ক হ’ব পাৰে ৷

বৃশ্চিক ৰাশি:দিনটো আপোনাৰ বাবে লাভদায়ক ৷ বিচৰা সকলো ধৰণৰ জাগতিক সুখ আজি ভোগ কৰিব পাৰিব ৷ বিবাহপ্ৰাৰ্থীসকলৰ কাৰণে দিনটো শুভ ৷ আৰ্থিক দিশত আন্ত্ৰপ্ৰিনিয়’ৰসকলে লাভবান হ’ব ৷ যদি চাকৰিয়াল তেতিয়া হ’লে ঊৰ্ধ্বতনসকলে আপোনাৰ কামত অত্যন্ত সুখী হ’ব ৷ বন্ধুক লগ পাব পাৰে আৰু অসাধাৰণ সুন্দৰ কোনো ঠাইত ফুৰিবলৈ যাব পাৰে ৷

ধনু ৰাশি: দিনটো সৌভাগ্যশালী ৷ দিনটো আৰু ভাল হৈ উঠিব পৰোপকাৰৰ প্ৰতি আপোনাৰ সহজাত গুণৰ বাবে ৷ ব্যৱসায়ৰ উন্নতি হ’ব আৰু ব্যৱসায়ৰ কাৰণে ক’ৰবাত যাবও পাৰে ৷ আপুনি যদি চাকৰিয়াল তেতিয়া হ’লে আপোনাৰ ঊৰ্ধ্বতনসকলে আপোনাৰ কামৰ প্ৰতি সুখী হ’ব ৷ পদোন্নতিৰ যোগ ৷

মকৰ ৰাশি:মানসিক আৰু ভাষিক শক্তি প্ৰয়োগ কৰিবলগীয়া কামবোৰেই দিনটোৰ সৰহ ভাগ সময় পাৰ হৈ যাব ৷ ভাষা আৰু সাহিত্যৰ ক্ষেত্ৰত সামান্য অৱদান ৰাখিব, কিন্তু সেয়াই বৰ গুৰুত্বপূৰ্ণ হৈ উঠিব ৷ কিন্তু আপুনি মানসিক যন্ত্ৰণাত ভুগিব, যি লেখকসকলে ভুগিব লগা হয়েই ৷ সন্তানৰ শিক্ষা আৰু স্বাস্থ্যক লৈ চিন্তাত থাকিব ৷ যেনেকৈ পাৰে তেনেকৈ খৰচ নকৰিব ৷

কুম্ভ ৰাশি: কোনো অবৈধ ক্ৰিয়াকলাপত যুক্ত নহ’ব ৷ কুটিল কামত যুক্ত হোৱাটোক মানি ল’ব পৰা নগ’লেও এনেকুৱা কোনো কামত জড়িত হৈ যাব পাৰে ৷ নেতিবাচক চিন্তাই আপোনাক কষ্ট দি থাকিব যাৰ ফলত মানসিকভাৱে বিধ্বস্ত হৈ পৰিব ৷ নিজৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে পৰিস্থিতি অধিক বেয়াহে হ’ব ৷ সততা আৰু সৌভাগ্যৰ বাট বিচাৰিবলৈ হ’লে আধ্যাত্মিকতাৰ প্ৰতি আকৃষ্ট হওঁক ৷

মীন ৰাশি: গ্ৰহ অনুকূল, যাৰ ফলত আপুনি যি কোনো ধৰণৰ শিল্পকলাৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰিব ৷ ব্যৱসায়ত নতুন অংশীদাৰিত্বৰ বাবে দিনটো অতি উত্তম ৷ প্ৰিয়জনৰ সৈতে আনন্দ-স্ফূৰ্তি কৰিব পাৰে বা ক’ৰবাত ফুৰিবলৈ যাব পাৰে ৷ পৰিয়ালৰ লোকক লৈ বাহিৰত ফুৰিবলৈ গ’লে তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক আৰু অধিক মজবুত হ’ব ৷ সফলতাই আপোনাৰ বাবে স্বীকৃতি কঢ়িয়াই আনিব ৷

লগতে পঢ়ক:এই সপ্তাহত প্ৰেম-ভাগ্য দুয়োটাই থাকিব কেবাটাও ৰাশিৰ পক্ষত...প্ৰশংসাৰ পাত্ৰ হ’ব জাতক-জাতিকাসকল...কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ABOUT THE AUTHOR

...view details