অসম

assam

ETV Bharat / bharat

মীন ৰাশিৰ বিবাহৰ যোগ...বৃশ্চিক ৰাশিৰ সৌভাগ্যৰ দুৱাৰ মুকলি...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 24th June

Daily Horoscope : আজিও মকৰ ৰাশিত বিৰাজ কৰিব চন্দ্ৰ ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব ৰাশিসমূহত, জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 24th June 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 12:44 AM IST

মেষ ৰাশি:আজি আপুনি ঘৰ, পৰিয়াল আৰু সন্তানৰ ক্ষেত্ৰত আনন্দ আৰু সন্তুষ্টি অনুভৱ কৰিব ৷ প্ৰেমত শুভ ৷ ব্যৱসায়ৰ ক্ষেত্ৰত লাভ ৷ চাকৰিত পদোন্নতি ৷ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ’ব লাগিব ৷ বাহন দুৰ্ঘটনা হ’ব পাৰে, সাৱধান হওক ৷

বৃষ ৰাশি:ব্যৱসায়ীসকলৰ বাবে আজি এক শুভ দিন ৷ নতুন কাম আৰম্ভ কৰিব পাৰিব ৷ ইয়াৰ উপৰিও আপুনি আৰ্থিক সুবিধাও লাভ কৰিব পাৰিব ৷ বহিঃৰাজ্যত থকা বন্ধু-বান্ধৱী বা আত্মীয়ৰ খবৰে আপোনাক আৱেগিক কৰি তুলিব ৷ দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ পৰিকল্পনা হ’ব পাৰে ৷ তীৰ্থযাত্ৰাও কৰিব পাৰে ৷ অত্যধিক কামৰ বোজাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব ৷

মিথুন ৰাশি:আজি আপুনি আপোনাৰ খং নিয়ন্ত্ৰণ কৰা উচিত ৷ অত্যধিক খৰচৰ বাবে আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ’ব ৷ পৰিয়ালৰ সদস্য আৰু কাৰ্যালয়ৰ সহকৰ্মীৰ সৈতে বিবাদ হ’ব পাৰে ৷ ইয়াৰ বাবেই মনটো দুখী হ’ব ৷ আজি অস্ত্ৰোপচাৰ কৰাটো উপযুক্ত নহ’ব ৷ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সময় অলপ চিন্তনীয় ৷ ঈশ্বৰৰ পূজা, জপ আৰু আধ্যাত্মিকতাৰ দ্বাৰা আপুনি শান্তি অনুভৱ কৰিব ৷

কৰ্কট ৰাশি: আজিৰ গোটেই দিনটো আনন্দ আৰু মনোৰঞ্জনেৰে ভৰি পৰিব ৷ প্ৰেমত শুভ ৷ নতুন সম্পৰ্কও আৰম্ভ হ’ব পাৰে ৷ সুনাম বাঢ়িব ৷ ব্যৱসায়ৰ ক্ষেত্ৰতো এটি লাভজনক দিন হ’ব ৷ কৰ্মত নিয়োজিত লোকৰ কাম সহজে সম্পূৰ্ণ হ’ব ৷ স্বাস্থ্য ভালে থাকিব ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷

সিংহ ৰাশি: দিনটো শুভ ৷ ঘৰত শান্তিৰ পৰিবেশে বিৰাজ কৰিব ৷ কাৰ্যালয়ত সহকৰ্মীসকলৰ পৰা কম সমৰ্থন পাব ৷ দৈনন্দিন কামত কিছু বাধা আহিব ৷ উচ্চ বিষয়াৰ সৈতে বিবাদৰ পৰা আঁতৰি থাকক ৷ দুপৰীয়াৰ পিচত কোনো কাম কৰিবলৈ মন নাযাব ৷ স্বাস্থ্য স্বাভাৱিক হ’ব ৷ কোনো ৰোগৰ চিকিৎসাত ধন খৰচ হ’ব পাৰে ৷

কন্যা ৰাশি: আজি আপুনি শিশু সম্পৰ্কীয় বিষয়ত চিন্তাত পৰিব ৷ পেটৰ লগত জড়িত সমস্যা বাঢ়িব ৷ পঢ়া-শুনাৰ বাবে সময় অনুকূল নহয় ৷ আজি আপুনি বৌদ্ধিক বিতৰ্কৰ পৰা আঁতৰি থকা উচিত ৷ অৱশ্যে প্ৰেমত সফলতা লাভ কৰিব ৷ ষ্টক বেটিঙত সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ ৷ ভুল ঠাইত বিনিয়োগ কৰিলে লোকচান হ’ব পাৰে ৷ ব্যৱসায়ীসকলে লাভ কৰিব সুবিধা ৷

তুলা ৰাশি: আজি আপুনি মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব ৷ আজি আপুনি অধিক আৱেগিক হ’ব ৷ মনৰ মাজত উদ্ভৱ হোৱা চিন্তাৰ বাবে কিছুমান অশান্তি পাই থাকিব পাৰে ৷ ভুল ঠাইত বিনিয়োগ হ’ব পাৰে ৷ মাতৃ-পত্নীৰ স্বাস্থ্যক লৈ চিন্তাৰ সৃষ্টি হ’ব ৷ প্ৰেমিক বা প্ৰেমিকাৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা থাকিব ৷ আজি কৰ্মক্ষেত্ৰতো মনে মনে থকা উচিত ৷ টোপনিৰ অভাৱত আপুনি ভাগৰুৱা হৈ থাকিব ৷ পৰিয়াল আৰু সম্পত্তিৰ বিষয়ত সাৱধান হওক ৷ ধৈৰ্যৰে আজি কটাওক ৷

বৃশ্চিক ৰাশি:আজি আপোনাৰ বাবে এটি শুভ দিন ৷ আজি আৰ্থিক লাভৰ লগতে আপোনাৰ সৌভাগ্যও বৃদ্ধি হ’ব ৷ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখিও আপুনি বৃহৎ পৰিমাণৰ বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে ৷ আপোনজনৰ লগত সম্পৰ্কত প্ৰেম বৃদ্ধি পাব ৷ আজি আপোনাৰ প্ৰেম জীৱন বাবে সুখৰ দিন ৷ ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ সময় শুভ ৷

ধনু ৰাশি: আজি আপোনাৰ দিনটোৰ ফলাফল মিশ্ৰিত হ’ব ৷ পৰিয়ালৰ সদস্যৰ লগত মতানৈক্য হ’ব পাৰে ৷ আজি আপোনাৰ মনোবল শক্তিশালী নোহোৱাৰ বাবে সিদ্ধান্ত লোৱাত অসুবিধা হ’ব ৷ কৰ্মত নিয়োজিত লোকসকলে কেৱল নিজৰ কামত মনোনিৱেশ কৰা উচিত ৷ সংগীৰ সৈতে মতানৈক্য হ’ পাৰে ৷ ব্যৱসায়ত আজি আপুনি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো উচিত নহয় ৷ ভুল ঠাইত খৰচ কৰা বা অত্যধিক কাম কৰাৰ বাবে মনত অস্থিৰতা অনুভৱ কৰিব ৷ আৰ্থিক দিশত আজি এক অতি স্বাভাৱিক দিন ৷ স্বাস্থ্যক আওকাণ নকৰিব ৷

মকৰ ৰাশি:আজি ভগৱানৰ ধ্যানত পাৰ হ’ব ৷ আপুনি ধৰ্মীয় কামত ব্যস্ত থাকিব ৷ চাকৰি বা ব্যৱসায়তো অনুকূল পৰিস্থিতি হ’ব ৷ আজি আপোনাৰ সকলো কাম সহজে সম্পূৰ্ণ হ'ব ৷ সন্মান পাব ৷ কৰ্মত নিয়োজিত লোকৰ কাম সহজে সম্পূৰ্ণ হ’ব ৷ আজি প্ৰেম জীৱনত সন্তুষ্টিৰে ভৰা দিন হ'ব ৷ বন্ধু-বান্ধৱ আৰু আপোনজনৰ পৰা উপহাৰ পাব পাৰে ৷ স্বাস্থ্যৰ অৱহেলা কৰিলে ক্ষতি হ’ব পাৰে ৷ দুৰ্ঘটনাৰ ফলত আঘাত পোৱাৰ আশংকা থাকিব ৷ বিত্তীয় ক্ষেত্ৰত বুদ্ধিমানৰূপে বিনিয়োগ কৰক ৷

কুম্ভ ৰাশি:শাৰীৰিক স্বাস্থ্যৰ প্ৰতি সচেতন হৈ থাকক ৷ পৰিয়ালৰ সদস্যৰ লগত কাজিয়া হ’ব পাৰে ৷ পত্নীৰ লগত খঙেৰে কথা নাপাতিব ৷ খং নিয়ন্ত্ৰণ কৰক ৷ পৰিয়ালৰ প্ৰয়োজনীয়তাত ধন খৰচ হ’ব পাৰে ৷ কৰ্মত নিয়োজিত লোকৰ বাবে দিনটো স্বাভাৱিক হৈ থাকিব ৷ ব্যৱসায়ত অতিৰিক্ত কঠোৰ পৰিশ্ৰম কৰাৰ পিচতো আপুনি স্বাভাৱিক লাভ পাব ৷

মীন ৰাশি:আজি বন্ধুৰ পৰা উপকৃত হ’ব আৰু তেওঁলোকৰ বাবেও ধন খৰচ কৰিব ৷ সামাজিক কামৰ প্ৰতি আগ্ৰহ বাঢ়িব ৷ নতুন কাৰোবাৰ লগত হয়তো ৰোমান্সকৰ সাক্ষাৎ হ’ব পাৰে ৷ প্ৰেম জীৱনত সন্তুষ্টিৰ অনুভূতি আহিব ৷ অবিবাহিত লোকৰ স্থায়ী সম্পৰ্ক হোৱাৰ যোগ ৷ আজি আপুনি এনে লোকৰ সংস্পৰ্শলৈ আহিব যিসকলে ভৱিষ্যতে আপোনাৰ বাবে উপকাৰী হ’ব ৷ হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ দূৰৰ আত্মীয়ৰ লগত কথা-বতৰা হ’ব ৷ আজি আপুনি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষ যত্ন ল’ব লাগিব ৷ বাহিৰত খোৱা-বোৱা পৰিহাৰ কৰিব লাগিব ৷

লগতে পঢ়ক:এই সপ্তাহত বহুকেইটা ৰাশিৰ সুখ-সমৃদ্ধি বৃদ্ধি...বিবাহিতসকলে লাভ কৰিব জীৱনসংগীৰ সমৰ্থন...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ABOUT THE AUTHOR

...view details