ETV Bharat / bharat

গঠন হ'ল 'ডানা'; ১০ লাখ লোকক স্থানান্তৰ ওড়িশা প্ৰশাসনৰ

Cyclone Dana Formed : ঘূৰ্ণীবতাহ ডানাই ওড়িশা উপকূলৰ পৰা 520 কিলোমিটাৰ দূৰৈত অৱস্থান কৰাৰ বাবে চৰকাৰে লোকসকলক সুৰক্ষিত আশ্ৰয়লৈ স্থানান্তৰ কৰি আছে ।

Cyclone Dana Formed
গঠন হ'ল 'ডানা' (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

ভুৱনেশ্বৰ : বুধবাৰে পুৱা বংগোপসাগৰৰ ওপৰত নিম্নচাপে 'ডানা' নামৰ ঘূৰ্ণীবতাহৰ ৰূপ লৈ তীব্ৰতৰ হৈ পৰে । ২৫ অক্টোবৰত ওড়িশাৰ পুৰী আৰু পশ্চিমবংগৰ সাগৰদ্বীপৰ মাজত ই ভূমিভাগত আঘাত কৰাৰ পূৰ্বে তীব্ৰ ধুমুহাৰ ৰূপ ল'ব বুলি অনুমান কৰা হৈছে । ইয়াৰ ফলত বতাহৰ গতিবেগ প্ৰতিঘণ্টাত ১২০ কিলোমিটাৰ হ'ব পাৰে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) উল্লেখ কৰিছে ।

শেহতীয়া বুলেটিনত আইএমডিয়ে কয়, "পূব-মধ্য বংগোপসাগৰৰ ওপৰত নিম্নচাপ বিগত ছয় ঘণ্টাত প্ৰতিঘণ্টাত ১৮ কিলোমিটাৰ বেগত পশ্চিম-উত্তৰ-পশ্চিম দিশে গতি কৰে আৰু ঘূৰ্ণীবতাহ 'ডানা'ৰ ৰূপ লৈ তীব্ৰতৰ হয় ।" পুৱা ৫.৩০ বজালৈকে এই ধুমুহা পাৰাদ্বীপৰ (ওড়িশা) পৰা প্ৰায় ৫৬০ কিলোমিটাৰ দক্ষিণ-পূবত আৰু সাগৰদ্বীপৰ (পশ্চিমবংগ) পৰা ৬৩০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পূবত অৱস্থিত আছিল । আনহাতে, ইয়াৰ প্ৰভাৱৰ বাবে কৰ্তৃপক্ষ সাজু হৈছে ।

আইএমডিয়ে লগতে কয়, "২৪ অক্টোবৰৰ পুৱাৰ ভাগত ই উত্তৰ-পশ্চিম বংগোপসাগৰৰ ওপৰত তীব্ৰ ঘূৰ্ণীবতাহত পৰিণত হোৱাৰ সম্ভাৱনা আছে । আনহাতে, ২৪ অক্টোবৰৰ নিশাৰ পৰা ২৫ অক্টোবৰৰ পুৱালৈকে পুৰী আৰু সাগৰদ্বীপৰ মাজত উত্তৰ ওড়িশা আৰু পশ্চিমবংগ উপকূল অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে । ই হৈছে প্ৰতিঘণ্টাত ১২০ কিলোমিটাৰলৈকে বতাহৰ গতিবেগৰ সৈতে এক তীব্ৰ ঘূৰ্ণীবতাহ ।"

স্থানান্তৰ আৰু এনডিআৰএফ নিয়োজন

ঘূৰ্ণীবতাহ ডানাৰ প্ৰত্যাশাত ওড়িশা চৰকাৰে ছয়খন ঘূৰ্ণীবতাহ-প্ৰৱণ জিলাৰ পৰা 10 লাখ লোকক স্থানান্তৰ কৰাৰ লক্ষ্যৰে এক ব্যাপক স্থানান্তৰ পৰিকল্পনা আৰম্ভ কৰিছে । এই স্থানান্তৰ প্ৰক্ৰিয়া গধূলিৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে । আনহাতে, ৰাজ্য চৰকাৰে 14 গৰাকী জিলা দণ্ডাধীশক সতৰ্কবাণী জাৰি কৰিছে । ইয়াৰ উপৰি আটাইতকৈ দুৰ্যোগ-প্ৰৱণ জিলাবোৰত কাৰ্যকলাপ তদাৰক কৰিবলৈ ছয়গৰাকী জ্যেষ্ঠ আইএএছ বিষয়াক নিযুক্ত কৰা হৈছে ।

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী সুৰেশ পূজাৰীয়ে ঘূৰ্ণীবতাহৰ প্ৰস্তুতি পৰ্যালোচনা কৰাৰ পিছত ৰাজ্যখনৰ হতাহতৰ পৰিমাণ শূন্য কৰাৰ লক্ষ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে । "চৰকাৰে স্থায়ী আৰু অস্থায়ী দুয়োধৰণৰ ৬,২৪৪ টা সাহায্য কেন্দ্ৰ স্থাপন কৰিছে আৰু ৫১ টা ওড়িশা দুৰ্যোগ দ্ৰুত কাৰ্যবাহিনী (Odisha Disaster Rapid Action Force, ODRAF) দল মোতায়েন কৰা হৈছে ।" তেওঁ কয় ।

ইয়াৰ উপৰি 178 টা অগ্নিনিৰ্বাপক দল সাজু হৈ আছে আৰু 40 টা অতি সোনকালে আহি পোৱাৰ সম্ভাৱনা আছে । ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে (এনডিআৰএফ) 20 টা দল সাজু কৰিছে আৰু পাঁচটা দলক বাঠিণ্ডাৰ পৰা ভুৱনেশ্বৰলৈ বিমানেৰে লৈ যোৱা হৈছে । দুৰ্বল লোকসকলৰ প্ৰতি বিশেষ মনোযোগ দিয়া হৈছে । ইয়াৰে ভিতৰত আছে 8,647 গৰাকী গৰ্ভৱতী মহিলা । তেওঁলোকক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ।

জিলা প্ৰশাসনক দুৰ্যোগ ব্যৱস্থাপনাৰ সৈতে জড়িত বিষয়াসকলৰ বাবে থকাৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । বালেশ্বৰ, ভদ্ৰক, পুৰী, জগতসিংপুৰ, কেন্দ্ৰপাৰা আৰু ময়ূৰভঞ্জ নামৰ ছয়খন সংবেদনশীল জিলা জ্যেষ্ঠ আইএএছ বিষয়াৰ তত্ত্বাৱধানত আছে ।

ইয়াৰ মাজতে বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ হোষ্টেল কৰ্তৃপক্ষই ঘূৰ্ণীবতাহ ডানাৰ প্ৰতি সতৰ্কতাত চৰকাৰী নিৰ্দেশ অনুসৰি প্ৰতিষ্ঠানসমূহ বন্ধ কৰাৰ পিছত শিক্ষাৰ্থীসকলক চৌহদ খালী কৰিবলৈ নিৰ্দেশ দিছে । শিক্ষাৰ্থীসকলৰ কিছুমানে যদি অনিবাৰ্য কাৰণত থাকিবলৈ বিচাৰে তেন্তে হোষ্টেলতে থাকিবলৈ কোৱা হৈছে । শিক্ষাৰ্থীসকলক ঘৰৰ ভিতৰত থাকিবলৈ, অত্যাৱশ্যকীয় সামগ্ৰী জমা কৰিবলৈ, সামগ্ৰীবোৰ সংৰক্ষণ কৰিবলৈ, জৰুৰীকালীন সম্পৰ্ক সাজু ৰাখিবলৈ, কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰিবলৈ আৰু শান্ত হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ।

ওড়িশা আৰক্ষীৰ দ্বাৰা ব্যাপক ব্যৱস্থা

  • মঙলবাৰে এক জাননীত আইন-শৃংখলা বিভাগৰ এডিজিপি সঞ্জয় কুমাৰে ঘূৰ্ণীবতাহ ডানাৰ উদ্ধাৰ আৰু সাহায্য অভিযানত নিয়োজিত কৰ্মচাৰীসকলৰ ভূমিকা আৰু দায়িত্বৰ বিষয়ে অৱগত কৰে ।
  • অ' ডি আৰ এ এফ দল মজুত ৰখা : প্ৰায় 1000 কৰ্মচাৰীক লৈ 20 টা দল আধুনিক প্ৰযুক্তি, অপাৰেশ্যনেল গেজেট, পাৱাৰ বোট আৰু অন্যান্য অত্যাধুনিক জৰুৰীকালীন সঁজুলিৰে সজ্জিত ।
  • উপকূলীয় জিলাসমূহ শক্তিশালী কৰা : বৰ্তমানৰ জনশক্তি বৃদ্ধিৰ বাবে উপকূলীয় জিলাসমূহত 80 টা অতিৰিক্ত প্লাটুন আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে ।
  • যোগাযোগ ব্যৱস্থা শক্তিশালী কৰা : ঘূৰ্ণীবতাহ ডানাৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা সকলো জিলাত পৰ্যাপ্ত পৰিমাণৰ বেতাঁৰ যোগাযোগ ব্যৱস্থা আছে । সংশ্লিষ্ট জিলাসমূহক বেতাঁৰ যোগাযোগ ব্যৱস্থা কাৰ্যকৰী হোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । প্ৰভাৱিত এলেকাবোৰত মসৃণ আৰু নিৰৱচ্ছিন্ন যোগাযোগ নিশ্চিত কৰাৰ বাবে সকলো প্ৰয়োজনীয় আনুষঙ্গিক সামগ্ৰীৰ সৈতে অতিৰিক্ত ভিএইচএফ যোগাযোগ ছেটবোৰ সাজু কৰি ৰখা হৈছে ।
  • টহল ব্যৱস্থা ত্বৰান্বিত কৰা আৰু স্থানান্তৰ কাৰ্যক সমৰ্থন : লুণ্ঠন বা চুৰিৰ যিকোনো ঘটনা প্ৰতিহত কৰিবলৈ বিশেষকৈ খালী কৰা এলেকাবোৰত আৰক্ষীৰ টহল দল মোতায়েন কৰা হ'ব । ওড়িশা আৰক্ষীয়ে মহিলা, বৃদ্ধ, ৰুগীয়া আৰু শিশুসকলক সুৰক্ষিত এলেকালৈ স্থানান্তৰিত কৰাটো নিশ্চিত কৰি তেওঁলোকৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি স্থানান্তৰৰ প্ৰচেষ্টাত সক্ৰিয়ভাৱে সহায় কৰিব ।
  • যোগান ব্যৱস্থা আৰু সতৰ্কতা ব্যৱস্থা : যোগান ব্যৱস্থাবোৰ খোলা আৰু কাৰ্যকৰী হৈ থকাটো নিশ্চিত কৰিবলৈ বাধাবোৰ তৎক্ষণাৎ পৰিষ্কাৰ কৰা হ'ব । ইয়াৰ উপৰি সময়মতে শেহতীয়া তথ্য প্ৰদানৰ বাবে, বিশেষকৈ দূৰৱৰ্তী এলেকাবোৰত সতৰ্কতা আৰু সতৰ্কবাণী ব্যৱস্থা স্থাপন কৰা হৈছে ।
লগতে পঢ়ক :'ডানা'ৰ সতৰ্কবাণী : ওড়িশা উপকূলৰ পৰা 730 কিলোমিটাৰ দূৰৈত ডানাৰ নিম্নচাপ তীব্ৰতৰ
লগতে পঢ়ক :তীব্ৰগতিত আহি আছে ঘূৰ্ণীবতাহ 'ডানা'; ৪ জিলাত ৰেড এলাৰ্ট জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.