ETV Bharat / state

কিয় পাঁচ জনগোষ্ঠীয় সংগঠনে মানি নলয় উচ্চতম ন্যায়ালয়ৰ ৰায়দান ?

উচ্চতম ন্যায়ালয়ৰ ৰায়ক লৈ অসন্তুষ্ট পাঁচ জনগোষ্ঠীয় দল-সংগঠন । জাতীয়-জনগোষ্ঠীয় লোকসকলক সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আঁতৰি আহিবলৈ আহ্বান ।

Five tribal groups unhappy with Supreme Court verdict
কিয় পাঁচ জনগোষ্ঠীয় সংগঠনে মানি নলয় উচ্চতম ন্যায়ালয়ৰ ৰায়দান ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 1 hours ago

তিনিচুকীয়া: ১৯৫১ চনৰ পৰিৱৰ্তে অসমৰ পৰা বিদেশী বিতাৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন নিৰ্ধাৰণ কৰি অসম চুক্তি কৰা সদৌ অসম ছাত্ৰ সন্থাৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰে কেইবাটাও জনগোষ্ঠীয় সংগঠন । বুধবাৰে তিনিচুকীয়াৰ বৰগুৰিস্থিত বেংমৰা মটক ভৱনত অসম সন্মিলিত মহাসংঘকে মুখ্য কৰি অসম আহোম সভা, অসম মৰাণ সভা, মটক সন্মিলন, চুতীয়া জাতি সন্মিলন, কোচ ৰাজবংশী সন্মিলনী, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, মিচিং ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত এই সন্দৰ্ভত এক সভা অনুষ্ঠিত কৰে ।

পৰৱৰ্তী সময়ত সভা শেষ কৰি কেউটা সংগঠনৰ নেতৃত্বই এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত মটক সন্মিলনৰ সাধাৰণ সম্পাদক কিৰণ ৰাজখোৱাই ১৯৫১ চনৰ পৰিৱৰ্তে বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ হোৱাত উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে সমগ্ৰ ভাৰতবৰ্ষত এই ভিত্তিবৰ্ষ ১৯৫১ চন । তেনেস্থলত অসমৰ ক্ষেত্ৰত ১৯৭১ চনটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে ।

কিয় পাঁচ জনগোষ্ঠীয় সংগঠনে মানি নলয় উচ্চতম ন্যায়ালয়ৰ ৰায়দান ? (ETV Bharat Assam)

তাৰোপৰি উচ্চতম ন্যায়ালয়ে ১৭ অক্টোবৰ তাৰিখে দিয়া ৰায়দান অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ বাবে এক অতি স্পৰ্শকাতৰ বিষয়ৰূপে চিহ্নিত হৈছে আৰু এই ৰায়দানৰ যোগেদি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহক চূড়ান্ত অন্যায় কৰা হৈছে লগতে এই ৰায়ক অসাংবিধানিক আখ্যা দিয়ে । কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি নীৰৱ বড়াই উচ্চতম ন্যায়ালয়ৰ ৰায়দানক কোনোপধ্যেই মানি লোৱা নহ'ব বুলি উল্লেখ কৰি ৰাজনৈতিক হেঁচাত এই ৰায়দান দিয়া বুলি মন্তব্য আগবঢ়াই ।

খিলঞ্জীয়াই ইয়াৰ বিৰুদ্ধে তীব্ৰ গণ-আন্দোলন গঢ়ি তুলিব লাগে বুলি তেওঁ উল্লেখ কৰে । তেওঁ লগতে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰো দাবীও উত্থাপন কৰে । সভাত অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়াই কয় যে, অসম সন্মিলিত মহাসংঘই যুক্তি সহকাৰে মহামান্য উচ্চতম ন্যায়ালয়ত ১৯৫১ ভিত্তিবৰ্ষৰ বাবে যি গোচৰ ৰুজু কৰিছিল তাৰ বিপৰীতে ন্যায়ালয়ৰ এই ৰায়দানে অসমৰ বাবে অন্যায় কৰিলে । ইয়াৰ আৰঁত এক গভীৰ ৰহস্য থকা বুলি ভাবিবলৈ বাধ্য হোৱা বুলি তেওঁ সদৰী কৰে ।

তেওঁ ভূমি আইন বসুন্ধৰা ৩.০ তীব্ৰ সমালোচনা কৰি কয় যে ইয়াৰ যোগেদি ৰাজ্য চৰকাৰে বিদেশীক ভূমি অধিকাৰ দি নিগাজী কৰিব বিছাৰিছে । চুতীয়া জাতি সন্মিলনৰ সাধাৰণ সম্পাদক নিপেন শইকীয়াই উচ্চতম ন্যায়ালয়ে বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ ৰ সপক্ষে ৰায়দান দি অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ সুবিধা প্ৰদান কৰিলে বুলি মন্তব্য আগবঢ়াই । লগতে ন্যায়ালয়ৰ এই ৰায়দানত অসন্তুষ্টি প্ৰকাশ কৰে ।

তেওঁ শাসকীয় বিজেপি মিত্ৰজোঁটৰ চৰকাৰক সমালোচনা কৰি কয়,"খিলঞ্জীয়াই পট্টা পাবলৈ তিনি প্ৰজন্মৰ নথি-পত্ৰ জমা দিব লাগিব । কিন্তু সৌ সিদিনা বাংলাদেশী, বিদেশীয়ে তেনে কোনো নথি দিব নেলাগে । বিজেপি চৰকাৰে এই বসুন্ধৰা ৩.০ আঁচনিৰ যোগেদি প্ৰকৃততে কি কৰিব বিচাৰিছে সেয়া বহলাই ব্যাখ্যা কৰা নিষ্প্ৰয়োজন আৰু এইখন খিলঞ্জীয়া বিৰোধী চৰকাৰ ।"

মটক সন্মিলনৰ ভাগ্যেশ্বৰ গগৈয়ে সদৌ অসম ছাত্ৰ সন্থাক চোকা সমালোচনা কৰি ১৯৫১ চনৰ পৰিৱৰ্তে ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখলৈ বিদেশী বিতাৰণৰ ভিত্তিবৰ্ষ দলিলস্বৰূপ অসম চুক্তিৰ সপক্ষে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰাত সদৌ অসম ছাত্ৰ সন্থাই স্ফুৰ্তি কৰা বিষয়টো অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠী তথা ভূমিপুত্ৰসকলৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক কথা বুলি কয় । লাখ লাখ বিদেশীক স্বদেশী কৰাত হাত উজান দিয়া ছাত্ৰ সন্থা অসমৰ অভিভাৱক নহয় বুলি তেওঁ আছুক তীব্ৰ সমালোচনা কৰে । জাতীয়-জনগোষ্ঠীয় লোকসকলক সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আঁতৰি আহিবলৈ তেওঁ আহ্বান জনাই ৷

অসম আহোম সভাৰ সভাপতি শশাংক নেওগে কয়,"উচ্চতম ন্যায়ালয়ৰ ৰায়দান খিলঞ্জীয়া বিৰোধী । সেয়েহে অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে একত্ৰিতভাৱে মাৰবান্ধি থিয় হোৱাৰ সংকল্প ল'ব লাগে । উচ্চতম ন্যায়ালয়ৰ সৰ্বোচ্চ বিছাৰপীঠত গোচৰ তৰাৰ লগতে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা হ'ব ।" বসুন্ধৰা ৩.০ কো তেওঁ তীব্ৰ সমালোচনা কৰে ।

সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি ৰতন কছাৰীয়ে 'অসম চুক্তি' অসমৰ ইতিহাসৰ এক ক'লা দলিল বুলি মন্তব্য কৰি ৬ নং দফাৰ জৰিয়তে খিলঞ্জীয়াক সুৰক্ষা প্ৰদান কৰা বুলি মিথ্যাৰ আশ্রয় লৈ বিদেশী আৰু বহিৰাগতক সুৰক্ষা প্ৰদান কৰা হ'ল বুলি অসন্তোষ্টি ব্যক্ত কৰে ।

বসুন্ধৰা ৩.০ৰ জৰিয়তে ৰাজ্য চৰকাৰে খিলঞ্জীয়া ভূমিপুত্ৰক ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰি বহিৰাগত তথা বিদেশীক ভূমি পট্টা দিয়াৰ চেষ্টা চলাইছে বুলি সমালোচনা কৰে । নাগৰিকত্বকলৈ উচ্চতম ন্যায়ালয়ৰ ১৭ অক্টোবৰ, ২০২৪ ৰ ৰায় অসাংবিধানিক, পক্ষপাতমূলক , অমানবীয় বুলি উল্লেখ কৰি অসম ভাৰতৰ উপনিৱেশ নেকি বুলি প্ৰশ্ন উত্থাপন কৰে সংগঠনকেওটাই ।

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ৰ ৰায়দান, শ্বহীদক সুঁৱৰি আছুৰ বন্তি প্ৰজ্বলন

বিদেশী মুছলমানক পুনৰ ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ লেখীয়া হ'ল: শিলাদিত্য দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.