ETV Bharat / politics

হাৰিয়ানা নিৰ্বাচনৰ পৰা শিক্ষা নল'লে ২০২৬ ত অসমতো মুখ থেকেচা খাব কংগ্ৰেছে: অজিত কুমাৰ ভূঞা

বিহালী সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি বিভাজনৰ দিশে অসম সন্মিলিত মৰ্চা । কংগ্ৰেছৰ নিজাববীয়া প্ৰাৰ্থীৰ বিপৰীতে সন্মিলিত মৰ্চাৰ প্ৰাৰ্থীৰ দাবীত অটল বিৰোধী ।

MP Ajit Kumar Bhuyan on by-election in Behali
প্ৰাৰ্থিত্ব সন্দৰ্ভত প্ৰতিক্ৰিয়া অজিত কুমাৰ ভূঞাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

নগাঁও: ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনলৈ মাজত মাত্ৰ এটা দিন বাকী । কিন্তু এনে সময়তো বিহালী বিধানসভা সমষ্টিৰ বাবে এই পৰ্যন্ত প্ৰাৰ্থীয়েই চূড়ান্ত কৰিব পৰা নাই কংগ্ৰেছ তথা বিৰোধী অসম সন্মিলিত মৰ্চাই । মঙলবাৰেও দুপৰ নিশালৈকে বিৰোধী সন্মিলিত মৰ্চাই বৈঠক অনুষ্ঠিত কৰাৰ পাছতো বিহালীৰ প্ৰাৰ্থীক লৈ চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব পৰা নাই বিৰোধী শিৱিৰ ।

আনকি বুধবাৰে এই প্ৰতিবেদন প্ৰস্তুত কৰালৈকে চূড়ান্ত কৰিব পৰা নাই বিৰোধীৰ প্ৰাৰ্থী । বিহালী সমষ্টিৰ প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰিয়েই কংগ্ৰেছ মহলতো দুটা শিবিৰত বিভক্ত হৈ পৰাটোও একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে । বিৰোধী অসম সন্মিলিত মৰ্চাই ঐক্যৱদ্ধভাৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পোষকতা কৰাৰ বিপৰীতে কংগ্ৰেছৰ আন এটা মহলে কংগ্ৰেছৰ নিজাববীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ পোষকতা কৰিছে ।

প্ৰাৰ্থিত্ব সন্দৰ্ভত প্ৰতিক্ৰিয়া অজিত কুমাৰ ভূঞাৰ (ETV Bharat Assam)

কংগ্ৰেছৰ এটা মহলে বিৰোধী ঐক্যৰ প্ৰাৰ্থীৰ বিৰোধিতা কৰাত বুধবাৰে বিৰোধী সন্মিলিত মৰ্চাৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । কংগ্ৰেছৰ দুই শিবিৰক লৈয়েই বিৰোধী সন্মিলিত মৰ্চাতো বিভাজনৰ পূৰ্ণ আশংকা কৰিছে বিৰোধী নেতা তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই । বুধবাৰে নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত বিহালী সমষ্টিৰ প্ৰাৰ্থী আৰু অসম সন্মিলিত মৰ্চাৰ ভূমিকাক লৈ বহুকেইটা মন্তব্য কৰে অজিত কুমাৰ ভূঞাই ।

বিহালী সমষ্টিৰ প্ৰাৰ্থীক লৈ অসম সন্মিলিত মৰ্চাৰ দাবী- কংগ্ৰেছ হাইকামাণ্ডৰ লগতে অসমৰ এটা মহলে মানি ল'ব বিচৰা নাই বুলি উল্লেখ কৰি শেষ মুহূৰ্তলৈকে বিৰোধী নিজৰ স্থিতিত অটল থাকিব বুলিও স্পষ্ট কৰি দিয়ে সাংসদ অজিত কুমাৰ ভূঞাই । অসম সন্মিলিত মৰ্চাই বিবেক দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ দাবী জনাইছিল যদিও বিবেক দাসৰ প্ৰাৰ্থিত্ব কংগ্ৰেছ হাইকামাণ্ডে মানি নোলোৱাত দ্বিতীয়জন প্ৰাৰ্থী বাছনি কৰিও অসম সন্মিলিত মৰ্চাৰ সিদ্ধান্তও কংগ্ৰেছে এই পৰ্যন্ত মানি নোলোৱাত বিৰোধী শিবিৰৰ মাজত অসন্তুষ্টিয়ে দেখা দিয়াটো স্পষ্ট হৈছে বিৰোধী নেতা অজিত ভূঞাৰ মন্তব্যত ।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আপ্ৰাণ চেষ্টা কৰিও অসম সন্মিলিত মৰ্চাৰ দাবী অক্ষুণ্ণ ৰাখিব পৰা নাই বুলিও অজিত ভূঞাই কৰা মন্তব্যতেই স্পষ্ট হৈছে কংগ্ৰেছৰ বিভাজন । বিহালী সমষ্টিৰ প্ৰাৰ্থীক লৈয়েই কংগ্ৰেছক একপ্ৰকাৰ সকীয়নিও প্ৰদান কৰে অজিত কুমাৰ ভূঞাই । দিল্লী, হাৰিয়ানা নিৰ্বাচনৰ পৰা কংগ্ৰেছ দলে কোনো শিক্ষা নল'লে অসমতো আগন্তুক বিধানসভা নিৰ্বাচনত মুখ থেকেচা খাব লাগিব বুলিও মন্তব্য কৰে অজিত কুমাৰ ভূঞাই । অৱশ্যে অসম সন্মিলিত মৰ্চাৰ দাবী কংগ্ৰেছ মহলত কিমান গ্ৰহণযোগ্য হয় সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক: বিহালীক লৈ ভংগ হোৱাৰ দিশে কংগ্ৰেছ নেতৃত্বাধীন 'অসম'; সভাপতিৰ পদ ত্যাগ ভূপেন বৰাৰ

অসম সন্মিলিত মৰ্চাৰ সভাপতি পদ কিয় ত্যাগ কৰিলে ভূপেন বৰাই, কি আছে পত্ৰত ?

অসমৰ স্বাৰ্থত আমাক কৰা অপমান সহ্য কৰিছোঁ : লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.