ETV Bharat / bharat

হাতীৰ শুঁৰত থকা বলিৰেখাবোৰৰ কাম জানিলে আপুনিও হ’ব আচৰিত

Wrinkles on Elephant's Trunk : হাতীৰ শুঁৰত থাকে বলিৰেখা ৷ এই ৰেখাই নিশ্চিত কৰে জন্তুটোৰ এটা বিশেষ লক্ষণ ৷ সবিশেষ জানিবলৈ পঢ়ক-

Study Finds Wrinkles On Elephant's Trunk Can Suggest If It Is Right-Or Left-Trunked
হাতীৰ শুঁৰত থাকে বলিৰেখা (ANI)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

নতুন দিল্লী : হাতী- এটা বৃহৎ আকাৰৰ জন্তু ৷ হাতীৰ দাঁতক লৈ বহু সময়ত বহু প্ৰশ্নৰ উদয় হৈ আহিছে ৷ কিন্তু এইবাৰ আমাৰ এই প্ৰতিবেদনত জানিবলৈ চেষ্টা কৰিম হাতীৰ শুঁৰডালৰ বিষয়ে ৷

মানুহৰ দৰে জীৱ-জন্তুৰ ক্ষেত্ৰটো দেখিবলৈ পোৱা যায় যে জন্তুটো সোঁ বা বাওঁফালটো বেছি সক্ৰিয় ৷ সেইদৰে হাতীৰ শুঁৰডাল ভালদৰে লক্ষ্য কৰিলে গম পোৱা যায় যে নিৰ্দিষ্ট হাতীটোৰ কোনটো ফাল বেছি সক্ৰিয় ৷

এটা অধ্যয়নত প্ৰকাশ পোৱা মতে, হাতীৰ শুঁৰডালত থাকে বলিৰেখা ৷ এই ৰেখা ভালদৰে প্ৰত্যক্ষ কৰিলে গম পোৱা যায় যে হাতীটোৰ সোঁ বা বাওঁ ফালটো বেছি সক্ৰিয় ৷ যাৰ ফলত সেই নিৰ্দিষ্ট হাতীটোৱে সোঁ বা বাওঁফালে শুঁৰেৰে বস্তু মেৰিওৱাটো বেছি পছন্দ কৰে ৷

স্তন্যপায়ী এই প্ৰাণীবিধে খাদ্য আৰু অন্যান্য বস্তু মেৰিয়াই লোৱাৰ বাবে শুঁৰডাল ব্যৱহাৰ কৰা বুলি জনা যায় যদিও জাৰ্মানীৰ বাৰ্লিনৰ হামবল্ড-ইউনিভাৰ্চিটিৰ গৱেষকসকলে লক্ষ্য কৰিছে যে হাতীৰ শুঁৰডালৰ যিটো ফালে থকা চুলিখিনি দীঘল হয়, সেইফালে হাতীয়ে বস্তু মেৰিয়াই ল’বলৈ অধিক পছন্দ কৰে ।

এই পছন্দই হাতীক ইয়াৰ ‘ট্ৰাংকেডনেছ’ (trunkedness) দিয়ে, যিটো হাতী পোৱালি জন্মতে নহয় আৰু বয়সৰ লগে লগে ইয়াৰ বিকাশ ঘটে আৰু ই কেনেকৈ শুঁৰডাল বেঁকা কৰে- গৱেষকসকলে কয় । বাৰে বাৰে কৰা এই ক্ৰিয়াৰ ফলত শুঁৰডালৰ আটাইতকৈ দূৰৈৰ অংশত এই বলিৰেখা গঠন হয়- তেওঁলোকে কয় ।

‘‘বাওঁফালৰ ট্ৰাংকাৰে’’ শুঁৰডাল শৰীৰৰ বাওঁফালে মেৰিয়াই বাওঁমুখী আচৰণ কৰে ৷ লেখকসকলে দ্য ৰয়েল ছ’চাইটি অ’পেন চাইন্স নামৰ আলোচনীখনত প্ৰকাশিত এই অধ্যয়নত লিখিছে ৷

দলটোৱে ১০ টা এছিয়ান আৰু পাঁচটা আফ্ৰিকান মৃত হাতীৰ নমুনাৰ লগতে ভ্ৰূণৰ ফটোও অধ্যয়ন কৰি দেখিলে যে হাতীৰ শুঁৰৰ দীঘল দাড়ি বা চুলি থকা কাষটোতো অধিক বলিৰেখা থাকে । ইয়াৰ বিপৰীত ফালে মাটিৰ সংস্পৰ্শত অধিক হোৱাৰ বাবে দাড়ি (whiskers) কম হোৱা দেখা গৈছিল বুলিও তেওঁলোকে লগতে কয় ।

লেখকসকলে আফ্ৰিকান হাতীৰ তুলনা কৰি দেখিলে যে এছিয়াৰ হাতীৰ শুঁৰডালত প্ৰায় ১.৫ গুণ বেছি বলিৰেখা পোৱা গৈছে আৰু গৰ্ভৰ আৰম্ভণিতে এই ধাৰা আৰম্ভ হৈছিল ।

তেওঁলোকে লগতে কয় যে শুঁৰডালৰ বলিৰেখাকে ধৰি আচৰণৰ পছন্দই শাৰীৰিকভাৱে কেনেকৈ বিকশিত হয় সেই বিষয়ে ধাৰণা দিয়ে যদিও ইয়াৰ আংশিক জিনীয় (genetic) প্ৰভাৱো থাকিব পাৰে ।

লেখকসকলে লিখিছে, “এছিয়ান হাতীৰ ট্ৰাংক ৰেপিং জ’ন(trunk wrapping zone)ত বলিৰেখাৰ উচ্চ ঘনত্বই দেখুৱাইছে যে আফ্ৰিকান আৰু এছিয়ান হাতীৰ শুঁৰডালৰ বলিৰেখা আৰু ইয়াৰ অনন্য ৰূপে শুঁৰডাল অসাধাৰণভাৱে নমনীয় সক্ৰিয়কৰণত কেনেদৰে অৰিহণা যোগাব পাৰে ।”

ইয়াৰ আগতেও হাতীৰ পৰিসংখ্যাত সোঁ আৰু বাওঁ শুঁৰডালৰ সমান বিতৰণ হোৱা বুলি অধ্যয়ন কৰা হৈছে ৷ অধ্যয়নত বিশ্লেষণ কৰা নমুনাসমূহ যোৱা তিনিটা দশকত বাৰ্লিনৰ লাইবনিজ ইনষ্টিটিউট ফৰ চিৰিয়াখানা আৰু বন্যপ্ৰাণী গৱেষণাই সংগ্ৰহ কৰিছে ।

লগতে পঢ়ক : বিগত ৫ বছৰত শোণিতপুৰ আৰু চিৰাঙত ২৭ টা হাতীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.