গুৱাহাটী : আচৰিত ! ৰাজ্যত শিক্ষক নোহোৱাকৈ চলি থকা বিদ্যালয়ো আছে । এই কথা উন্মোচিত হৈছে অসম বিধানসভাৰ মজিয়াত । ৰাজ্যত শিক্ষক নোহোৱাকৈ চলি আছে তিনিখন বিদ্যালয় । অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বৃহস্পতিবাৰে বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰত ওলাইছে ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ বাস্তৱ স্বৰূপ । পোহৰলৈ আহিছে ৰাজ্যৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহ কি দৰে চলি আছে তাৰ তথ্য ।
বৃহস্পতিবাৰে সদনত বিধায়ক অখিল গগৈয়ে তৰাযুক্ত প্ৰশ্নত অসমৰ বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু উপযুক্ত শিক্ষক নিযুক্তিৰ প্ৰসংগ উত্থাপন কৰিছিল । প্ৰশ্নৰ উত্তৰ দিয়ে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ।
- প্ৰাথমিক বিদ্যালয়ৰ ৰূপৰেখা
সদনত ২০২৪-২৫ বৰ্ষত অসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ তথ্য সদৰী কৰা হয় । উক্ত তথ্য অনুসৰি, ২০২৪-২৫ বৰ্ষত অসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত শিক্ষকবিহীন বিদ্যালয়ৰ মুঠ সংখ্যা হৈছে তিনিখন । এজনীয়া শিক্ষকৰ দ্বাৰা পৰিচালিত বিদ্যালয়ৰ সংখ্যা হৈছে ২২৯৫ খন ।
আনহাতে, ৫ শ্রেণীযুক্ত বিদ্যালয়ত ৫ জনীয়া শিক্ষকৰ (প্রধান শিক্ষকক বাদ দি) দ্বাৰা পৰিচালিত প্রাথমিক বিদ্যালয়ৰ মুঠ সংখ্যা হৈছে ২২৭০ খন । ৬ শ্রেণীযুক্ত বিদ্যালয়ত ৬ জনীয়া শিক্ষকৰ (প্রধান শিক্ষকক বাদ দি) দ্বাৰা পৰিচালিত প্রাথমিক বিদ্যালয়ৰ মুঠ সংখ্যা হৈছে ১,৩৯৯ খন ।
সেইদৰে শ্ৰেণী অনুসৰি পৃথক পৃথক কোঠা থকা মুঠ বিদ্যালয়ৰ সংখ্যা ১২,১১২ খন আৰু পৃথক কোঠা নথকা বিদ্যালয়ৰ সংখ্যা ২১,৯৬১ খন । আনহাতে, স্থায়ী প্রধান শিক্ষক নোহোৱা বিদ্যালয়ৰ সংখ্যা ৭,০১৪ খন ।
- উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৰূপৰেখা
অসমৰ উচ্চ প্রাথমিক বিদ্যালয়ত খালী থকা বিজ্ঞান শিক্ষকৰ সংখ্যা ৫৭১ জন আৰু হিন্দী শিক্ষকৰ সংখ্যা ৫২৬ জন । আনহাতে, অসমৰ সাধাৰণ এলেকাৰ জিলাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত খালী হৈ আছে বহু শিক্ষকৰ পদ । তাৰ ভিতৰত বিজ্ঞান শিক্ষকৰ ৪,৩৬৮ টা পদ, কলা শিক্ষকৰ ৫,১৮৫ টা পদ, হিন্দী শিক্ষকৰ ১,০০৪ টা পদ খালী হৈ আছে ।
সেইদৰে অসমৰ সাধাৰণ এলেকাৰ জিলাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খালী হৈ থকা পদৰ ভিতৰত গণিত শিক্ষকৰ পদ ৭১ টা, ইংৰাজী শিক্ষকৰ পদ ১২১ টা আৰু হিন্দী শিক্ষকৰ পদ ১৩ টা পদ খালী হৈ আছে । ইফালে অসমৰ ষষ্ঠ অনুসূচীৰ অধীনস্থ এলেকাৰ জিলাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত খালী হৈ থকা পদৰ ভিতৰত বিজ্ঞান শিক্ষকৰ ৩১৭ টা, কলা শিক্ষকৰ ৩২২ টা আৰু হিন্দী শিক্ষকৰ পদ ২৪৬ টা পদ খালী হৈ আছে ।
অসমৰ ষষ্ঠ অনুসূচীৰ অধীনস্থ এলেকাৰ জিলাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খালী হৈ থকা পদৰ ভিতৰত গণিত শিক্ষকৰ ৩৯ টা, ইংৰাজী শিক্ষকৰ ৪৯ টা আৰু হিন্দী শিক্ষকৰ ৫৮ টা পদ খালী হৈ আছে ।
সদনত দিয়া তথ্য অনুসৰি, অসমত বর্তমান পাঠদান চলি থকা ৫৬ খন আদর্শ বিদ্যালয়ত আৰু নতুন বিত্তীয় বর্ষত স্থাপন হ'বলগীয়া ৩ খন নতুন আদৰ্শ বিদ্যালয়ত মুঠ ৫৩ গৰাকী স্নাতক বিজ্ঞান তথা অংক শিক্ষক, ৪৭ গৰাকী স্নাতক কলা শিক্ষক, ১১ গৰাকী স্নাতক হিন্দী শিক্ষক, ৫০ গৰাকী সহকাৰী বিজ্ঞান শিক্ষক, ৪৯ গৰাকী সহকাৰী কলা শিক্ষক, ২ গৰাকী বিষয় শিক্ষক (কলা) আৰু ১২ গৰাকী বিষয় শিক্ষককে (বিজ্ঞান) ধৰি মুঠ ২২৪ গৰাকী শিক্ষকৰ খালী পদৰ নিযুক্তিৰ বাবে ব্যৱস্থা কৰা হৈছে ।