অসম

assam

ETV Bharat / bharat

বৈদিক জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত আজিৰ দিনটোৰ ৰাশিফল, কি কয় ৰাশিচক্ৰই

Know your day : কেনে যাব আপোনাৰ দিনটো ? কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে আৰ্থিক যোগ আছে ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল ৷

By ETV Bharat Features Team

Published : 4 hours ago

Daily Horoscope
দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি :বন্ধুত্বপূৰ্ণ মনোভাৱ ৰাখক ৷ ফলত সাম্ভাব্য বিবাদৰ পৰা হাত সাৰিব পাৰিব ৷ লিখক আৰু শিল্পীসকলৰ বাবে শুভ দিন । ভাতৃ-ভগ্নীৰ মাজৰ সম্পৰ্ক সুখদায়ক । মধ্যাহ্নৰ পিছত মানসিক অস্থিৰতা হ’ব পাৰে । বন্ধুবৰ্গৰ লগত সৰু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ।

বৃষ ৰাশি :আৰ্থিক লাভৰ সম্ভাৱনা । মানসিক আৰু শাৰীৰিকভাৱে সক্ৰিয় ৷ দুপৰীয়াৰ পিছত সামাজিক কাৰণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সমস্যা অনুভৱ কৰিব ৷ নিজৰ অসংযত ব্যৱহাৰৰ বাবে আনক বিৰক্ত কৰিব । সম্ভৱপৰ হ’লে সকলো গুৰুত্বপূৰ্ণ কাম দুপৰীয়াৰ আগতেই সমাপ্ত কৰাৰ প্ৰচেষ্টা কৰক ।

মিথুন ৰাশি : সাৱধানেৰে চলক । ঘৰত বিৰোধিতাৰ সন্মুখীন হব পাৰে । মানসিক আৰু শাৰীৰিকভাৱে অস্থিৰতা অনুভৱ কৰিব পাৰে । দুপৰীয়াৰ পিছত পৰিস্থিতি সলনি হ’ব ৷ঘৰুৱা পৰিৱেশো শান্ত হব আৰু মনোবল বৃদ্ধি পাব । বিনোদন ক্ষেত্ৰত ব্যয় হ’ব পাৰে ।

কৰ্কট ৰাশি :ব্যৱসায়ত লাভ ৷ ভ্ৰমণৰ পৰিকল্পনা ৷ দুপৰীয়াৰ পিছত মানসিক অস্থিৰতা অনুভৱ কৰিব পাৰে ৷ স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা । চকুৰ সমস্যা হোৱাৰ সম্ভাৱনা ৷ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা ৷ সতৰ্ক থাকক ।

সিংহ ৰাশি :দিনটো শুভ । নতুন কাম আৰম্ভ কৰিব পাৰে ৷ সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ হ’ব ৷ বন্ধু আৰু সম্পৰ্কীয় লোকৰ পৰা উপহাৰ লাভৰ সম্ভাৱনা । বেতন বৃদ্ধিৰ সম্ভাৱনা ।

কন্যা ৰাশি : আপোনাৰ কামৰ পৰা অন্যলোক উপকৃত হ’ব পাৰে । দীঘলীয়া ভ্ৰমণৰ সম্ভাৱনা । স্বাস্থ্যৰ পৰ্যাপ্ত যত্ন লওক । দুপৰীয়াৰ পিছত কৰ্মস্থলীত জ্যেষ্ঠসকলৰ পৰা সমৰ্থন পাব । ঘৰত আনন্দময় পৰিৱেশে বিৰাজ কৰিব ৷ মানসিকভাৱে শান্তি লাভ । চাকৰি কৰা সকলৰ বাবে পদোন্নতিৰ যোগ ।

তুলা ৰাশি :অত্যাধিক কামৰ চাপ আৰু শাৰীৰিক জড়তাৰ বাবে মানসিক উদ্বিগ্নতা হ’ব পাৰে । নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব পাৰিব । অস্বাস্থ্যকৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক । ভ্ৰমণত বাধা । দুপৰীয়াৰ পিছত দূৰত থকা আত্মীয়ৰ পৰা ভাল খবৰ পাব পাৰে । ব্যৱসায়ত লাভৰ সম্ভাৱনা ।

বৃশ্চিক ৰাশি : পুৱা উঠি সতেজ আৰু সুস্থ অনুভৱ কৰিব । বন্ধু আৰু সম্পৰ্কীয় লোকৰ লগত সুস্বাদ্যু আহাৰ গ্ৰহণৰ সুযোগ লাভ । দুপৰীয়াৰ পিছত হঠাতে মানসিক আৰু শাৰীৰিকভাৱে অস্থিৰতা অনুভৱ কৰিব । দুপৰীয়াৰ পিছত খাদ্যৰ যত্ন লওক । ভ্ৰমণত বাধা ৷

ধনু ৰাশি :দিনটো শুভ ৷ আগতে অসম্পূৰ্ণকৈ এৰা সকলো কাম সম্পূৰ্ণ হ’ব । আকস্মিক আৰ্থিক লাভ হ’ব পাৰে । পাৰিবাৰিক জীৱন আনন্দময় ৷ ব্যৱসায়ত লাভ । সৰু ভ্ৰমণৰ পৰিকল্পনা ৷ বিদেশত থকা আত্মীয়ৰ পৰা ভাল খবৰ পাব পাৰে ।

মকৰ ৰাশি :আশা কৰা মতে কামৰ ভাল ফল নাপাব পাৰে । স্বাস্থ্য ভাল ৷ বাহিৰত খোৱাৰ পৰা বিৰত থাকক । দুপৰীয়াৰ পিছত অসম্পূৰ্ণ কামসমূহ সম্পূৰ্ণ হ’ব । আৰ্থিক লাভৰ সম্ভাৱনা ৷ মাতৃ গৃহৰ পৰা ভাল খবৰ পাব পাৰে । সহকৰ্মীসকলে কামত সহায় কৰিব ।

কুম্ভ ৰাশি :শিক্ষাৰ্থী, শিল্পী আৰু খেলুৱৈৰ বাবে ভাল দিন । চৰকাৰ আৰু পিতৃপক্ষৰ পৰা উপকৃত হোৱাৰ সম্ভাৱনা । মানসিকৰূপে সুস্থিৰ হৈ থাকিব ৷ বাহিৰত খোৱাৰ পৰা বিৰত থাকক ৷ পেটৰ অসুখ বোৱা সম্ভাৱনা । লিখা-পঢ়াৰ বাবে ভাল দিন ।

মীন ৰাশি :কাল্পনিক জগতত বাস কৰাৰ সম্ভাৱনা । সৃজনমূলক ক্ষমতা আজি সৰ্ব্বোচ্চ হ’ব । বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত সুস্বাদ্যু আহাৰ গ্ৰহণৰ সুযোগ পাব । শিক্ষাৰ্থীৰ বাবে এটা ভাল দিন । শিশুসকলৰ বাবে লাভদায়ক, পিতৃৰ পৰা উপকৃত হ’ব ।

ABOUT THE AUTHOR

...view details