অসম

assam

ETV Bharat / bharat

ধনু ৰাশিৰ সুনাম বৃদ্ধি...কৰ্কট ৰাশিৰ আৰ্থিক লাভ...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে - Daily Horoscope For 16th June

Daily Horoscope: আজি কন্যা ৰাশিত বিৰাজ কৰিব চন্দ্ৰ ৷ ইয়াৰ ফলত কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 16th June 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

By ETV Bharat Features Team

Published : Jun 16, 2024, 12:55 AM IST

মেষ ৰাশি :অৰ্থনৈতিক আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটো আপোনাৰ বাবে আজিৰ দিনটো অতিকৈ লাভজনক ৷ শৰীৰৰ ফালৰ পৰা চাবলৈ গ’লে আপুনি আজি সতেজ অনুভৱ কৰিব ৷ বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ পৰা উপহাৰ লাভ কৰিব পাৰে ৷ কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ ছাত্ৰ-ছাত্ৰীৰ বাবে এটা ভাল দিন ৷

বৃষ ৰাশি:অধিক ব্যয় হোৱাৰ সম্ভাৱনা আছে ৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত মনোনিৱেশ কৰিব ৷ দুপৰীয়াৰ পিচত পৰিয়ালৰ সদস্যৰ সৈতে সময় পাৰ কৰিব ৷ ক’ৰবাত ওলাই যোৱাৰ পৰিকল্পনা হ’ব পাৰে ৷ স্বাস্থ্যৰ উন্নতি হ’ব ৷ কৰ্মৰ সফলতাই কঢ়িয়াই আনিব খ্যাতি ৷ ব্যৱসায়িক অংশীদাৰৰ পৰা সমৰ্থন পাব ৷ আৰ্থিক লাভ ৷ ঘৰৰ কামত যথেষ্ট টকা খৰচ কৰিব পাৰে ৷

মিথুন ৰাশি:মাটি, ঘৰ বা বাহন আদিৰ ক্ষেত্ৰত অতি সাৱধান হ’ব ৷ কোনো কাৰণ নোহোৱাকৈ পৰিয়ালৰ সদস্যৰ লগত বিবাদ হ’ব পাৰে ৷ সন্তানক লৈ চিন্তাত পৰিব পাৰে ৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত বাধাৰ সন্মুখীন হ’ব পাৰে ৷ অভাৱনীয়ভাৱে ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে ৷ বন্ধু-বান্ধৱীৰ পৰা উপহাৰ লাভ কৰিব পাৰে ৷ অৱশ্যে আজি আপুনিও কিছু বিশেষ বস্তু ক্ৰয় কৰিব পাৰিব ৷ দুপৰীয়াৰ পিচত পৰিয়ালৰ সৈতে সুস্বাদু খাদ্যও উপভোগ কৰিব ৷

কৰ্কট ৰাশি: শৰীৰ আৰু মনৰ সতেজতা অনুভৱ কৰাৰ লগতে ঘৰতো আনন্দৰ পৰিৱেশ থাকিব ৷ বন্ধু-বান্ধৱী আৰু আপোনজনৰ সৈতে বৈঠক অনুষ্ঠিত হ’ব ৷ যিকোনো শুভ কাম আৰম্ভ কৰাৰ বাবে অনুকূল দিন ৷ কামৰ দক্ষতা আৰু বন্ধু-বান্ধৱীক লগ পোৱাত সুখী হ’ব ৷ আৰ্থিক লাভ আৰু সৌভাগ্য বৃদ্ধি ৷ প্ৰতিপত্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ কোনো যাত্ৰালৈ যোৱাৰ সম্ভাৱনা আছে ৷

সিংহ ৰাশি:পৰিয়ালৰ সদস্যসকলৰ সৈতে সুখ আৰু শান্তিৰে দিনটো পাৰ কৰিব ৷ নতুন কামত সকলোৰে সহায় পাব ৷ দূৰৈত বাস কৰা বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে যোগাযোগ বা বাৰ্তা প্ৰেৰণ কৰিলে আপোনাৰ বাবে উপকাৰী হ’ব ৷ আপোনাৰ ফলপ্ৰসূ ভাষণেৰে আন মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিব ৷ আয়তকৈ ব্যয়ৰ পৰিমাণ বেছি হ’ব ৷ ভাল খাদ্য খাবলৈ পাব ৷

কন্যা ৰাশি:লাভজনক দিন ৷ সুখ-সমৃদ্ধি বাঢ়িব ৷ বাকপটুতা আৰু মধুৰ কথাৰে ভাল আৰু লাভজনক সম্পৰ্ক গঢ়ি তুলিব পাৰিব ৷ ভাল খাদ্য, উপহাৰ আৰু কাপোৰ-কানি ক্ৰয় কৰিব পাৰে ৷ শৰীৰ আৰু মনৰ স্বাস্থ্য ভালে থাকিব ৷ সুখ আৰু আনন্দ থাকিব ৷ পত্নীৰ লগত প্ৰেম আৰু অধিক শক্তিশালী হৈ উঠিব ৷ এটা যাত্ৰাই দিনটো সুখী কৰি তুলিব ৷ প্ৰেম জীৱনত আগবাঢ়ি যাবলৈ খৰখেদা নকৰিব ৷ ক্ষতিৰ সন্মুখীন ৷

তুলা ৰাশি:লাভৰ দিন ৷ ব্যৱসায়ত লাভ পাব ৷ ল’ৰা-ছোৱালীৰ লগত সম্পৰ্ক ভাল হৈ থাকিব ৷ দুপৰীয়াৰ পিচত নিজৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ যত্ন লওক ৷ কোনো কথাতে বেছি আৱেগিক নহ’ব ৷ বিভ্ৰান্তি নোহোৱা হৈ যাব ৷ আইনী বিষয়ত অতি সাৱধান হ’বলৈ পৰামৰ্শ দিয়া হৈছে ৷ কৰ্মক্ষেত্ৰত কাম সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ’ব ৷ ছাত্ৰ-ছাত্ৰীৰ বাবে দিনটো স্বাভাৱিক ৷

বৃশ্চিক ৰাশি: বহু ক্ষেত্ৰত লাভ আৰু খ্যাতি পাব ৷ ধন-সম্পত্তি লাভৰ যোগ ৷ বন্ধুৰ বাবে টকা খৰচ হ’ব ৷ পৰিয়াল বা বন্ধু-বান্ধৱীৰ সৈতে ওলাই যোৱাৰ সুযোগ পাব ৷ সন্ধিয়াও আপুনি শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ থাকিব পাৰে ৷ পৰ্যাপ্ত জিৰণি লোৱাৰ প্ৰতি মনোযোগ দিব ৷ আজি আপুনি নিজৰ বাবে কিবা এটা বিশেষ বস্তু কিনিব পাৰিব ৷

ধনু ৰাশি: এটা শুভ দিন ৷ পাৰিবাৰিক আৰু পেছাদাৰী দুয়োটা ক্ষেত্ৰতে সুনাম বৃদ্ধি পাব ৷ আনন্দৰ পৰিৱেশে আপোনাক সুখী কৰি ৰাখিব ৷ শাৰীৰিক স্বাস্থ্যও ভাল হ’ব ৷ ব্যৱসায়তো লাভ হ’ব ৷ চৰকাৰী কামত সফলতা লাভ কৰিব ৷ বহু ক্ষেত্ৰত আপুনি খ্যাতি আৰু গৌৰৱ লাভ কৰিব ৷ কোনো পৰ্যটনস্থলী ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ দুপৰীয়াৰ পিচত কিছু বিশেষ খৰচৰ বাবে সাজু হওক ৷ আপোনাৰ পত্নীৰ লগত ভাল সময় কটাব ৷

মকৰ ৰাশি: দিনটো শুভ ৷ আমদানি-ৰপ্তানিৰ কাম কৰা লোকসকলে লাভৱান হ’ব ৷ বন্ধু বা আত্মীয়ৰ পৰা ভাল খবৰ পাই আপুনি সুখী হ’ব ৷ ধৰ্মীয় যাত্ৰাৰ সম্ভাৱনা আছে ৷ আজি আপোনাৰ কিছুমান পুৰণি কৰ্ম পৰিকল্পনা সম্পূৰ্ণ হ'ব ৷ ব্যৱসায়ত লাভ হ’ব ৷ ভৱিষ্যতে কিছু ডাঙৰ বিনিয়োগৰ বাবে পৰিকল্পনা কৰিব পাৰে ৷ ল'ৰা-ছোৱালীৰ সুখৰ বাবে টকা খৰচ কৰিব পাৰে ৷ আপোনজনৰ বাবে আপুনি কোনো বিশেষ উপহাৰ কিনিব পাৰে ৷

কুম্ভ ৰাশি:আজি কিবা এটা বিষয়ত মনত সুখ থাকিব ৷ খঙত মানুহৰ লগত কথা নাপাতিব ৷ পৰিয়ালৰ সদস্যৰ লগত কাজিয়াত নপৰিব ৷ দুপৰীয়াৰ পিচত আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীৰ সৈতে ভাল সময় পাৰ কৰিব ৷ ধৰ্মীয় যাত্ৰা হ'ব পাৰে ৷ বহিঃৰাজ্যৰ পৰা ভাল খবৰ পাব ৷ ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল হ’ব ৷ লগতে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ নতুন পৰিকল্পনা কৰিব পাৰিব ৷ অপ্ৰয়োজনীয় কামত টকা খৰচ হ’ব পাৰে ৷ কাৰোবাক উপহাৰ দি মনটো সুখী হ’ব ৷

মীন ৰাশি: চিন্তিত হৈ পৰিব ৷ কামৰ সফলতাত বাধাৰ সন্মুখীন হ’ব লগীয়া হ’ব পাৰে ৷ অফিচত সহকৰ্মীসকলৰ পৰা সহায় নাপাবও পাৰে ৷ বিবাহিত দম্পতীৰ মাজত বিবাদ হ’ব পাৰে ৷ পৰিয়ালৰ মাজত শান্তি বজাই ৰাখক ৷ ব্যৱসায়ত অংশীদাৰিত্ব কৰাৰ সময়ত সাৱধান হওক ৷ যান-বাহন আদি সাৱধানে চলাওক ৷ চাকৰি আৰু ব্যৱসায়ৰ বাবে কোনো ঠাইলৈ ওলাই যাবলগীয়া হ’ব পাৰে ৷ ভ্ৰমণৰ সময়ত অত্যন্ত সাৱধান হওক ৷ দুপৰীয়াৰ পিচত নেতিবাচক দিশৰ পৰা নিজকে আঁতৰাই ৰাখক ৷

লগতে পঢ়ক:বৃশ্চিক ৰাশিৰ সৌভাগ্য দুৱাৰ মুকলি...বৃষ ৰাশিয়ে ধনৰ লেন-দেন কৰোঁতে হওক সাৱধান...কেনে যাব আপোনাৰ এই সপ্তাহটো - Weekly Horoscope

ABOUT THE AUTHOR

...view details