অসম

assam

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 12:05 AM IST

ETV Bharat / bharat

কন্যা ৰাশিৰ লোকসকলে পৰিহাৰ কৰক খং, মকৰ ৰাশিত আছে অপ্ৰত্যাশিত ব্যয় বৃদ্ধি... আৰু কি কি আছে চাওক আজিৰ দিনটোৰ ৰাশিফলত - Daily Horoscope for 13 th June

Daily Horoscope: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope for 13 th June
আজিৰ দিনটোৰ ৰাশিফল (Etv Bharat Assam)

মেষ ৰাশি: মনৰ মাজত থকা বিদ্ৰোহী সত্বাক নিয়ন্ত্ৰণ কৰক ৷ ধৈৰ্য ধৰক, ততালিকে প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত থাকক ৷ আচম্বিতে সিদ্ধান্ত গ্ৰহণৰ পৰা বিৰত থাকক ৷ মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷ ফল লাভৰ বাবে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হোৱাৰ সম্ভাৱনা ৷ গ্ৰহণৰ অৱস্থান অনুকূল নহয় ৷ কাৰ্যালয়ত কামৰ বোজা বঢ়াৰ সম্ভাৱনা, অধিক সময় দিয়ক ৷ ইয়াৰ বাবে অন্যান্য কামসমূহ বাতিলৰ সম্ভাৱনা ৷ পেটৰ ৰোগে আমনি কৰিব পাৰে ৷ সাৱধানে থাকিব ৷

বৃষ ৰাশি:যোৱাটো দিনত গ্ৰহৰ অৱস্থান যথেষ্ট অনুকূল থকাৰ বাবে আজিৰ দিনটোত অটুট থাকিব আত্মবিশ্বাস ৷ প্ৰবল ইচ্ছাশক্তি আৰু সাহসৰ বাবে কৰ্মক্ষেত্ৰ, ব্যৱসায় আৰু ব্যক্তিগত জীৱনত সুখ লাভ ৷ সকলো ক্ষেত্ৰতে সফলতা নিশ্চিত ৷ পিতৃৰ দ্বাৰা উপকৃত হোৱাৰ সম্ভাৱনা ৷ যদিহে নিজে মাতৃ বা পিতৃ হয়, তেন্তে সন্তানৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বিচাৰ-বিবেচনাৰে বিনিয়োগ কৰক ৷ আৰ্থিক লাভৰ যোগ, বিশেষকৈ ৰাজহুৱা খণ্ডত কৰা বিনিয়োগৰ পৰা সুফল লাভ ৷ পঢ়ুৱৈসকলৰ বাবে উত্তম সময় ৷ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবেও উত্তম সময় ৷

লগতে চাওক:বিশ্বাস-অবিশ্বাসৰ মাজত ৰেইকীৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ, কিবা এটাতো নিশ্চয় আছে ! - REIKI THERAPY

মিথুন ৰাশি:কোনো নতুন কাম নাইবা চুক্তি স্বাক্ষৰৰ সম্ভাৱনা ৷ ব্যৱসায়িক ক্ষেত্ৰত দিনটো অনুকূল ৷ বিশেষকৈ ৰাজহুৱা খণ্ডত কৰা কোনো কামে সফলতা লাভ কৰাৰ ক্ষেত্ৰত সহায়ক হ’ব ৷ কিন্তু তাৰমাজতে সতৰ্ক হৈ থাকক, নহ’লে ফল লাভ নহ’বও পাৰে ৷ ভাতৃ-ভগ্নী বা চুবুৰীয়াৰ আচৰণে হতাশ কৰিব ৷ সংঘাত এৰাই চলক ৷ কিছু লোকৰ প্ৰতি থকা ধাৰণা সলনি হ’ব ৷ আৰ্থিক ক্ষেত্ৰত সাৱধান ৷

কৰ্কট ৰাশি: নেতিবাচক চিন্তাৰপৰা দূৰত থাকক ৷ সন্দেহজনক ভাৱ মনৰ পৰা আঁতৰাওক ৷ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে দুখ-দুৰ্দশাৰ কথা বৰকৈ ভাবি থাকে, সেয়া পৰিহাৰ কৰক ৷ যদিহে প্ৰিয়জন নাইবা আত্মীয়ৰ কোনো কথাই মনত দুখ দিছে, তেন্তে খোলাখুলিকৈ আলোচনা কৰক ৷ বিবাদৰ নিষ্পত্তি ৷ পৰিয়ালৰ লোকৰ সৈতে ভুল বুজাবুজিৰ সম্ভাৱনা ৷ সকলো কথা স্পষ্টকৈ প্ৰকাশ কৰক ৷ পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা বা পঢ়ুৱৈসকলৰ বাবে সময় মধ্যম ৷ মনৰ পৰা আনৰ ক্ষতি কৰিব পৰা চিন্তা আঁতৰ কৰক ৷

সিংহ ৰাশি: আজিৰ দিনটোত সাহসিকতা, বীৰত্ব আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব ৷ কোনো কঠোৰ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা ৷ পিতৃ নতুবা বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হোৱাৰ সম্ভাৱনাই অধিক ৷ যিয়ে আপোনাৰ সন্মান বৃদ্ধি কৰিব ৷ কথা-বতৰা কওতে সাৱধান ৷ অহংকাৰ এৰাই চলক ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷

কন্যা ৰাশি: দিনটো এক অসাধাৰণ মানসিকতাৰে পৰিপূৰ্ণ হৈ থকাৰ সম্ভাৱনা ৷ অহংকাৰ এৰাই চলক ৷ নহ’লে সংঘাতৰ সম্ভাৱনা ৷ যিয়ে মানসিক অস্থিৰতা বৃদ্ধি কৰিব ৷ ইয়াৰ প্ৰভাৱ স্বাস্থ্যৰ ওপৰত পৰাৰ সম্ভাৱনা অধিক ৷ নিৰ্দিষ্ট সময়ৰ আগতেই সকলো কাম শেষ হোৱাৰ সম্ভাৱনা ৷ কোনো ক্ষেত্ৰত প্ৰয়োজনৰ তুলনাত অধিক কথা ক’ব ৷ যিয়ে পুৰণি বন্ধুৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা ৷ গতিকে কথা কোৱাৰ ক্ষেত্ৰত সাৱধান ৷

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সৌভাগ্যশালী । যি কাৰ্য কৰিব, তাতেই ভাগ্য সুপ্ৰসন্ন থাকিব ৷ বন্ধুবৰ্গক সাক্ষাতৰ সম্ভাৱনা ৷ বন্ধুৰ সৈতে ভ্ৰমণৰ যোগ নাইবা নৈশভোজত অংশগ্ৰহণৰ সম্ভাৱনা ৷ এই সময় আনন্দেৰে উপভোগ কৰক ৷ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত লাভৰ যোগ ৷ জীৱনসংগীৰ সৈতে সুমধুৰ সময় অতিবাহিত হ’ব ৷

বৃশ্চিক ৰাশি:বিগত দিনটোৰ দৰেই আজিৰ দিনটো অনুকূল ৷ ব্যক্তিগত সম্পৰ্ক বা সংসাৰত প্ৰেম, সুখ-শান্তি অনুভৱ কৰিব । কৰ্মক্ষেত্ৰত পৰিৱেশ সুখদায়ক আৰু অনুকূল । আপোনাৰ উদ্যোগ তথা চিন্তাধাৰাৰ প্ৰতি সহকৰ্মীসকলৰ সহযোগিতা ৷ কৰ্মক্ষেত্ৰত ঊৰ্ধতন কৰ্তৃপক্ষৰ দ্বাৰা সমৰ্থন লাভ ৷ সময়ৰ কাম সময়ত শেষ হ’ব ৷ সন্ধিয়া ওচৰৰ ঠাইলৈ ভ্ৰমণৰ সম্ভাৱনা ৷ সামাজিক মৰ্যদা আৰু সন্মান বৃদ্ধিৰ যোগ ৷ সন্তানৰ সফলতা লাভৰ খবৰে আনন্দ প্ৰদান কৰিব ৷

ধনু ৰাশি: স্বাস্থ্য আৰু শৰীৰৰ যত্ন লোৱাটো নিতান্তই গুৰুত্বপূৰ্ণ ৷ অনিদ্ৰা, উদ্বেগ, বিৰক্তি ভাৱে দেখা দিলে আওকাণ নকৰিব ৷ এনেকুৱা হ’লে বিশ্ৰাম গ্ৰহণ কৰিব ৷ আজি শাৰিৰীক কষ্ট থকা কাম কৰাৰ পৰা বিৰত থাকক ৷ যদিহে দেওবাৰে প্ৰমোদ ভ্ৰমণৰ দিন নিৰ্ধাৰণ কৰিছিল, তেন্তে সেয়া বাতিল কৰাতোৱে ভাল ৷ নেতিবাচক প্ৰভাৱ পেলাব পৰা লোকৰ সৈতে বিবাদত লিপ্ত হোৱাৰ পৰা আঁতৰত থাকক ৷ খাদ্যগ্ৰহণৰ ক্ষেত্ৰত সচেতন হওঁক ৷ আলাপ-আলোচনাৰ সময়ত গধুৰ বিষয়বোৰ পৰিহাৰ কৰক ৷

মকৰ ৰাশি: অপ্ৰত্যাশিত ব্যয় বৃদ্ধি ৷ সাপ্তাহিক গ্ৰোচাৰী বজাৰ কৰিব গ’লে, যধে-মধে বস্তু ক্ৰয় কৰাৰ সম্ভাৱনাই অধিক ৷ যিয়ে পৰিকল্পনা বহিৰ্ভূত ব্যয়ৰ মাত্ৰা বৃদ্ধি কৰিব ৷ অতিৰিক্ত ব্যয় বৰ্জন কৰক ৷ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক ৷ পৰাপক্ষত বাহিৰৰ খাদ্য পৰিহাৰ কৰক ৷ খং-ৰাগ তথা নেচিবাচক চিন্তাৰ বশৱৰ্তী হোৱাৰ সম্ভাৱনা ৷ সাৱধানতা অৱলম্বন কৰক ৷ কৰ্মক্ষেত্ৰত তুলনামূলকভাৱে শান্ত পৰিৱেশ ৷ ব্য়ৱসায়িক ক্ষেত্ৰত অংশীদাৰসকলৰ সৈতে বিবাদত লিপ্ত হোৱাৰ সম্ভাৱনা ৷ আভ্যন্তৰীণ সংঘাত সৃষ্টি ৷

কুম্ভ ৰাশি: আজিৰ দিনটোত প্ৰেম-ভালপোৱা প্ৰকাশৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা ৷ দিনটোক উপভোগ কৰক ৷ কৰ্মক্ষেত্ৰত শুভ তথা ব্যৱসায়িক অংশীদাৰিত্বত সুফল লাভ ৷ আনন্দ আৰু আত্মবিশ্বাসেৰে দিনটো পাৰ হোৱাৰ সম্ভাৱনা ৷ যি কাম-কাজৰ জৰিয়তে প্ৰতিফলিত হ’ব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ যি বাস্তৱত ৰূপায়িত হ’ব ৷ কোনো পাৰ্টীত অংশগ্ৰহণৰ সম্ভাৱনা ৷ যান-বাহন ক্ৰয়ৰ ক্ষেত্ৰত শুভ দিন ৷

মীন ৰাশি: আপোনাৰ বাবে আজিৰ দিনটো সৌভাগ্যশালী ৷ ইচ্ছাশক্তি আৰু গ্ৰহণ কৰা সংকল্প অধিক শক্তিশালী হোৱাৰ প্ৰকট সম্ভাৱনা ৷ আপোনাৰ মনৰ দৃঢ়তা দেখি বন্ধুবৰ্গ আচৰিত হ’ব ৷ শাৰিৰীকভাৱে সুস্থ অনুভৱ কৰিব ৷ নতুন উদ্যমেৰে শৰীৰচৰ্চা কৰাৰ প্ৰতি আগ্ৰহী হোৱা দেখা যাব ৷ ঘৰুৱা শান্তি বৰ্তি থাকিব ৷ খং-ৰাগৰ লগতে কথা-বতৰা কওতে নিয়ন্ত্ৰণ ৰাখক ৷ কোনো কথাত হস্তক্ষেপ কৰাৰ পৰা বিৰত থকাটো ভাল ৷ আত্মীয় বিশেষকৈ মোমায়েকৰ ঘৰৰ পৰা শুভ সংবাদ লাভৰ সম্ভাৱনা ৷ সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ ৷

লগতে পঢ়ক:বৃশ্চিক ৰাশিৰ সৌভাগ্য দুৱাৰ মুকলি...বৃষ ৰাশিয়ে ধনৰ লেন-দেন কৰোঁতে হওক সাৱধান...কেনে যাব আপোনাৰ এই সপ্তাহটো - Weekly Horoscope

ABOUT THE AUTHOR

...view details