ETV Bharat / bharat

অসমৰ চাহ জনগোষ্ঠীক জনজাতিকৰণ প্ৰসংগত হেমন্ত ছোৰেণক উত্তৰ দিব ড৹ শৰ্মাই - CM Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Assam CM on Tea Tribes ST issue : আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বৰ্তমান ঝাৰখণ্ডত ব্যস্ত আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । শনিবাৰে মুখ্যমন্ত্ৰীয়ে কয় যে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ আসন বুজাবুজি চূড়ান্ত হৈছে । আনহাতে, অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ স্বীকৃতি প্ৰদানৰ বাবে হেমন্ত ছোৰেণে লিখা পত্ৰৰ লিখিত উত্তৰ দিব বুলি জনাই মুখ্যমন্ত্ৰীয়ে ।

Assam CM on Tea Tribes ST Issue
চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য (ETV Bharat)

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ : আগন্তুক ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এৰ সহযোগী দলবোৰৰ মাজত আসন বুজাবুজি প্ৰায় চূড়ান্ত হৈছে । পিতৃপক্ষৰ পিছতে আসনসমূহ ঘোষণা কৰা হ'ব । ঝাৰখণ্ডত বিজেপিৰ সৈতে এ জে এছ ইউ আৰু জে ডি ইউয়ে মিত্ৰতাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ।

শনিবাৰে এই কথা জনাইছে ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ স্পষ্ট কৰি দিয়ে যে ঝাৰখণ্ড নিৰ্বাচনৰ বাবে মিত্ৰদলসমূহৰ মাজত আসন বুজাবুজিৰ ক্ষেত্ৰত 99 শতাংশ আসনৰ বাবে আলোচনা সম্পূৰ্ণ হৈছে । এখন-দুখনমান আসনৰ ক্ষেত্ৰত আলোচনা বাকী আছে যদিও সেয়া সোনকালে সমাধা হ'ব আৰু পিতৃপক্ষ শেষ হোৱাৰ লগে লগে প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ব ।

ঝাৰখণ্ড চৰকাৰৰ দাবীৰ প্ৰত্যুত্তৰ দিব মুখ্যমন্ত্ৰীয়ে (ETV Bharat)

চাহ জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য

আনহাতে, অসমৰ চাহ বাগিচাত কৰ্মৰত লোকসকলক অ' বি চিৰ পৰিৱৰ্তে এছ টিৰ মৰ্যাদা প্ৰদান সন্দৰ্ভত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে প্ৰেৰণ কৰা এক পত্ৰৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ ইয়াৰ উত্তৰ লিখিতভাৱে দিব ।

ইয়াৰ উপৰি তেওঁ কয় যে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে পত্ৰখনৰ উত্তৰ কি হ'ব নিজে জানে । সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, "হেমন্ত ছোৰেণে লিখিত পত্ৰ দিছে, ময়ো ইয়াৰ উত্তৰ লিখিতভাৱে দিম । হেমন্তই নিজে জানে ইয়াৰ উত্তৰ কি ।"

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "হেমন্ত ছোৰেণক সুধিব লাগে যে তেওঁৰ পত্নী কল্পনা ছোৰেণে ঝাৰখণ্ডৰ কোনো এক জনজাতীয় আসনৰ পৰা নিৰ্বাচনত কিয় প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে । উত্তৰটো তেওঁলোকৰ ঘৰতে আছে ।"

উল্লেখ্য যে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ লিখিছে । পত্ৰখনত লিখা হৈছে, "অসমৰ চাহ বাগিচাত ৭০ লাখৰো অধিক লোকে এতিয়াও অ' বি চিৰ মৰ্যাদাতে আছে । ইয়াৰ বিপৰীতে তেওঁলোকক এছ টিৰ মৰ্যাদা দিব লাগে । ইয়াৰ বাবে চাহ জনগোষ্ঠীৰ লোকসকলে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা নাই । যদি অসম চৰকাৰে এই সিদ্ধান্ত ল'বলৈ সমস্যাৰ সন্মুখীন হৈছে, তেন্তে ঝাৰখণ্ডে এক উচ্চ পৰ্যায়ৰ তথ্য অনুসন্ধান মিছন গঠন কৰিবলৈ সাজু আছে ।"

আনহাতে, ৰাজ্যখনৰ মন্ত্ৰী ইৰফান আনছাৰীৰ বাংলাদেশী অনুপ্ৰৱেশৰ কথা অস্বীকাৰ কৰা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, "ঝাৰখণ্ড উচ্চ ন্যায়ালয়েও স্বীকাৰ কৰিছে যে অনুপ্ৰৱেশকাৰীসকলে ৰাজ্যখনক হাইজেক কৰিছে । এনে পৰিস্থিতিত এইগৰাকী ইৰফান আনছাৰীয়ে সেই ইৰফানৰ বিষয়ে চিন্তা কৰা উচিত, যিয়ে সমগ্ৰ ঝাৰখণ্ডক হাইজেক কৰিছে ।"

লগতে পঢ়ক :এনআৰচিত নাম নথকাসকলক ওভতাই পঠিওৱা হ’ব বাংলাদেশলৈ: হিমন্ত বিশ্ব শৰ্মা - Assam CM on NRC
লগতে পঢ়ক :ব্যক্তিগত কাৰণত ওড়িশাৰ ৰাজ্যপালক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ ! - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.