ETV Bharat / bharat

ছত্তীশগড়ৰ ৰে'লপথত বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰ - BJP LEADER DEATH JANJGIR CHAMPA - BJP LEADER DEATH JANJGIR CHAMPA

Chhattisgarh BJP leader death case : ঝাৰখণ্ডৰ বিৰোধী দলৰ প্ৰাক্তন দলপতি নাৰায়ণ চান্দেলৰ কনিষ্ঠ ভাতৃৰ মৃতদেহ ছত্তীশগড়ৰ জাঞ্জগিৰ চম্পাৰ ৰে'লপথত উদ্ধাৰ । তেওঁ পৰিধান কৰা পোছাকৰ জৰিয়তে বিজেপি নেতাজনক চিনাক্ত কৰা হয় ।

Chhattisgarh BJP Leader Death Case
ছত্তীশগড়ৰ ৰে'লপথত বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Sep 28, 2024, 3:08 PM IST

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ : শুকুৰবাৰে নিশা ছত্তীশগড়ৰ নাইলা ৰে'ল ষ্টেচনৰ ৩নং প্লেটফৰ্ম আৰু নাইলা কেবিনৰ মাজত এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয় । অৱশ্যে স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো নাইলাৰ এজন বিজেপি নেতা শেখৰ চান্দেলৰ বুলি চিনাক্ত কৰে । শেখৰ চান্দেল ৰাজ্যখনৰ বিৰোধী দলৰ প্ৰাক্তন দলপতি নাৰায়ণ চান্দেলৰ কনিষ্ঠ ভাতৃ আৰু তেওঁ ৰাজনীতিত সক্ৰিয় আছিল ।

ইফালে শুকুৰবাৰে নিশা বিজেপি নেতা শেখৰ চান্দেলৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে জিলাখনৰ আৰক্ষী অধীক্ষককে ধৰি আৰক্ষীৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় । ইয়াৰ উপৰি বহুসংখ্যক সমৰ্থক আৰু স্থানীয় লোকো ঘটনাস্থলীত উপস্থিত হয় । তাৰ পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

অৱশ্যে শেখৰ চান্দেলৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই । জানিব পৰা মতে, শেখৰ চান্দেলে নিশা ৮ বজাত তেওঁৰ ধানমিলৰ পৰা খোজকাঢ়ি ওলাই গৈছিল । তেওঁ মোবাইলত কথা পাতি গৈ আছিল । ইয়াৰ পিছত নিশা প্ৰায় 10 বজাত তেওঁক ৰে'লে কটাৰ খবৰ পোৱা যায় । ইয়াৰ পিছত মৃত ব্যক্তিজনক পিন্ধি থকা শ্বাৰ্টৰ দ্বাৰা চিনাক্ত কৰা হয় । আৰক্ষীয়ে মৃত্যুৰ প্ৰকৃত কাৰণ বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে ।

শেখৰ চান্দেল বৰ্তমান স্কাউট গাইডৰ জিলা মুখ্য আয়ুক্তৰ পদত অধিষ্ঠিত আছিল । তেওঁ জোলাই পঞ্চায়ত সদস্যৰ বাবেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । ইফালে শেখৰ চান্দেলৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ আত্মীয় আৰু স্থানীয় লোকৰ মাজত এক শোকৰ পৰিৱেশে বিৰাজ কৰে । নিশাৰ পৰাই বিভিন্ন লোকে গৈ জিলা চিকিৎসালয়ত ভিৰ কৰে ।

লগতে পঢ়ক :উত্তৰাখণ্ডৰ পৰা নিৰুদ্দেশ অসমৰ মেধাৱী ছাত্ৰ - Students Missing
লগতে পঢ়ক :কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু - MUDA scam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.