ETV Bharat / bharat

আৰ জি কৰ ধৰ্ষণ-হত্যা: ২ অক্টোবৰত কনিষ্ঠ চিকিৎসকৰ বৃহৎ প্ৰতিবাদী সমদলৰ আহ্বান - Protest against RG Kar Rape Murder

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

WB junior doctors grand march : প্ৰতিবাদকাৰী চিকিৎসকসকলৰ অন্যতম অনিকেত মাহাতোৱে কয় যে ২ অক্টোবৰত এই সমদল কলেজ স্কোৱেৰৰ পৰা ধৰমতলালৈ ৰাওনা হ'ব । তেওঁ লগতে কয় যে ধৰমতলাত একেদিনাই এখন গণসমাবেশো অনুষ্ঠিত হ'ব ।

WB Junior Doctors Grand March
আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতাল (ETV Bharat)

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ : কলকাতাৰ আৰ জি কৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ প্ৰতিবাদ এতিয়াও চলি আছে । শেহতীয়াভাৱে এই প্ৰতিবাদৰ অংশ হিচাপে পশ্চিমবংগৰ কনিষ্ঠ চিকিৎসকসকলে পশ্চিমবংগ জুনিয়ৰ ডক্টৰ্ছ ফ্ৰণ্টৰ বেনাৰত ২ অক্টোবৰত মহালয়াৰ দিনা এক বিশাল প্ৰতিবাদী সমদল আৰু গণসমাবেশৰ আহ্বান জনাইছে । আন্দোলনকাৰী কনিষ্ঠ চিকিৎসকসকলৰ অন্যতম অনিকেত মাহাতোৱে শুকুৰবাৰে এই কথা প্ৰকাশ কৰে ।

অনিকেত মাহাতোৱে কয় যে এই ৰেলী ২ অক্টোবৰত কলেজ স্কোৱেৰৰ পৰা ধৰমতলালৈ ৰাওনা হ'ব । তেওঁ লগতে কয় যে ধৰমতলা বা য'তে অনুমতি দিয়া হয়, সেইদিনাই এক গণসমাবেশো অনুষ্ঠিত হ'ব ।

অনিকেত মাহাতোৱে লগতে কয় যে কনিষ্ঠ চিকিৎসকসকলে উক্ত সমাবেশৰ পৰাই তেওঁলোকৰ ভৱিষ্যৎ কাৰ্যসূচীও ঘোষণা কৰিব । আনহাতে, একেদিনাই আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মৃত চিকিৎসকগৰাকীৰ স্মৃতিত এটা প্ৰতিমূৰ্তিও স্থাপন কৰা হ'ব । অনিকেত মাহাতোৱে কয় যে প্ৰতিমূৰ্তিটো ক'ত স্থাপন কৰা হ'ব সেই বিষয়ে কৰ্তৃপক্ষৰ সৈতে আলোচনা চলি আছে । জানিব পৰা মতে, এই প্ৰতিমূৰ্তি কেৱল আৰ জি কৰতে নহয়, ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়তো স্থাপন কৰা হ'ব ।

মাহাতোৰ মতে, তেওঁলোকে অন্যান্য প্ৰতিবাদী কাৰ্যসূচীৰ ভিতৰত ২৯ ছেপ্টেম্বৰৰ নিশা পুনৰ ৰাজপথ অৱৰোধৰ আহ্বান জনাইছে ।

ইফালে চি বি আইৰ মনোনীত এখন আদালতে শুকুৰবাৰে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ জামিন অস্বীকাৰ কৰে । আদালতে পৰ্যবেক্ষণ কৰে যে তেওঁৰ বিৰুদ্ধে অভিযোগৰ প্ৰকৃতি আৰু গভীৰতা গুৰুতৰ আৰু ই প্ৰমাণিত হ'লে মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে ।

উল্লেখ্য, চি বি আয়ে ঘোষ আৰু তালা আৰক্ষী থানাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত বিষয়া অভিজিত মণ্ডলক ৯ আগষ্টত চৰকাৰী চিকিৎসালয়ত এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাত প্ৰমাণ দাখিল কৰাত বিলম্ব হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক :দুৰ্গা পূজা উদযাপনৰ সময়ত আমি কোনো প্ৰতিবাদ নকৰো: পশ্চিম বংগ বিজেপিৰ সভাপতিৰ ঘোষণা - RG Kar Rape and Murder Case
লগতে পঢ়ক :প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ-হত্য়া; কনিষ্ঠ চিকিৎসকৰ ধৰ্মঘট সমাপ্ত কৰাৰ সিদ্ধান্ত - Trainee Doctor Rape Murder Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.