মেষ ৰাশি:আজি আপোনাৰ খঙাল স্বভাৱক নিয়ন্ত্ৰণ কৰিব লাগিব ৷ আপুনি শাৰীৰিক আৰু মানসিক ক্লান্তিৰ অনুভৱ কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ পিচতো আশা কৰা ধৰণে সফলতা লাভ কৰিব নোৱাৰিব ৷ ল’ৰা-ছোৱালীক লৈ আপুনি চিন্তিত হ’ব পাৰে ৷ ব্যস্ততাৰ বাবে আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ সমস্যাৰ প্ৰতি গুৰুত্ব দিব নোৱাৰিব ৷ নেতিবাচক চিন্তা, বাক্য বা ঘটনাৰ পৰা আঁতৰি থাকক ৷ পেটৰ লগত জড়িত সমস্যা হ’ব পাৰে ৷ আজিয়েই বাহিৰলৈ ওলাই যোৱাৰ পৰিকল্পনা পিচুৱাই দিয়ক ৷ চৰকাৰী কামত আপুনি সাফল্য লাভ কৰিব ৷
বৃষ ৰাশি: আজি আপুনি শক্তিশালী মনোবল আৰু আত্মবিশ্বাসেৰে কাম কৰিবলৈ সক্ষম হ'ব ৷ আশা কৰা মতে, এই কামৰ ফলাফল আপোনালোকে পাব ৷ পিতৃ বা মাতৃৰ পৰা লাভজনক খবৰ লাভ কৰিব ৷ ছাত্ৰ-ছাত্ৰীসকলে অনুশীলনৰ প্ৰতি আগ্ৰহী হ’ব ৷ চৰকাৰী খণ্ডত লাভ হ’ব ৷ আৰ্থিক লেনদেনত সফলতা লাভ কৰিব ৷ ল’ৰা-ছোৱালীৰ খৰচ বৃদ্ধি হ’ব ৷ আপোনাৰ পত্নীৰ লগত চলি থকা পুৰণি বিবাদৰ সমাধান পাব ৷ প্ৰেমৰ সম্পৰ্ক আৰু অধিক গভীৰ হ’ব ৷ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সময় ভাল ৷
মিথুন ৰাশি:নতুন প্ৰকল্প আৰম্ভ কৰাৰ বাবে আজি এটা শুভ দিন ৷ চৰকাৰৰ পৰা সুবিধা পোৱাৰ সম্ভাৱনা আছে ৷ ব্যৱসায়ত আপুনি আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ পৰা ভাল সমৰ্থন পাব ৷ ভ্ৰমণত যাব পাৰে ৷ বন্ধু-বান্ধৱ, ঘনিষ্ঠ বা ওচৰ-চুবুৰীয়াৰ লগত পুৰণি বিবাদবোৰ যেন সমাধান হ’ব ৷ আপোনাৰ সম্পৰ্কত ইতিবাচক ফল পোৱা যাব ৷ শত্ৰুৰ সৈতে জয় লাভ ৷ অৱশ্যে অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা সতৰ্ক হোৱাৰ সময় আহি পৰিছে ৷ বিনিয়োগ কৰিবলৈ খৰখেদা নকৰিব ৷
কৰ্কট ৰাশি:আজিৰ দিনত নেতিবাচক মানসিকতাৰে আচৰণ নকৰিব ৷ আপুনি শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ থাকিব ৷ মনত দুখ আৰু অসন্তুষ্টিৰ অনুভূতি থাকিব পাৰে ৷ চকুত বিষ হোৱাৰ সম্ভাৱনা আছে ৷ পাৰিবাৰিক পৰিৱেশ অনুকূল নহ’ব ৷ পৰিয়ালৰ সদস্যৰ লগত যাতে কোনো ধৰণৰ ভুল বুজাবুজি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব ৷ অধ্যয়নৰ প্ৰতি আগ্ৰহ থকাৰ পিচতো ছাত্ৰ-ছাত্ৰীয়ে আশা কৰা ধৰণৰ ফলাফল নাপাবও পাৰে ৷ অনৈতিক প্ৰৱণতাৰ পৰা আঁতৰি থাকক ৷ টকাৰ ব্যয় বেছি হ’ব ৷
সিংহ ৰাশি: আজি আপোনাৰ বহুত আত্মবিশ্বাস থাকিব ৷ ইয়াৰ বাবেই আপুনি আপোনাৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ চেষ্টাত ব্যস্ত হৈ পৰিব ৷ কোনো কাম কৰিবলৈ খৰখেদা নকৰিব, নহ’লে ক্ষতি হ’ব পাৰে ৷ সামাজিক সন্মান বাঢ়িব ৷ আপোনাৰ কথা-বতৰা আৰু আচৰণে যাতে আনক আঘাত নিদিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখিব ৷ কিবা কাৰণত দুপৰীয়াৰ পিচত খঙৰ পৰিমাণ তুলনামূলকভাৱে বেছি হ’ব ৷ পৰিয়ালৰ সদস্যৰ লগত মতানৈক্য থাকিব পাৰে ৷
কন্যা ৰাশি:আপোনাৰ দিনটো শাৰীৰিক আৰু মানসিক চিন্তাৰ বোজা হৈ পৰিব ৷ বিশেষ যত্ন লওক যে আপোনাৰ ইগো আজি কাৰো লগত সংঘৰ্ষ নহয় ৷ আদালতৰ কামত সাৱধান হওক ৷ আকস্মিক ধন খৰচ কৰা হ’ব ৷ বন্ধু-বান্ধৱীৰ লগত কিছু বিসংগতি হ’ব পাৰে ৷ ধৰ্মীয় কাম-কাজত ব্যয় বৃদ্ধি ৷ শান্ত মনেৰে কাম কৰক ৷ মানসিক চিন্তা হ’ব ৷ স্বাস্থ্যৰ যত্ন লওক ৷ ব্যৱসায়ত সাৱধান হওক ৷