অসম

assam

ৰাহুল গান্ধীক প্ৰদান কৰা ভাবুকিৰ বিৰুদ্ধে দেশজুৰি কংগ্ৰেছে আৰম্ভ কৰিব প্ৰতিবাদী কাৰ্যসূচী - congress on threating to Rahul

By ETV Bharat Assamese Team

Published : Sep 18, 2024, 5:55 PM IST

Threating to Rahul Gandhi: এজন সাংসদে ৰাহুল গান্ধীৰ জিভা কটাৰ বাবে পুৰস্কাৰ ঘোষণা কৰা ঘটনাই দেশৰ ৰাজনৈতিক মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইয়াৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ কৰিবলৈ সাজু হৈছে কংগ্ৰেছ ৷

Threating to Rahul Gandhi
কংগ্ৰেছৰ প্ৰতিবাদ (ETV Bharat)

নিউজ ডেস্ক, ১৮ ছেপ্টেম্বৰ: লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক প্ৰদান কৰা ভাবুকিক লৈ চিন্তিত হৈছে কংগ্ৰেছ । লগতে ইয়াৰ বিৰুদ্ধে দুটা পৰ্যায়ত যুঁজ দিয়াৰ পৰিকল্পনা কৰিছে । দলটোৱে এই ভাবুকিৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি ৰাজপথ কঁপাবলৈ সাজু হোৱাৰ লগতে এনে মন্তব্য কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থাও গ্ৰহণ কৰিছে ।

কংগ্ৰেছে অভিমত ব্যক্ত কৰে যে বিজেপি আৰু ইয়াৰ মিত্ৰদলৰ নেতাসকলৰ পৰা অহা এনে ধৰণৰ ভাবুকি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰক কঠোৰ প্ৰশ্ন কৰি অহা বিৰোধী দলৰ নেতাগৰাকীক ক্ষতি কৰাৰ পৰিকল্পনাৰ এক অংশ ।

আনহাতে, ৰাহুল গান্ধীৰ আইতাক তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু পিতৃ, প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীকো ৰাজনৈতিক বিৰোধীয়ে অতি জঘন্যভাৱে হত্যা কৰাৰ কথা স্মৰণ কৰি কংগ্ৰেছে সমগ্ৰ বিষয়টোক লৈ কেন্দ্ৰৰ নীৰৱতাৰ বাবে চিন্তিত বুলিও উল্লেখ কৰে ।

উল্লেখ্য যে ১৯৮৪ চনৰ ৩১ অক্টোবৰত পঞ্জাবৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰত লুকাই থকা সন্ত্ৰাসবাদীসকলক উলিয়াই অনাৰ বাবে চলোৱা সেনা অভিযানৰ প্ৰতিশোধ স্বৰূপে ইন্দিৰা গান্ধীক তেওঁৰ দুই দেহৰক্ষীয়ে গুলীৰে ধৰাশায়ী কৰিছিল । আনহাতে, ৰাজীৱ গান্ধীক ১৯৯১ চনৰ ২১ মে'ত শ্ৰীলংকাৰ উগ্ৰপন্থী সংগঠন এল টি টি ইৰ এগৰাকী মহিলা আত্মঘাতী বোমাৰুৱে হত্যা কৰিছিল ।

এ আই চি চিৰ ভাৰপ্ৰাপ্ত বিষয়া কে চি বেণুগোপালে ইটিভি ভাৰতক কয়, "আমি সকলো ৰাজ্যিক গোটক আগন্তুক কেইদিনমানৰ ভিতৰত ৰাহুল গান্ধীক প্ৰদান কৰা ভাবুকিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰু বিষয়টো জনসাধাৰণক বুজাবলৈ কৈছোঁ ।"

"তেওঁ সামাজিক ন্যায়ৰ হকে মাত মাতি আছে আৰু সেয়েহে তেওঁক লক্ষ্য কৰা হৈছে । আমি হাত সাৱটি বহি থাকি এইটো চাই থাকিব নোৱাৰিম ।" তেওঁ কয় । ইয়াৰ অংশ হিচাপে বুধবাৰে মহিলা কংগ্ৰেছৰ সদস্যসকলে সমগ্ৰ দেশৰ বিজেপি কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে, যুৱ কংগ্ৰেছৰ সদস্যসকলেও মন্ত্ৰী ৰৱনীট বিট্টুৰ মন্তব্যৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ কৰে । দিল্লী আৰু অন্ধ্ৰপ্ৰদেশৰ কংগ্ৰেছ সমিতিয়ে বিষয়টোৰ প্ৰতিবাদ কৰে ।

আনহাতে, অনাগত দিনবোৰত দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ উপৰি কংগ্ৰেছে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীৰ ওচৰতো অভিযোগ দাখিল কৰিছে ।

কংগ্ৰেছে দিল্লীৰ তোঘলক ৰোড আৰক্ষী থানাত বিজেপি নেতা তৰবিন্দৰ সিং মাৰৱাহকে ধৰি চাৰিজন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে ।

উল্লেখ্য যে তেওঁলোকে ১১ ছেপ্টেম্বৰত ৰাহুল গান্ধীক মুকলিকৈ ভাবুকি দিছিল । বিজেপিৰ সহযোগী শিৱসেনা শিন্দে গোটৰ এগৰাকী বিধায়ক সঞ্জয় গায়কোৱাড়ে যিয়ে ৰাহুল গান্ধীৰ জিভা কাটিব তেওঁক ১১ লাখ টকা পুৰস্কাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । আনহাতে, ১৫ ছেপ্টেম্বৰত ৰাহুল গান্ধীক সন্ত্ৰাসবাদী বুলি কৈছিল ৰে'ল ৰাজ্যিক মন্ত্ৰী ৰৱনীট বিট্টুৱে । ইয়াৰ উপৰি ১৬ ছেপ্টেম্বৰত ৰাহুল গান্ধীক এক নম্বৰ সন্ত্ৰাসবাদী বুলি কৈছিল উত্তৰ প্ৰদেশৰ মন্ত্ৰী ৰঘুৰাজ সিঙে ।

উক্ত ব্যক্তিকেইজন আৰু তেওঁলোকৰ সহযোগীৰ বিৰুদ্ধে অতি সোনকালে ভাৰতীয় ন্যায় সংহিতাৰ ৩৫১, ৩৫২, ৩৫৩, ৬১ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাৰ বাবে অভিযোগ দাখিল কৰা হৈছে । ইয়াৰ উপৰি কংগ্ৰেছ নেতাসকলে মহাৰাষ্ট্ৰত গায়কোৱাড়ৰ বিৰুদ্ধে এক পৃথক অভিযোগ দাখিল কৰে ।

লগতে পঢ়ক :নগা ৰাজনৈতিক সমস্যা; নতুন মধ্যস্থতাকাৰীৰ দাবীত অসন্তুষ্ট নগা নেশ্যনেল প’লিটিকেল গ্ৰুপ - NAGA POLITICAL ISSUE
লগতে পঢ়ক :লালু প্ৰসাদ যাদৱ, পুত্ৰ তেজস্বী যাদৱ আৰু তেজ প্ৰতাপ যাদৱলৈ আদালতৰ চমন - Land for job money laundering case

ABOUT THE AUTHOR

...view details