অসম

assam

ETV Bharat / bharat

ভুৱা বিজ্ঞাপন প্ৰকাশৰ অভিযোগ : জামিন লাভ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ - False Advertisement Case BY BJP - FALSE ADVERTISEMENT CASE BY BJP

False Advertisement Case: কংগ্ৰেছী নেতা সিদ্ধাৰামাইয়া আৰু উপ-মুখ্যমন্ত্ৰী ডিকে শিৱকুমাৰৰ পিচত শুকুৰবাৰে জামিন লাভ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ কৰ্ণাটকৰ 42 নং বিশেষ আদালতে যোৱা সপ্তাহত মানহানিৰ গোচৰত মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া আৰু উপ-মুখ্যমন্ত্ৰী ডিকে শিৱকুমাৰক জামিন দিছিল ৷ পুৱা 10.30 বজাত ৰাহুল গান্ধী হাজিৰ হয় বিশেষ আদালতত ।

Defamation case by BJP
মানহানিৰ গোচৰৰ শুনানিৰ বাবে বেংগালুৰুৰ আদালতত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Etv bharat assam)

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 11:52 AM IST

নেশ্যনেল ডেস্ক, 7 জুন:কৰ্ণাটক বিজেপিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগতে কেবাজনো নেতাৰ বিৰুদ্ধে ভুৱা বিজ্ঞাপন প্ৰকাশৰ অভিযোগত দাখিল কৰিছিল মানহানিৰ গোচৰ ৷ শুকুৰবাৰে বেংগালুৰু আদালতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক জামিন প্ৰদান কৰে ।

জামিন লাভ কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Etv bharat assam)

বিগত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপি চৰকাৰৰ বিৰুদ্ধে কৰ্ণাটক কংগ্ৰেছে বিভিন্ন বাতৰি কাকতত প্ৰকাশ কৰা ৰেট কাৰ্ডৰ বিজ্ঞাপন সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক এছ কেশৱ প্ৰসাদে 2023 চনৰ 8 মে’ত 42 নং বিশেষ আদালতত ব্যক্তিগতভাৱে অভিযোগ দাখিল কৰিছিল । এই সন্দৰ্ভত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক আদালতে চমন জাৰি কৰিছিল ।

আদালতৰ আশে-পাশে কটকটীয়া নিৰাপত্তা

কংগ্ৰেছ নেতা ৰাহুল গান্ধী হাজিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে চিটি চিভিল ক’ৰ্ট কমপ্লেক্সৰ সমীপত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে । ৰাহুল গান্ধীৰ আগমনৰ পৰিপ্ৰেক্ষিতত বৃহৎ সংখ্যক কংগ্ৰেছ কৰ্মী-সমৰ্থকৰ সমাগম হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে । যিকোনো অপ্ৰীতিকৰ ঘটনা ৰোধ কৰিবলৈ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে ।

কেন্দ্ৰীয় সংমণ্ডলৰ ডিচিপি এইচ টি শেখৰৰ নেতৃত্বত তিনিজন এচিপি, 10 জন পৰিদৰ্শক, উপ-পৰিদৰ্শক, কে এছ আৰ পি স্কোয়াড, ভ্ৰাম্যমাণ আৰক্ষী জোৱানকে ধৰি 250 জনৰো অধিক আৰক্ষীক নিৰাপত্তাৰ বাবে নিয়োগ কৰা হৈছে । সতৰ্কতামূলক ব্যৱস্থা হিচাপে আদালতৰ প্ৰৱেশদ্বাৰত বেৰিকেড স্থাপন কৰা হৈছে ।

মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া আৰু উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে যোৱা সপ্তাহত মানহানিৰ গোচৰৰ শুনানিৰ বাবে বিশেষ আদালতত হাজিৰ হৈ জামিন লাভ কৰে । কিন্তু ৰাহুল গান্ধীয়ে চমন জাৰি কৰাৰ পাচতো আদালতত হাজিৰ হ’ব পৰা নাছিল । সেইদিনা বিশেষ আদালতে 7 জুনত হাজিৰ হ’বলৈ ৰাহুল গান্ধীক চমন জাৰি কৰিছে ।

কি অভিযোগ তুলিছিল কংগ্ৰেছে

বিধানসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছে প্ৰকাশ কৰা প্ৰেছ বিজ্ঞাপনত 2019 চনৰ পৰা 2023 চনলৈ বিজেপি চৰকাৰে দুৰ্নীতিগ্ৰস্ত প্ৰশাসনক নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন কৰিছে । কংগ্ৰেছে অভিযোগ তুলিছিল যে মুখ্যমন্ত্ৰী পদৰ বাবে বিজেপি হাইকমাণ্ডক 2500 কোটি আৰু মন্ত্ৰী পদৰ বাবে 500 কোটি টকা দিয়া হৈছিল ।

লগতে কোভিড কিট যোগান নিবিদাৰ চুক্তিত 75 শতাংশ, PWD চুক্তি নিবিদাৰ চুক্তিত 40 শতাংশ, মেথছক দিয়া অনুদানৰ চুক্তিত 30 শতাংশ, সঁজুলি যোগানৰ চুক্তিত 40 শতাংশ, শিশুক দিয়া কণী যোগানৰ নিবিদা চুক্তিত 30 শতাংশ ৷ সমান্তৰালভাবে, পথৰ কামৰ নিবিদা চুক্তিত নিবিদাকাৰীৰ পৰা 40 শতাংশ কমিচন লৈ দুৰ্নীতিগ্ৰস্ত প্ৰশাসনৰ অভিযোগ উত্থাপন কৰি আগশাৰীৰ বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰিছিল ।

সেয়েহে এছ কেশৱ প্ৰসাদে আই পি চিৰ 499, 500 ধাৰাত কংগ্ৰেছ নেতাৰ বিৰুদ্ধে ব্যক্তিগতভাবে মানহানিৰ অভিযোগ দাখিল কৰিবলৈ 42 নং বিশেষ আদালতত অভিযোগ দাখিল কৰিছিল ।

বিজয়ী সাংসদসকলৰ সৈতে বৈঠক

আদালতৰ পিছত ৰাহুল গান্ধীয়ে কুইনছ ৰোডৰ ভাৰত জোড়ো ভৱনত কৰ্ণাটকৰ লোকসভা নিৰ্বাচনত বিজয়ী আৰু পৰাজিত প্ৰাৰ্থীৰ সৈতে বৈঠকত মিলিত হ’ব । এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া, ডিচিএম, কে পি চি চিৰ সভাপতি ডি কে শিৱকুমাৰ উপস্থিত থাকিব । বিষয় সন্দৰ্ভত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে 30 জুলাইত ৷

লগতে পঢ়ক:ৰায়বৰেলী নে ৱায়ানাড ? ৰাহুল গান্ধীয়ে কাৰ সৈতে থাকি কাক এৰিব ... - Lok Sabha Election Results 2024

ABOUT THE AUTHOR

...view details