অসম

assam

ETV Bharat / bharat

পাঁচ বছৰত অৰুণাচলৰ আন্তঃগাঁথনি অধিক উন্নয়নৰ লক্ষ্য মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

Tawang Marathon : টাৱাং মাৰাথনে অৰুণাচলৰ পৰ্যটন ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । ইটিভি ভাৰতৰে এক আছুতীয়া সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় ।

Tawang Marathon
টাৱাং মাৰাথনত অংশগ্ৰহণৰ সময়ত অৰুণাচলৰ মুখ্যমন্ত্ৰী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 5 hours ago

টাৱাং (অৰুণাচল প্ৰদেশ) : আগন্তুক পাঁচ বছৰৰ ভিতৰত অৰুণাচল প্ৰদেশৰ পৰ্যটন ক্ষেত্ৰ আৰু আন্তঃগাঁথনিৰ উন্নয়ন অধিক দ্ৰুতগতিত বৃদ্ধি পাব । অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে টাৱাং মাৰাথনত অংশগ্ৰহণ কৰি ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কয়, "কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সহযোগিতাত আগন্তুক পাঁচ বছৰত বিভিন্ন ক্ষেত্ৰত অধিক উন্নয়নৰ বাবে চিন্তা কৰা হৈছে ।"

তেওঁ কয়, "বৰ্তমান ৰাজ্য চৰকাৰে পিছপৰি থকা গাঁও আৰু অঞ্চলৰ বাট-পথ উন্নয়নৰ বাবে কাম হাতত লৈছো । বহুতো গাঁৱত আজিও যোগাযোগ ব্যৱস্থা দুৰ্গম হৈ আছে । সেইবোৰ পূৰ্বতকৈ উন্নত কৰা হৈছে । অৰুণাচল প্ৰদেশ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত ভৌগোলিকভাৱে বিস্তৃত অঞ্চল আৰু ওখ শিলাখণ্ড তথা দুৰ্গম পাহাৰৰ মাজত অৱস্থিত । সেইবাবে পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ আৰু ভাৰতীয় সেনাই যৌথভাৱে কাম কৰিছে ।"

অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰে আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat Assam)

অৰুণাচলৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ অৱদানৰ কথা উল্লেখ কৰি তেওঁ কয়, "কেন্দ্ৰীয় চৰকাৰে সহযোগিতা আগবঢ়োৱা বাবে ৰাজ্যখনৰ আন্তঃগাঁথনিৰ উন্নয়ন এতিয়া যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে ।"

টাৱাং মাৰাথন সন্দৰ্ভত তেওঁ কয়, "টাৱাং মাৰাথনৰ বাবে অৰুণাচল প্ৰদেশৰ টাৱাং জিলা পৰ্যটনৰ ক্ষেত্ৰত পূৰ্বতকৈ অধিক আগবাঢ়ি যোৱাৰ দিশে গতি কৰিছে । এই আন্তঃৰাষ্ট্ৰীয় মাৰাথন বৰ্তমান বাৰ্ষিক উৎসৱ হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰা হৈছে । টাৱাং মাৰাথনত দেশৰ বাহিৰৰো ১০০০ দৌৰবিদে অংশগ্ৰহণ কৰিছে ।"

খাণ্ডুৱে লগতে কয়, "বৰ্তমান অৰুণাচল প্ৰদেশৰ টাৱাং পৰ্যটকৰ লক্ষ্যস্থান হৈ পৰিছে । দেশ-বিদেশৰ পৰ্যটকৰ দলে এতিয়া টাৱাং ভ্ৰমণ কৰিবলৈ আহিছে । অৰুণাচল প্ৰদেশ সীমান্ত ৰাজ্য হিচাপে কেন্দ্ৰীয় চৰকাৰে পৰ্যটনৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ লগতে সীমান্তৱৰ্তী গাঁওসমূহক উৎসাহিত কৰাৰ চেষ্টা কৰা হৈছে ।"

আনহাতে, আন্তঃগাঁথনি উন্নয়ন আৰু চৰকাৰৰ ‘‘ভাইব্ৰেণ্ট ভিলেজ প্ৰ'গ্ৰেম’’ৰ সৈতে মিলাই সীমান্ত অঞ্চলসমূহক ৰূপান্তৰিত কৰাৰ বাবে ভাৰতীয় সেনাৰ দায়বদ্ধতাক খাণ্ডুৱে প্ৰশংসা কৰে । এই ‘‘ভাইব্ৰেণ্ট ভিলেজ প্ৰ'গ্ৰেম’’ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গৃহমন্ত্ৰী অমিত শ্বাহে অৰুণাচল প্ৰদেশৰ পৰা আৰম্ভ কৰা বুলিও মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে উল্লেখ কৰে ।

লগতে পঢ়ক :মুকলি হ'ল বহু প্ৰত্যাশিত কামেং সংস্কৃতি আৰু ঐতিহ্য সংগ্ৰহালয়
লগতে পঢ়ক :৪৫০০ দৌৰবিদৰ অংশগ্ৰহণেৰে টাৱাং মাৰাথনৰ আয়োজন

ABOUT THE AUTHOR

...view details