অসম

assam

ETV Bharat / bharat

মণিপুৰ আকৌ জ্বলিল: ক্ষুব্ধ জনতা-আৰক্ষীৰ সংঘৰ্ষ, আহত আৰক্ষী অধীক্ষক - MANIPUR VIOLENCE

পুনৰ অশান্ত মণিপুৰ । আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত শিল দলিয়ালে জনতাই ।

policeman injured in me b violence in Manipur'
মণিপুৰৰ কাংপোকপিত ক্ষুব্ধ জনতা-আৰক্ষীৰ সংঘৰ্ষ (PTI file photo)

By ETV Bharat Assamese Team

Published : Jan 3, 2025, 10:57 PM IST

গুৱাহাটী: শুকুৰবাৰে সন্ধিয়া মণিপুৰৰ কাংপোকপি জিলাত ক্ষুব্ধ জনতা আৰু আৰক্ষী কৰ্মীৰ মাজত সংঘৰ্ষৰ নতুন ঘটনা সংঘটিত হোৱাৰ পিছত কেইবাজনো লোক আহত হয় । আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত কয় যে জনতাই কাংপোকপি জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত শিল আৰু অন্যান্য অস্ত্ৰৰে আক্ৰমণ কৰে । এই ঘটনাত জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীও আঘাতপ্ৰাপ্ত হয় ।

মণিপুৰৰ কুকি সংগঠনসমূহে কুকি অধ্যুষিত জিলাসমূহত শেহতীয়াকৈ নিয়োজিত কেন্দ্ৰীয় বাহিনী প্ৰত্যাহাৰৰ দাবী কৰি আহিছে । বৃহস্পতিবাৰে কুকি-জো পৰিষদে জনজাতীয় অধিকাৰ আৰু মৰ্যাদাৰ প্ৰতি স্পষ্ট অৱজ্ঞাৰ বিৰুদ্ধে থিয় দিবলৈ ২ জানুৱাৰীৰ নিশা ১২ বজাৰ পৰা ৪ জানুৱাৰীৰ পুৱা ২ বজালৈকে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলো কুকি-জো বসতিপূৰ্ণ জিলাত অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰে । অৱৰোধৰ সময়ত কুকি-জো বসতিপূৰ্ণ অঞ্চলৰ মাজেৰে যোৱা যান-বাহনৰ চলাচল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহন সম্পূৰ্ণৰূপে সীমিত আছিল ।

কুকিসকলে শেহতীয়াকৈ কুকি জনজাতীয় অধ্যুষিত জিলাসমূহত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন কৰাৰ বিৰোধিতা কৰি আহিছে আৰু চি পি এফ বাহিনীক তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে । শুক্ৰবাৰে এই নতুন ঘটনা সংঘটিত হয় সেই সময়ত, যি সময়ত প্ৰাক্তন কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই মণিপুৰৰ ১৯ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে ।

অসম-মেঘালয় কেডাৰৰ ১৯৮৪ বেটচৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ভাল্লাক মণিপুৰৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি কৃষ্ণকুমাৰে ইম্ফলৰ ৰাজভৱনত শপত পাঠ কৰোৱায় । ভাল্লাই যোৱা বছৰ আগষ্টত কেন্দ্ৰীয় গৃহ সচিব হিচাপে অৱসৰ গ্ৰহণ কৰিছিল । উল্লেখ্য় যে ভাল্লাৰ নিযুক্তিৰ পূৰ্বে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মণিপুৰৰ অতিৰিক্ত দায়িত্ব পালন কৰি আছিল ৷ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙো নতুন ৰাজ্যপালৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ।

লগতে পঢ়ক:চৰকাৰী নিৰ্দেশনা প্ৰত্যাহাৰ; ইন্টাৰনেট সেৱা পুনৰ লাভ কৰিব মণিপুৰবাসীয়ে - MANIPUR INTERNET SUSPENSION LIFTS

মণিপুৰ হিংসাত প্ৰধানমন্ত্ৰীৰ মৌনতা; ২২ ডিচেম্বৰত দিল্লীত সমদল বিভিন্ন সংগঠনৰ - MANIPUR VIOLENCE

ABOUT THE AUTHOR

...view details