অসম

assam

ষ্ট্ৰীট লাইটৰ পোহৰত পঢ়ি ইউ পি ব'ৰ্ডৰ পৰীক্ষাত সফলতা অৰ্জন - UP BOARD RESULT 2024

UP Board result 2024: দাৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে । এই কথাষাৰ যেন বাৰে বাৰে প্ৰমাণ কৰি আহিছে একাংশ মেধাবী ছাত্ৰ-ছাত্ৰীয়ে । দোকানত নেমু-জলকীয়া বান্ধি পেটৰ ভাতমুঠিৰ যোগাৰ কৰি ষ্ট্ৰীট লাইটৰ পোহৰত পঢ়ি সফলতা অৰ্জন কৰিলে উত্তৰ প্ৰদেশ ব'ৰ্ডৰ পৰীক্ষাত । তেওঁলোকৰ সপোন কি ? জানো আহক ।

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 11:40 AM IST

Published : Apr 21, 2024, 11:40 AM IST

Successfully cleared UP Board exams studying in streetlight light
ষ্ট্ৰীট লাইটৰ পোহৰত পঢ়ি ইউপি ব'ৰ্ডৰ পৰীক্ষাত সফলতা অৰ্জন

নেশ্যনেল ডেস্ক,২১ এপ্ৰিল:উত্তৰ প্ৰদেশৰ ব'ৰ্ডৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল আগ্ৰাৰ বস্তি অঞ্চলত বাস কৰা মেধাবী শিশু । ইউ পি ব'ৰ্ডৰ পৰীক্ষাত সফলতা অৰ্জন কৰি অধিক উৎসাহী হৈ পৰিছে শিশুসকল । আগ্ৰাৰ শিশুকৰ্মী আৰু সমাজকৰ্মীসকলৰ মাৰ্গদৰ্শনত শিশুসকলে এই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে । শিশুসকলৰ এই সফলতাত সকলোৱে তেওঁলোকক অভিনন্দন জনোৱা পৰিলক্ষিত হৈছে ।

জানিব পৰা মতে পঞ্চকুয়ানৰ শিক্ষা বিভাগৰ কাৰ্যালয় চৌহদৰ বস্তিত বাস কৰা পৰিয়ালকেইটাৰ মূল কাম হৈছে শনিবাৰৰ দিনটোত চহৰখনৰ দোকানসমূহত বেয়া নজৰৰ পৰা ৰক্ষা কৰিবলৈ নেমু-জলকীয়া বান্ধি দিয়া । কেৱল এই কামৰ জৰিয়তে পৰিয়াল পোহপাল দিয়া লোকসকলে যাপন কৰিছে এক অভাৱী জীৱন । এই পৰিয়ালবোৰৰ বহুতো শিশুৱে পথত ভিক্ষা খোজাও পৰিলক্ষিত হৈছিল ।

ইয়াৰ মাজতে শিশু কৰ্মী আৰু সমাজকৰ্মী নৰেশ পৰাশ এই পৰিয়ালবোৰৰ অৱস্থাৰ বুজ ল'বলৈ আগবাঢ়ি আহিছিল । তেওঁ প্ৰতিটো পৰিয়ালৰ সৈতে কথা পাতিছিল আৰু শিশুসকলক শিক্ষাৰ বিষয়ে সজাগ কৰাৰ প্ৰয়াস কৰিছিল । তেওঁলোকক এক উজ্জ্বল ভৱিষ্যতৰ সপোন দেখুৱাইছিল । যাৰ পৰিপ্ৰেক্ষিতত এইদৰে উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে ।

শিশু কৰ্মী আৰু সমাজকৰ্মী নৰেশ পৰাশে কয় যে শ্বেৰ আলী খান নামৰ এজন কিশোৰ আৰু তিনিগৰাকী কিশোৰীয়ে ষ্ট্ৰীট লাইটৰ তলত বহি ইউ পি ব'ৰ্ডৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল । কিশোৰজন দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু কিশোৰী তিনিগৰাকীয়ে দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল । শ্বেৰ আলী খানে দ্বাদশ শ্ৰেণীত ৬৬ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । কৰীণা, নিৰ্জলা আৰু কামিনীয়ে দশম শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয় ।

সেনাত ভৰ্তি হৈ দেশ সেৱা কৰাৰ সপোন:

সেনাত যোগদান কৰি দেশৰ সেৱা কৰাৰ সপোন দেখা শ্বেৰ আলী খানে কয় যে তেওঁ সেনাত যোগদান কৰিব । এগৰাকী সৈনিক হৈ দেশৰ সেৱা কৰিব বিচাৰে বুলি তেওঁ জানিবলৈ দিয়ে । ইফালে কৰীণা এগৰাকী চিকিৎসক হৈ দৰিদ্ৰ লোকসকলক চিকিৎসা সেৱা প্ৰদান কৰাৰ সপোন । আনহাতে নিৰ্জলাই আৰক্ষী বিষয়া হোৱাৰ ইচ্ছা প্ৰকাশ কৰাৰ বিপৰীতে কামিনীয়ে এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ ইচ্ছা প্ৰকাশ কৰে ।

ছানিয়াই বিয়পালে প্ৰতিভাৰ সুগন্ধ:

ইয়াৰোপৰি প্ৰথম বিভাগত দ্বাদশ পৰীক্ষাত উত্তীৰ্ণ হয় ৱাজিৰপুৰাৰ ছানিয়া । ছানিয়াৰ দেউতাক আবুলালা, ৱাজিৰপুৰাৰ বাসিন্দা । তেওঁ দৰগাহত ফুল বিক্ৰী কৰে । আৰ্থিক দৈন্যতাৰ বাবে, ছানিয়াই বিদ্যালয়ৰ আধাতে সামৰি ফুল বিক্ৰী কৰিছিল । নৰেশ পৰাশে কয় যে ছানিয়াই পুনৰ পঢ়িবলৈ আৰম্ভ কৰিছিল । তেওঁক ছেইণ্ট জনছ ইণ্টাৰ কলেজত পুনৰ ভৰ্তি কৰোৱা হৈছিল । তেওঁৰ মাচুল পৰিশোধ আদি সকলো ব্যৱস্থা কৰা হৈছিল । ছানিয়াই দুগুণ উৎসাহেৰ ব'ৰ্ড পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল আৰু এতিয়া ছানিয়াই প্ৰথম বিভাগত দ্বাদশ পৰীক্ষাত উত্তীৰ্ণ হয় । ছানিয়াৰ সপোন এগৰাকী অধিবক্তা হোৱাৰ ।

বাল্য বিবাহৰ বলি হ'বলৈ লোৱা চাৰি ভগ্নীক মুক্ত কৰা হৈছিল:

শিশু কৰ্মী আৰু সমাজকৰ্মী নৰেশ পৰাশে কয় যে চাৰিজন ভাই-ভনীৰ পিতৃ-মাতৃ, দেৱৰী ৰোডৰ বাসিন্দা । ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল তেওঁলোকৰ পিতৃ-মাতৃয়ে । পৰৱৰ্তী সময়ত আত্মীয়সকলে তেওঁলোকৰ জ্যেষ্ঠ ভগ্নীক শিশু কইনা সজাব বিচাৰিছিল । দুয়োগৰাকী ভগ্নীৰ ৰাজস্থানত এটা চুক্তি হৈছিল । যেতিয়া নৰেশ পৰাশে এই সন্দৰ্ভত অৱগত হয় তেতিয়া প্ৰশাসনৰ সহায়ত কিশোৰী গৰাকীক মুক্ত কৰে । দুয়োগৰাকী ভগ্নীয়ে এই বছৰ দ্বাদশ পৰীক্ষাত উত্তীৰ্ণ হৈছে ।

লগতে পঢ়ক:বিশ্বনাথত হাইস্কুল শিক্ষান্ত পৰীক্ষাত একেলগে উত্তীৰ্ণ মাতৃ-পুত্ৰ - HSLC Result 2024

ABOUT THE AUTHOR

...view details