গুৱাহাটী, ৩ অক্টোবৰ: গুৱাহাটী উচ্চ ন্যায়ালয়ে লটাৰী খেলৰ বিৰুদ্ধে বৃহস্পতিবাৰে এখন ৰাজহুৱা স্বাৰ্থজনিত আৱেদনৰ শুনানি গ্ৰহণ কৰে । এই শুনানিত ৰাজ্যত যিকোনো ধৰণৰ লটাৰী নিষিদ্ধ কৰাৰ নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ আৰু ন্যায়াধীশ এন ইউ কৃষ্ণণ নায়াৰে ।
গুৱাহাটী উচ্চ ন্যায়ালয়ে এসপ্তাহৰ ভিতৰত লটাৰী কমিটীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়ে । লগতে সকলো ধৰণৰ অনলাইন অথবা অফলাইন লটাৰী নিষিদ্ধ কৰা হয় । এই সন্দৰ্ভত সকলো জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ নিৰ্দেশ দিয়ে ন্যায়ালয়ে ।

উল্লেখ্য যে এইচ কে দাস নামৰ এগৰাকী ব্যক্তিয়ে ৰাজ্যত বিভিন্ন জিলাত চলি থকা লটাৰী খেলৰ বিৰুদ্ধে এখন ৰাজহুৱা স্বাৰ্থজনিত আৱেদন দাখিল কৰিছিল । এই আৱেদনখনৰ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ আৰু ন্যায়াধীশ এন ইউ কৃষ্ণণ নায়াৰৰ দুজনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুই আৰু ন্যায়াধীশ এন ইউ কৃষ্ণণ নায়াৰৰ দুজনীয়া বিচাৰপীঠে শুনানীত কি আইনৰ ভিত্তিত লটাৰী খেল অনুষ্ঠিত কৰাৰ বাবে অনুমতি জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে প্ৰদান কৰি আহিছে প্ৰশ্ন কৰে আৰু সমালোচনা কৰে । এই সন্দৰ্ভত চৰকাৰী পক্ষৰ অধিবক্তা আৰ কে বৰাই আদালতত জনাই যে ২৫ খন জিলাৰ আয়ুক্তই সংশ্লিষ্ট জিলাত কোনধৰণৰ অনলাইন অথবা অফলাইন লটাৰী অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰা নাই বুলি অৱগত কৰিছে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ আৰু ন্যায়াধীশ এন ইউ কৃষ্ণণ নায়াৰৰ দুজনীয়া বিচাৰপীঠে শুনানিত ৰাজ্যত সকলো ধৰণৰ অনলাইন অথবা অফলাইন লটাৰী বন্ধ কৰা আৰু লটাৰী কমিটীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা সন্দৰ্ভত সকলো জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ ছয় সপ্তাহৰ ভিতৰত আদালতত শপতনামা দাখিল কৰাৰ বাবে নিৰ্দেশ দিয়ে ।