তেজপুৰ, ৩ অক্টোবৰ: বড়ো জনগোষ্ঠীৰ তিনিবিধ বিশেষ সুৰাই ভৌগোলিক স্বীকৃতি লাভ কৰিছে । তেজপুৰৰ এগৰাকী সাহসী মহিলা মিনুমা বড়ো যি অলপতে সমগ্ৰ দেশৰ ভিতৰতে চৰ্চিত হৈছিল তেওঁৰ সাহসী দক্ষতাৰ বাবে, তেওঁ ই টিভি ভাৰতক জনাই যে, এগৰাকী বড়ো জনগোষ্ঠীৰ মহিলা হিচাবে তেওঁ প্ৰথাগত এই তিনিবিধ থলুৱা সুৰাই ভৌগোলিক স্বীকৃতি লাভ কৰাৰ বাবে অতিকৈ গৌৰৱ অনুভৱ কৰিছে । তেওঁ কয়, "বড়ো ভাষাত 'জৌ ' শব্দৰ অৰ্থ হৈছে সুৰা বা মদ ।"
এই স্বীকৃতিৰ অন্যতম উল্লেখযোগ্য দিশ হ’ল বড়ো সংস্কৃতিত বিশেষ স্থান দখল কৰা তিনিবিধ পৰম্পৰাগত সুৰা (ৰাইচ বিয়েৰ) অৰ্থাৎ দেশীয় চাউলৰ পৰা তৈয়াৰ কৰা তিনিবিধ সুৰাৰ অন্তৰ্ভুক্তি । প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সেৱন কৰা এই পানীয়সমূহৰ বাবে ভৌগোলিক সূচাংক মৰ্যাদা লাভ কৰাত বড়ো ট্ৰেডিচনেল ব্ৰুয়াৰ্ছ এছ’চিয়েশ্যনে মূল ভূমিকা পালন কৰিছিল । এই তিনিবিধ পানীয়ৰ ভিতৰত ‘বড়ো জৌ গৌৰান’ত সৰ্বাধিক পৰিমাণৰ এলকহল থাকে ৷ বড়ো জৌ গৌৰান পানীয় পৌৰাণিক পৰম্পৰা মতে চাউলৰ পৰা ভাপত প্ৰস্তুত কৰা হয় ।

এই চাউলৰ বিয়েৰ বা সুৰা কেৱল পানীয় নহয়, বৰঞ্চ বড়ো লোকসকলৰ প্ৰাচীনকালত সেৱন কৰা কৌশল আৰু প্ৰকৃতিৰ সৈতে তেওঁলোকৰ সংযোগৰ প্ৰতীক ।
জি আই টেগ পোৱা আন এটা ৰাইচ বিয়েৰ হৈছে ‘মাইব্ৰা জৌ বিদ্ৱী’ (‘মাইব্ৰা জ্উ বিদ্ৱী’ বা ‘মাইব্ৰা জু বিদ্ৱী’ বুলিও জনা যায়) । এই পানীয় বড়ো জনগোষ্ঠীৰ ভিতৰত অতি জনপ্ৰিয় উৎকৃষ্ট পানীয় আৰু বিভিন্ন অনুষ্ঠান উদযাপন আৰু সমাৱেশৰ সময়ত ইয়াক সাংস্কৃতিকভাৱে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ তাৎপৰ্যও আছে ।

আধা সিজোৱা বৰা ধানক ন্যূনতম পানীৰে সিদ্ধ কৰি আৰু ‘আমাও’ নামৰ চেনিৰ দৰে পদাৰ্থ ব্যৱহাৰ কৰি এই পানীয়বিধ তৈয়াৰ কৰা হয় । বৰা চাউলৰ পৰা সুৰা প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াটো যুগ যুগ ধৰি চলি আহিছে, ইয়াৰ লগত জড়িত পৰম্পৰাগত পদ্ধতি আৰু ৰীতি-নীতি সংৰক্ষণ কৰি ।
লগতে পঢ়ক: দুৰ্গা পূজাৰ প্ৰাকক্ষণত ভাল খবৰ: অসমৰ আঠবিধ সামগ্রী আৰু পানীয়ই লাভ কৰিলে জি আই টেগ - GI TAG
মিনুমা বড়োৱে কয়, "আমাও প্ৰস্তুত কৰিবলৈ এদিন পূৰ্বে চাউল তিয়াই থোৱা হয় ৷ ইয়াৰ পিছত পৰম্পৰাগত মাখিয়তী পাত (বড়োসকলে ভেটাই পাত বুলি কয়) লগত তিতা ভেঁকুৰ দি ঢেঁকীত খুন্দি পুনৰ বহল পাত্ৰত মেলি দি লাড়ু কৰে আৰু শুকাবলৈ দিয়ে ৷ এইয়াই হৈছে আমাও । বৰা চাউল বা অন্য চাউলৰ ভাত সিজাই ঠাণ্ডা কৰে আৰু আমাও পৰিমাণ অনুসৰি মিহলি কৰি এই সুৰা তৈয়াৰ কৰা হয় ।"

তৃতীয় জাত ‘বডো জৌ গিছি’ হৈছে আন এটা চাউলভিত্তিক সুৰা যি বড়ো সম্প্ৰদায়ত ঐতিহাসিক স্থান লাভ কৰি আহিছে । ইয়াৰ জি আই টেগৰ বাবে কৰা আবেদনত বড়ো সংস্কৃতিত চাউল বিয়েৰৰ দীৰ্ঘদিনীয়া ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল, লক্ষ্য কৰা হৈছিল যে ইয়াৰ উৎপত্তি ভগৱান শিৱৰ সৈতে জড়িত কাহিনীকে ধৰি প্ৰাচীন কিংবদন্তীৰ সৈতে জড়িত । ঐতিহাসিকভাৱে এই চাউলৰ সুৰা ঔষধৰ প্ৰকাৰ হিচাপে প্ৰয়োগ কৰা হৈছিল, ইয়াৰ সাংস্কৃতিক আৰু ব্যৱহাৰিক গুৰুত্ব সৰ্বাধিক ।

মিনুমা বড়োৱে কয়, "এই পৰম্পৰাগত সুৰা ঘৰতে প্ৰস্তুত কৰা হয় । ইয়াক ঔষধি হিচাবেও ব্যৱহাৰ কৰে । বিশেষকৈ বড়ো জনগোষ্ঠীৰ সমাজত প্ৰচলিত এই সুৰা ধৰ্মীয় অনুষ্ঠানত ৰীতি-নীতিৰ এক অংগ হৈ আহিছে ।" বিশেষকৈ শুভ কামত আগবঢ়াই আৰু মৃতকৰ আত্মাৰ শান্তি কামনা কৰি ধৰ্মীয় অনুষ্ঠানত ভগৱানক উৎসৰ্গিত কৰে ।
এই তিনিটা দেশীয় চাউলৰ পৰা নিৰ্মিত সুৰা বা ৰাইচ বিয়েৰৰ জি আই টেগে বড়োসকলৰ ঐতিহ্য ৰক্ষা কৰাই নহয়, অসমৰ সাংস্কৃতিক উত্তৰাধিকাৰৰ অংশ হিচাপে ইয়াৰ তাৎপৰ্যও বহন কৰিছে ।
লগতে পঢ়ক: আঠবিধকৈ নতুন সামগ্ৰীয়ে জি আই টেগ লাভ কৰা বতৰাত উৎফুল্লিত ভূমিপুত্ৰ বড়ো ৰাইজ - GI TAG