ETV Bharat / state

দৰাৰ ৰহস্যজনক মৃত্যু: কইনা ঘৰত শোকৰ ছাঁ - Groom Mysterious death

Tragic incident: ধনমণিক জোৱাই হিচাপে আদৰাৰ আশা পূৰণ নহ'ল কইনা ঘৰৰ !

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Tragic incident
দৰাৰ ৰহস্যজনক মৃত্যু;কইনা ঘৰত শোকৰ ছাঁ (ETV Bharat)

নলবাৰী,৩ অক্টোবৰ : অহা ৭ অক্টোবৰত আছিল বিয়া ! দৰা মঙলদৈৰ আৰু কইনা নলবাৰীৰ । প্ৰায় ১২ বছৰীয়া প্ৰেমক স্বীকৃতি দিবলৈ সাজু হৈছিল মঙলদৈৰ যুৱক ধনমণি আৰু নলবাৰীৰ জুবি । দুয়োখন ঘৰতে বিয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছিল । বিয়াৰ বজাৰো প্ৰায় হৈছিলেই । কিন্তু বিয়ালৈ ৫ দিন থকা সময়তে সকলোকে আচৰিত কৰি এই সংসাৰৰ পৰা বিদায় মাগিলে দৰা ধনমণিয়ে । লগে লগে দুয়োখন ঘৰতে লাগিল হাহাকাৰ ।

কইনাৰ ঘৰত শোকৰ ছাঁ :

মঙলদৈৰ দৰা ধনমণিৰ বাসগৃহৰ সমান্তৰালকৈ নলবাৰীৰ কইনাৰ ঘৰতো শোকাকুল পৰিৱেশ । শোকত ভাগি পৰিছে কইনাৰ পৰিয়াল তথা আত্মীয় । দীৰ্ঘদিনীয়া প্ৰেমক স্বীকৃতি দিবলৈ তেওঁলোক সাজু হৈছিল । জোৱাই হিচাপে ধনমণিক আদৰিবলৈও সকলো প্ৰস্তুতি চলোৱা হৈছিল । কিন্তু জোৱাইক আদৰাৰ সপোন সপোন হৈয়ে থাকিল । নলবাৰীত থকা কইনাৰ ঘৰত ৰভাৰ কামো আধৰুৱা হৈয়ে থাকিল । বিয়াৰ বাবে অনা কাপোৰ আৰু আন আন সামগ্ৰীও ঘৰৰ এটা কোঠালিতে পৰি থাকিল । কইনাৰ লগতে তেওঁৰ পৰিয়ালৰ লোকসকল এতিয়া শোকত ভাগি পৰিছে ।

উল্লেখ্য যে বুধবাৰে গুৱাহাটীত ৰহস্যজনকভাৱে মঙলদৈৰ দৰা ধনমণি ভট্টাচাৰ্যৰ মৃতদেহ উদ্ধাৰ হৈছিল । বিয়াৰ নিমন্ত্ৰণলৈ যোৱা ধনমণিৰ এনে মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ কইনা ঘৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । নলবাৰীৰ সন্ধাৰ কইনা জুবিৰ ঘৰত এতিয়া কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে । দৰাৰ মৃত্যুৰ খবৰ পোৱাৰ আগ মুহূৰ্তলৈ কইনা ঘৰত বিয়াৰ পূৰ্বৰ ৰীতি নীতিবোৰো চলিয়ে আছিল ।

বৃহস্পতিবাৰে সান্দহ খুন্দাৰ এক পৰ্ব হোৱাৰ কথা আছিল । কিন্তু তাৰ পূৰ্বে হঠাৎ দৰাৰ মৃত্যুৰ খবৰে কেৱল কইনা ঘৰতে নহয় গাঁওখনতে শোকৰ ছাঁ পেলাইছে । কোনেও এই ঘটনাক সহজভাৱে ল'ব পৰা নাই । এগৰাকী আত্মীয়ই জনোৱা মতে বুধবাৰে কইনাই বিয়াৰ বজাৰ কৰিবলৈ গৈছিল । বজাৰ কৰি থকাৰ সময়তে তেওঁ এই খবৰ লাভ কৰে । তেওঁৰ মতে কোনো যুৱতীৰে সৈতে যাতে এনে ঘটনা নহয় ।

লগতে পঢ়ক :হোমৰ গুৰিত বহাৰ সপোন সপোনেই হৈ ৰ’ল ধনমণিৰ - Mangaldoi YOUTH MYSTERIOUS DEAD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.