যোৰহাট: প্ৰজ্ঞা, সাধনা, মেধা আৰু নেতৃত্বসুলভ গুণৰ বলত সাত সাগৰ তেৰ নদীৰ সিপাৰে বিশ্বৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰ'ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্র সংগঠনক নেতৃত্ব দিছে অসমকন্যা অৰ্ঘা গোস্বামীয়ে । বিশ্ববিদ্যালয়খনৰ কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ বিজ্ঞান আৰু প্ৰায়োগিক গণিত শাখাৰ শিক্ষাৰ্থী অৰ্ঘা গোস্বামীয়ে উচ্চ শিক্ষাৰ সমান্তৰালভাৱে নেতৃত্ব দিছে ৰ'ড আইলেণ্ড বিশ্ববিদ্যালয় ছাত্র সমাজক ।
অৰ্ঘাৰ সাফল্যত উৎফুল্লিত যোৰহাটবাসী :
যোৰহাটৰ বাসিন্দা তথা অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত সচিব ডাঃ জয়ন্ত গোস্বামী আৰু অধ্যাপিকা ড৹ গায়ত্ৰী গোস্বামীৰ কন্যা অৰ্ঘা গোস্বামীৰ সাফল্যত অসম তথা যোৰহাটবাসী উৎফুল্লিত হৈ পৰিছে । অৰ্ঘাই ২০১৮ চনত যোৰহাট কাৰ্মেল স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ২০২০ চনত যোৰহাট প্ৰজ্ঞা একাডেমী পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হয় ৷ ইয়াৰ পাছত তেওঁ ২০২১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰ'ড আইলেণ্ড বিশ্ববিদ্যালয় কম্পিউটাৰ অভিযান্ত্ৰিক, কম্পিউটাৰ বিজ্ঞান আৰু প্ৰায়োগিক গণিত অধ্যয়নৰ বাবে নামভৰ্তি কৰে ।

আমেৰিকাৰ তিনি প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি আইলেণ্ড বিশ্ববিদ্যালয় ছাত্র সমাজক নেতৃত্ব দিছে অৰ্ঘাই :
যোৰহাটৰ কন্যা অৰ্ঘাই তেওঁৰ এই যাত্ৰাৰ সম্পৰ্কে কয়, "২০২১ চনত অসমভূমিৰ পৰা আইলেণ্ড বিশ্ববিদ্যালয়লৈ ৰাওনা হৈছিলো ৷ ক’ভিড পৰিস্থিতিৰ পাছত বিশ্ববিদ্যালয় খোলাৰ সময়ত মই তাত উপস্থিত হৈছিলো ৷ আৰম্ভণিতে আইলেণ্ড বিশ্ববিদ্যালয়খনৰ বিষয়ে বুজিবলৈ আৰু জানিবলৈ লৈছিলো আৰু সময়ৰ লগত খাপ খাই পৰিছিলো ৷ প্ৰথমাৱস্থাত অভিযান্ত্ৰিক শাখাত থাকোতেই ছিনেটৰ সদস্য নিৰ্বাচিত হওঁ ৷ তাৰ পিছৰ পৰ্যায়ত ছিনেটৰ সভানেত্ৰী নিৰ্বাচনত অংশগ্ৰহণ কৰো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনি প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি বিশ্ববিদ্যালয়খনৰ চিনেটৰ সভাপতি নিৰ্বাচিত হওঁ ।

বিশ্ববিদ্যালয়খনৰ ছাত্র সমাজৰ হকে কি কাম কৰিছে অৰ্ঘাই :
ৰ'ড আইলেণ্ড বিশ্ববিদ্যালয়ত ২৭ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু ৯ খন কলেজ আৰু তিনিটা বৃহৎ কেম্পাছ আছে ৷ অৰ্ঘাই কৃষ্টি-সংস্কৃতি আদান প্ৰদান, সংখ্যালঘু আৰু বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ লগতে অৰ্থনৈতিক দিশৰ ওপৰত ভিত্তি কৰি ছাত্র সমাজৰ হকে কাম কৰি আহিছে ।

অৰ্ঘাই কয়, "ৰ'ড আইলেণ্ড বিশ্ববিদ্যালয়তে মই সাংস্কৃতিক দিশৰ লগতে অন্যান্য ক্ষেত্ৰৰ বাবে South Asians নামৰ এটা সংস্থা গঠন কৰিছিলো ৷ মই অসমীয়া হিচাপে গৌৰৱবোধ কৰো, নিজৰ সংস্কৃতি মোৰ অতি আপোন । সেয়েহে আমাৰ অসমীয়া সংস্কৃতি অন্যান্য দেশৰ আগত উপস্থাপন কৰাৰ বাবে উক্ত সংস্থাটো গঠন কৰিছো আৰু অসমীয়া ভাষাৰ ওপৰতো কাম কৰি আছো ৷ ইয়াৰ লগতে মই দেশৰ শিক্ষাৰ্থীক উক্ত বিশ্ববিদ্যালয়ত অগ্ৰাধিকাৰ দিয়াৰ বাবেও কাম কৰিছো । মই অসমৰ চহা সংস্কৃতিৰ পৰিচায়ক চাদৰ-মেখেলা পিন্ধো ৷ মই এতিয়ালৈকে তিনিখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছো ।"
লগতে পঢ়ক: যুৱ মূকাভিনেতা মিনাংক ডেকাসহ মুঠ ১৯ গৰাকী অসমীয়ালৈ কেন্দ্ৰীয় চৰকাৰৰ ফেল’শ্বিপ