অসম

assam

ETV Bharat / bharat

দিল্লীৰ বায়ু প্ৰদূষণ: ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ - DELHI AIR POLLUTION

দিল্লীৰ বায়ুৰ মান নিম্নগামী হোৱাৰ বাবে উচ্চতম ন্যায়ালয়ে ভাৰ্চুৱেল শুনানি গ্ৰহণ কৰাৰ লগতে সকলো কৰ্মচাৰীকে মাস্ক ব্যৱহাৰৰ পৰামৰ্শ দিছে ৷

Delhi Air Pollution
দিল্লীৰ বায়ু প্ৰদূষণ (ANI)

By ETV Bharat Assamese Team

Published : Nov 19, 2024, 3:13 PM IST

নতুন দিল্লী : ৰাজধানী দিল্লীত ভয়াৱহভাৱে বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা ৷ শংকিত হৈ পৰিছে দিল্লীবাসী ৷ দিল্লীৰ প্ৰদূষণৰ মাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই মঙলবাৰে উচ্চতম ন্যায়ালয়ক সম্পূৰ্ণ অনলাইন ব্যৱস্থালৈ স্থানান্তৰিত কৰাৰ বাবে জ্যেষ্ঠ অধিবক্তাসকলে কৰা অনুৰোধ নাকচ কৰে ৷ লগতে সকলো ন্যায়াধীশক য'তেই সম্ভৱ ভাৰ্চুৱেল শুনানিৰ অনুমতি দিবলৈ তেওঁ কয় ৷

উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনৰ (Supreme Court Bar Association চমুকৈ SCBA) সভাপতি কপিল ছিবালে ভাৰতৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত আৰু ন্যায়াধীশ সঞ্জয় কুমাৰক লৈ গঠিত বিচাৰপীঠৰ সন্মুখত দিল্লী আৰু NCR ত প্ৰদূষণ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে । মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই কয়, ‘‘আমি সকলো ন্যায়াধীশক কৈছো যে য’তেই সম্ভৱ ভাৰ্চুৱেল শুনানিৰ অনুমতি দিব লাগে ।’’ ছিবালে কয়, ‘‘এই প্ৰদূষণৰ মাত্ৰা নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ আছে ।’’

অৱশ্যে উচ্চতম ন্যায়ালয়ৰ কামকাজ অনলাইন মাধ্যমৰ হ'ব লাগে বুলি কৰা যুক্তি বিচাৰপীঠে মানি লোৱা নাছিল । বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে অধিবক্তাসকলৰ অনলাইনত হাজিৰ হোৱাৰ বিকল্প আছে ।

লগতে পঢ়ক :এতিয়াও দিল্লী ভাৰতৰ ৰাজধানী হৈ থকাৰ যোগ্যতা আছেনে ? শশী থাৰুৰৰ প্ৰশ্ন

ছিবালক বিভিন্ন অধিবক্তাই সমৰ্থন কৰিছিল য’ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা (Solicitor General Tushar Mehta) আৰু গোপাল শংকৰানাৰায়ণো আছিল । মেহতাই কয় যে উচ্চতম ন্যায়ালয় নীতিগতভাৱে ভাৰ্চুৱেল হ’ব লাগে । মুখ্য ন্যায়াধীশে কয়, ‘‘আজি আমি যিদৰে কাম কৰি আছো, কোনোবাই যদি অনলাইনযোগে কাম কৰিব বিচাৰে তেন্তে অনলাইন হ’ব পাৰে ।’’

শংকৰানাৰায়ণনে কয় যে দৈনিক হাজাৰ হাজাৰ অধিবক্তাই নিজৰ বাহন ব্যৱহাৰ কৰি উচ্চতম ন্যায়ালয়লৈ আহে । তেওঁ লগতে কয় যে অধিবক্তাৰ কেৰাণীসকলেও ব্যক্তিগত বাহন সঘনাই ব্যৱহাৰ কৰে । মুখ্য ন্যায়াধীশে কয়, ‘‘আমি সংশ্লিষ্ট অধিবক্তাসকলৰ ওপৰত এৰি দিম । আমি তেওঁলোকক সেই সুবিধা দিছো, যেতিয়াই আপুনি ভাৰ্চুৱেলি হাজিৰ হ’ব বিচাৰে, তেতিয়াই হ’ব পাৰে ।’’

শংকৰানাৰায়ণনে কয় যে দিল্লী-এন চি আৰত GRAP-IV নিষেধাজ্ঞা কাৰ্যকৰী কৰা হৈছে আৰু মহানগৰীৰ আদালতৰ বাবে তেনে কোনো নিৰ্দিষ্ট নিৰ্দেশনা নাই । মুখ্য ন্যায়াধীশে কয়, "আপোনাৰ হাতত বিকল্প আছে; আপুনি যদি সেই বিকল্পটো ব্যৱহাৰ কৰে, আমি সকলোতে সহযোগিতা কৰিম ।"

সোমবাৰে উচ্চতম ন্যায়ালয়ে এক বিজ্ঞপ্তিযোগে ৰাজধানীত প্ৰদূষণৰ মাত্ৰা ভয়াৱহ হোৱাৰ বাবে কৰ্মচাৰীসকলক মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিয়ে ৷

লগতে পঢ়ক :সাৱধান ! দিল্লীৰ বায়ুমণ্ডলত ক্ষতিকাৰক গেছৰ পৰিমাণ বৃদ্ধি

লগতে পঢ়ক :জৰুৰী নহ'লে ঘৰৰ পৰা নোলাব: দিল্লীৰ বায়ু প্ৰদূষণ সন্দৰ্ভত চিকিৎসকৰ আহ্বান

ABOUT THE AUTHOR

...view details