অসম

assam

ETV Bharat / bharat

মাত্ৰ ৪৫ পইচাত ১০ লাখ টকাৰ জীৱন বীমা - CHEAPEST INSURANCE POLICY OF INDIA

দেশৰ সবাতোতকৈ সস্তা বীমা আঁচনিখনৰ সুবিধা কেনেদৰে লাভ কৰিব, জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

IRCTC INSURANCE POLICY
আটাইতকৈ সুলভ বীমা আঁচনি (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 31, 2024, 5:23 PM IST

Updated : Dec 31, 2024, 7:55 PM IST

হায়দৰাবাদ:কোভিড মহামাৰীৰ সময়ৰ পৰা বহুলোকে চিকিৎসাৰ ক্ষেত্ৰত পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে বীমাৰ গুৰুত্ব উপলব্ধি কৰিছে । কাৰণ সেই সময়ত বহুতো লোকে চিকিৎসাৰ ব্য়য়ৰ বাবে ত্ৰাহি মধুসূধন সুঁৱৰিবলগীয়া হৈছিল । বীমা অতি গুৰুত্বপূৰ্ণ যদিও সকলো এই বিষয়টোত জ্ঞাত নহয় । যিসকলে পৰিয়ালৰ দায়িত্বৰ বিষয়ে অৱগত তেওঁলোকৰ সামৰ্থ অনুসৰি জীৱন বীমা কৰে । দেশৰ সবাতোতকৈ সস্তা বীমা আঁচনিৰ বিষয়ে আপুনি জানেনে ! যদি নাজানে তেন্তে আমি আজি আপোনালোকক জনাম দেশৰ সবাতোতকৈ সস্তা বীমা আঁচনিৰ বিষয়ে ৷

আটাইতকৈ সুলভ বীমা আঁচনি:

দেশৰ ‘সস্তাতম বীমা পলিচি’ বুলি প্ৰচাৰ কৰা এই বীমা আঁচনিত মাত্ৰ ৪৫ পইচাত ১০ লাখ টকা পৰ্যন্ত বীমা কভাৰ পোৱা যায় । আই আৰ চি টি চিৰ ট্ৰেভেল ইন্সুৰেন্স পলিচি নামৰ বীমা পলিচি আছে, য’ত মাত্ৰ ৪৫ পইচাত ১০ লাখ টকা পৰ্যন্ত কভাৰ আছে । যেতিয়াই কোনো যাত্ৰীয়ে ৰে’লৰ টিকট বুকিং কৰে তেতিয়াই ট্ৰেভেল বীমা পলিচিও উপলব্ধ ৷ ৰে’ল যাত্ৰাৰ সময়ত কোনো দুৰ্ঘটনা সংঘটিত হ’লে আৰু যাত্ৰীজনৰ মৃত্যু বা গুৰুতৰভাৱে আহত হ’লে এই ভ্ৰমণ বীমা পলিচি কামত আহে ।

আগতে, এই আঁচনিখন মাত্ৰ 35 পইচাত উপলব্ধ আছিল; কিন্তু এতিয়া ইয়াৰ মূল্য 45 পইচা ৷ এইখন দেশৰ ভিতৰতে সস্তা বীমা পলিচি যি মাত্ৰ কেইঘণ্টামানৰ বাবেহে অৰ্থাৎ ৰে’ল যাত্ৰাৰ সময়চোৱাৰ বাবেহে বৈধ ৷ অৰ্থাৎ যেতিয়ালৈকে আপুনি ৰে’লযোগে যাত্ৰা কৰি আছে তেতিয়ালৈকে ই বৈধ, আপুনি গন্তব্যস্থান পোৱাৰ লগে লগে এই নীতিৰ ম্যাদ উকলি যায় ৷

কেতিয়া লাভ কৰিব বীমা ধন ?

এই আই আৰ চি টি চি ভ্ৰমণ বীমা আঁচনিৰ অধীনত যাত্ৰীজনক তিনি প্ৰকাৰৰ কভাৰেজ দিয়া হয় । যদি ৰে'ল দুৰ্ঘটনাত এজন যাত্ৰীৰ মৃত্যু হয় তেন্তে এই পৰিস্থিতিত আপোনাৰ পৰিয়ালে এই ভ্ৰমণ বীমা আঁচনিৰ অধীনত 10 লাখ টকালৈকে কভাৰেজ লাভ কৰিব । ইয়াৰ উপৰি যদি যাত্ৰীজন ৰে'ল দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় আৰু চিকিৎসা ল'ব লগা হয় তেন্তে তেওঁক আই আৰ চি টি চিৰ এই ভ্ৰমণ বীমা আঁচনিৰ অধীনত 2 লাখ টকালৈকে কভাৰেজ দিয়া হয় ।

লগতে পঢ়ক:কেনেকৈ আদায় কৰিব আপোনাৰ বাহনখনৰ বীমা; জানক - HOW TO CLAIM BIKE INSURANCE

বীমা প্ৰিমিয়ামৰ কৰ হ্ৰাসৰ সিদ্ধান্তৰ দিশে জি এছ টি পৰিষদ - GST COUNCIL

Last Updated : Dec 31, 2024, 7:55 PM IST

ABOUT THE AUTHOR

...view details