অসম

assam

ETV Bharat / bharat

দালাই লামাক 'জেদ' পৰ্যায়ৰ নিৰাপত্তা প্ৰদানৰ সিদ্ধান্ত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ - Z CATEGORY SECURITY TO DALAI LAMA

চোৰাংচোৱাৰ তথ্য আৰু সম্ভাব্য ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাক সমগ্ৰ ভাৰততে 'জেদ' পৰ্যায়ৰ নিৰাপত্তা প্ৰদান কৰিছে ৷

Z CATEGORY SECURITY TO DALAI LAMA
দালাই লামাক ভাৰতত জেদ পৰ্যায়ৰ নিৰাপত্তা (ETV Bharat)

By ANI

Published : Feb 13, 2025, 6:33 PM IST

নতুন দিল্লী:তিব্বতীয় আধ্যাত্মিক গুৰু দালাই লামাক জেড কেটেগৰীৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ নিৰাপত্তা প্ৰদান কৰা হৈছে । চোৰাংচোৱা ব্যুৰ'ৰ ভাবুকি বিশ্লেষণ প্ৰতিবেদনৰ পিছতে শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ে বৌদ্ধ ধৰ্মগুৰুক এই নিৰাপত্তা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ পূৰ্বে দালাই লামা হিমাচল প্ৰদেশ আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ সুৰক্ষাত আছিল ।

শেহতীয়াকৈ চোৰাংচোৱাৰ তথ্য আৰু সম্ভাব্য ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি গৃহ মন্ত্ৰণালয়ে তেওঁৰ নিৰাপত্তাৰ বাবে চি আৰ পি এফ নিয়োগ কৰাৰ সিদ্ধান্ত লৈছে, যাতে অধিক সমন্বিত আৰু শক্তিশালী নিৰাপত্তা পৰিকল্পনা নিশ্চিত কৰিব পৰা যায় । দালাই লামা বিশ্বব্যাপী সন্মানীয় ব্যক্তি আৰু তিব্বতী বৌদ্ধ ধৰ্মৰ আধ্যাত্মিক নেতা । চীনৰ দখলীকৰণৰ পিছত তিব্বতৰ পৰা পলায়ন কৰি ১৯৫৯ চনৰ পৰা তেওঁ ভাৰতত বাস কৰি আহিছে ।

দালাই লামাৰ মৰ্যাদা আৰু তিব্বতক কেন্দ্ৰ কৰি থকা জটিল ভূ-ৰাজনৈতিক উত্তেজনাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ নিৰাপত্তা ভাৰতীয় কৰ্তৃপক্ষৰ বাবে এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে । জেড কেটেগৰী নিৰাপত্তা প্ৰট’কলৰ অধীনত দালাই লামাক দেশৰ ভিতৰত ভ্ৰমণ কৰাৰ সময়ত চি আৰ পি এফ কমাণ্ডোৰ এটা দলে তেওঁক সুৰক্ষা প্ৰদান কৰিব । বিশেষকৈ চীনে তেওঁৰ কাৰ্যকলাপ আৰু প্ৰভাৱৰ দীৰ্ঘদিনীয়া বিৰোধিতা কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ সুৰক্ষাক লৈ উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে এই সিদ্ধান্ত লোৱা হৈছে ।

দালাই লামাক ভাৰতত জেদ পৰ্যায়ৰ নিৰাপত্তা (ETV Bharat)

ভাৰতত দালাই লামাৰ উপস্থিতি চীন–ভাৰতৰ সম্পৰ্কত এক স্পৰ্শকাতৰ বিষয় হৈ পৰিছে । ভাৰতে আনুষ্ঠানিকভাৱে তিব্বতক চীনৰ স্বায়ত্তশাসিত অঞ্চল হিচাপে স্বীকৃতি দিয়াৰ বিপৰীতে তিব্বতৰ নেতা আৰু তেওঁৰ অনুগামীসকলক আশ্ৰয় প্ৰদান অব্যাহত ৰাখিছে । বছৰ বছৰ ধৰি চীন কৰ্তৃপক্ষই তেওঁৰ বিশ্বব্যাপী কাৰ্যকলাপক বাৰে বাৰে সমালোচনা কৰি আহিছে, ইয়াক তিব্বতৰ ওপৰত তেওঁলোকৰ নিয়ন্ত্ৰণৰ বাবে প্ৰত্যাহ্বান হিচাপে গণ্য কৰি আহিছে । দালাই লামাৰ নিৰাপত্তা বৃদ্ধিয়ে দেখুৱাইছে যে ভাৰত চৰকাৰে সম্ভাব্য ভাবুকিৰ সৈতে কোনোধৰণৰ সুযোগ ল’ব নিবিচাৰে । ইয়াৰ উপৰিও ছয় দশক ধৰি হিমাচল প্ৰদেশৰ ধৰ্মশালাত বসবাস কৰি অহা তিব্বতী নেতাগৰাকীৰ সুৰক্ষাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক আলোকপাত কৰা হৈছে ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উপস্থিতিত টাৱাঙত দালাই লামাৰ জন্মদিন উদযাপন - Dalai Lama birthday

ABOUT THE AUTHOR

...view details