নেশ্যনেল ডেস্ক, ১৮ ফেব্ৰুৱাৰী :দিল্লীলৈ কৃষকৰ পদযাত্ৰাৰ বাবে আম্বালাৰ শম্ভু সীমান্তত উত্তেজনা সৃষ্টি হোৱাৰ বিপৰীতে কৃষক নেতাৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিসকলে কথা পাতি উক্ত বিষয়টো সমাধানৰ বাবে প্ৰচেষ্টা চলাইছে । ইতিমধ্যে তিনিটা পৰ্যায়ত বৈঠক সমাপন হৈছে ৷ তথাপিও এই সমস্যাটো এতিয়াও সমাধান হোৱা নাই ।
এনে পৰিস্থিতিত দেওবাৰে অৰ্থাৎ আজি চতুৰ্থ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব ৷ আশা কৰা হৈছে যে এই বৈঠকত হয়তো কৃষক নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী- দুয়োটা পক্ষ একেটা মততে উপনীত হ’ব ৷ ফলত সমস্যাটোৰ সম্ভৱত এটা সমাধান হ’ব ।
MSP আৰু ঋণ ৰেহাইৰ ওপৰত আবদ্ধ :
আমি সকলোৱে জ্ঞাত যে, কৃষক নেতা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ইতিমধ্যে তিনিটা পৰ্যায়ত আলোচনা সম্পন্ন হৈছে ৷ যেতিয়াই এই বৈঠক অনুষ্ঠিত হয়, তেতিয়াই আশা কৰা হয় যে হয়তো এই বৈঠকতে সকলো কথাৰ সমাধান হ’ব আৰু সভা শেষত কিছু ভাল খবৰ সকলোৱে লাভ কৰিব ৷ কিন্তু বৰ্তমান পৰ্যন্ত সেয়া সম্ভৱ হৈ উঠা নাই ৷
এম এছ পি (MSP) আৰু ঋণ ৰেহাইৰ ক্ষেত্ৰত অচলাৱস্থা হৈ আছে । এনে পৰিস্থিতিত শম্ভু সীমান্তত থকা কৃষকসকলে দিল্লীলৈ সমদল উলিয়াবলৈ অটল হৈয়ে আছে । ইফালে নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদী কৃষকসকলক বাধা দিবলৈ যৎপোৰনাষ্টি চেষ্টা চলাইছে ।
লগতে পঢ়ক :এমএছপিৰ বাবে আইনী গেৰাণ্টি; কেন্দ্ৰক অধ্যাদেশ অনাৰ আহ্বান কৃষক নেতাৰ