নিউজ ডেস্ক, 24 মে’:দেশৰ প্ৰায়সমূহ স্থানতে এতিয়া অসহিষ্ণু উষ্ণতা ৷ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্নজনে লৈছে বিভিন্ন পন্থা ৷ ঘৰৰ পৰাই ওলাব পৰা নাই বহু লোক ৷ গৰমত মৃত্যুৰ সংখ্যাও পাইছে বৃদ্ধি ৷
কিন্তু তাৰ মাজতো দেশখনক সুৰক্ষা প্ৰদান কৰি থকা জোৱানসকলৰ কথা ভাবিছেনে ? সামৰিক পোচাকত গধুৰ বন্দুক ডাঙি মৰুভূমিসমূহতো এই মুহূৰ্তত নিষ্ঠাৰে কৰ্তব্য পালন কৰি আছে সৈনিকসকলে ৷ হয়তো নক’লেও হ’ব, এই সময়ত থৰ মৰুভূমিৰ অৱস্থাৰ বিষয়ে ৷ সদৃশ নহয়, প্ৰায় অগ্নিকুণ্ডত পৰিণত হোৱা ৰাজস্থানৰ থৰ মৰুভূমিৰ সীমান্তৱৰ্তী অঞ্চলত কৰ্তব্যৰত জোৱানসকল এতিয়া চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে ৷
উল্লেখ্য যে ৰাজস্থানৰ জৈসলমেৰৰ ভাৰত-পাকিস্তান সীমান্তত তীব্ৰতা বাঢ়িছে গৰমৰ ৷ সীমান্ত সুৰক্ষা বাহিনীয়ে দায়িত্ব পালন কৰি থকা অঞ্চলসমূহত তাপমাত্ৰাই 50 ডিগ্ৰী চেলছিয়াছৰ অভিলেখ সৃষ্টি কৰিছে ৷ তথ্য অনুসৰি, বি এছ এফৰ ওচৰত উপলব্ধ তাপমাত্ৰা জোখা সঁজুলিসমূহত কেৱল 50 ডিগ্ৰীলৈকে তাপমাত্ৰা দেখুৱায় ৷ তাপমাত্ৰা 50 ডিগ্ৰীতকৈ অধিক হ’লে সঁজুলিসমূহ ক'লা হৈ পৰে ।