অসম

assam

অশান্ত বাংলাদেশ : ভাৰত সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ হাই এলাৰ্ট জাৰি - BSF High Alert on Border

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 12:19 PM IST

BSF Issues High Alert across Bangladesh Border : ভাৰত-বাংলাদেশ সীমান্তত হাই এলাৰ্ট জাৰি সীমান্ত সুৰক্ষা বাহিনীৰ । অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ সীমান্তত বি এছ এফয়ে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা বেষ্টনী ।

High Alert' Along India-Bangladesh Border
সীমান্তত বি এছ এফ (BSF)

তেজপুৰ, 6 আগষ্ট: চুবুৰীয়া বাংলাদেশৰ পৰিস্থিতি অশান্ত হোৱাৰ পাচতে ভাৰত-বাংলাদেশ সীমান্তত কটকটীয়া পহৰাত নিয়োজিত হৈছে সীমান্ত সুৰক্ষা বাহিনী ৷ এক বিশেষ সূত্ৰই ই টিভি ভাৰতক জনায় যে চুবুৰীয়া দেশ বাংলাদেশত হোৱা হিংসাত্মক কাৰ্যকলাপৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বাংলাদেশ সীমান্তত বি এছ এফ ৰ তৰফৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে ।

অশান্ত বাংলাদেশ (ETV Bharat)

বি এছ এফ ৰ সঞ্চালক প্ৰধান ডলজিৎ সিং চৌধুৰীয়ে সমগ্ৰ পৰিস্থিতি কলিকতাৰ পৰা পৰ্যবেক্ষণ কৰি আছে বুলি বি এছ এফৰ বিশেষ সূত্ৰই জানিবলৈ দিছে । সীমান্তত বি এছ এফৰ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে সকলো জোৱান সষ্টম হৈ আছে অনাকাংশিত যিকোনো পৰিস্থিতিৰ বাবে ।

সীমান্তত বি এছ এফ (BSF)

বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগ

চুবুৰীয়া দেশ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই সোমবাৰে পদত্যাগ কৰাৰ পিছতে বিশেষ হেলিকপ্টাৰৰে আহি ত্ৰিপুৰাত উপস্থিত হয় আৰু পৰৱৰ্তী সময়ত হাচিনা নতুন দিল্লীলৈ উৰা মাৰে । হিন্দন বিমানবন্দৰত প্ৰাক্তন বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বিমানখন অৱতৰণ হয় । বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকী পৰৱৰ্তী সময়ত ইউৰোপলৈ যোৱাৰ সম্ভাৱনা আছে বুলি কিছু সূত্ৰত প্ৰকাশ ।

বাংলাদেশৰ পতাকা হাতত লৈ প্ৰতিবাদকাৰী (ETV Bharat)

বি এছ এফৰ দুটা কামাণ্ডৰ ভিতৰত কলিকতা কামাণ্ডৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ পশ্চিমবংগকে ধৰি মুঠ 6 টা ফ্ৰণ্টিয়াৰ আছে । ভাৰত আৰু বাংলাদেশৰ মুঠ 4600 কিলোমিটাৰ দৈৰ্ঘৰ এই আন্তঃৰাষ্ট্ৰীয় সীমান্তটোত বি এছ এফৰ 6 টা ফ্ৰণ্টিয়াৰে পৰ্যবেক্ষণ কৰে। সেইকেইটা হৈছে উত্তৰ-বংগ ফ্ৰণ্টিয়াৰ, দক্ষিণ-বংগ ফ্ৰণ্টিয়াৰ, গুৱাহাটী ফ্ৰণ্টিয়াৰ, মেঘালয় ফ্ৰণ্টিয়াৰ, মিজোৰাম আৰু কাছাৰ ফ্ৰণ্টিয়াৰ আৰু ত্ৰিপুৰা ফ্ৰণ্টিয়াৰ ।

বাংলাদেশত আন্দোলন

আনহাতে, সোমবাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই পদত্যাগ কৰি দেশ এৰাৰ পাচতে আন্দোলনকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাসত প্ৰৱেশ কৰি পৰিস্থিতি উত্তাল কৰি তোলে । ইতিমধ্যে আন্দোলনৰ ফলত বহুতো নিৰীহ লোকৰ মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে । বাংলাদেশৰ চাটখৰা জিলাত প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰাৰ পিছত দেশবাসীয়ে আনন্দ-উল্লাস কৰা পৰিলশ্ৰীিত হৈছে ।

ঢাকাৰ বিভিন্ন স্থানত আন্দোলনকাৰী আৰু ক্ষমতাধিষ্ঠিত দল আৱামী লীগৰ সমৰ্থকৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটা দেখিবলৈ পোৱা গৈছে । উল্লেখ্য যে, দেশখনৰ চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণ নীতিক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা পৰিস্থিতিত প্ৰায় 212 জন লোকে প্ৰাণ হেৰুৱাইছিল ।

ইয়াৰ মাজতে বাংলাদেশ চৰকাৰে জামাত-ই-ইছলামী আৰু তেওঁলোকৰ ছাত্ৰ সংগঠনটোক নিষিদ্ধ কৰাৰ পিছতে শ্বেখ হাচিনাৰ বিৰুদ্ধে অসহযোগ আন্দোলন আৰম্ভ হয় ৷ যাৰ ফলত হাচিনাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হয় ।

লগতে পঢ়ক:বাংলাদেশৰ অস্থিৰতাৰ সুযোগত অসমলৈ হ'ব পাৰে অনুপ্ৰৱেশ : সীমান্তৰ নিৰাপত্তা কটকটীয়া কৰাৰ দাবী অসম জাতীয় পৰিষদৰ - AJP ON BANGLADESH VIOLENCE

ভাৰত-বাংলা সীমান্তত সষ্টম হৈ আছে বি এছ এফ : বাতিল হ’ল কেইবাখনো ৰে’লৰ যাত্ৰা - BANGLADESH VIOLENCE

বাংলাদেশ জ্বলিছে : হাছিনাৰ হেলিকপ্টাৰ নামিল গাজিয়াবাদৰ সেনাৰ ঘাটিত - Bangladesh PM Sheikh Hasina

ABOUT THE AUTHOR

...view details