শিলচৰ :মণিপুৰৰ জিৰিবামৰ জাকুৰাডহৰৰ পৰা অপহৰণ হোৱা ৬ মেইটেই লোকৰ মাজৰ তিনিগৰাকীৰ মৃতদেহ উদ্ধাৰ । অসম-মণিপুৰ সীমান্তৰ জিৰিবামৰ গিলগাল অঞ্চলৰ বৰাক নৈৰ পৰা উদ্ধাৰ তিনি মৃতদেহ । উদ্ধাৰ হোৱা তিনিটা মৃতদেহকেইটা দুই শিশু আৰু এগৰাকী মহিলাৰ বুলি জানিব পৰা গৈছে ।
বৰাক নৈত উপঙি থকা অৱস্থাত মৃতদেহ তিনিটা উদ্ধাৰ হৈছে । অপহৰণকাৰী দলে হত্যা কৰি মৃতদেহকেইটা নৈত পেলাই দিয়া বুলি সন্দেহ কৰা হৈছে । ইপিনে মৃতদেহকেইটা উদ্ধাৰ হোৱাৰ পাছত নিশাই মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ আনে মণিপুৰ আৰক্ষীয়ে । এই ঘটনাক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে জিৰিবামত ।
অসম-মণিপুৰ সীমান্তত মেইটেই সম্প্ৰদায়ৰ ৩ মৃতদেহ উদ্ধাৰ (ETV Bharat Assam) উল্লেখ্য যে, যোৱা সোমাবাৰৰ নিশা জিৰিবামৰ জাকুৰাডহৰৰ পৰা মেইটেই সম্প্ৰদায়ৰ দুটা পৰিয়ালৰ শিশু, মহিলাসহ মুঠ ৬ গৰাকী লোকক অপহৰণ কৰি লৈ গৈছিল দুৰ্বৃত্তই । মেইটেই লোকসকলৰ অভিযোগ মতে, কুকি উগ্ৰপন্থীৰ দলে এই অপহৰণকাণ্ড সংঘটিত কৰে ।
ঘটনাক কেন্দ্ৰ কৰি জিৰিবামত কুকি আৰু মেইটেইৰ মাজত বিৰাজ কৰি আছিল উত্তপ্ত পৰিস্থিতিৰ । তাৰ মাজতে শুকুৰবাৰে নিশা অপহৃত ৬ গৰাকীৰ মাজত তিনিগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় । এতিয়া এই তিনিটা মৃতদেহ উদ্ধাৰৰ পাছত মণিপুৰৰ জিৰিবাম জিলা পুনৰ অশান্ত হোৱাৰ আশংকা কৰা হৈছে ।
আনহাতে, এই অপহৰণকাণ্ডৰ পিচত মণিপুৰৰ জিৰিবামত মোইটেই সম্প্ৰদায়ৰ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । অপহৃত ছয় মেইটেই লোকৰ মুক্তিৰ দাবীত জিৰিবামত শুকুৰবাৰে সন্ধিয়া হাজাৰ হাজাৰ মেইটেই লোকে প্ৰতিবাদ সাব্যস্ত কৰে । হাতত মমবাতি লৈ সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে মেইটেই পুৰুষ-মহিলা তথা যুৱক-যুৱতীসকলে ।
কুকি দুৰ্বৃত্তই এই ছয়গৰাকী মেইটেই লোকক অপহৰণ কৰাৰ অভিযোগ উঠিছে ৷ তিনিদিন পূৰ্বে জিৰিবামৰ জাকুৰাডহৰৰ পৰা অপহৰণ কৰা হৈছিল মহিলা-শিশুসহ ছয় মেইটেই লোকক । এই ঘটনাৰ পাছৰে পৰা উত্তপ্ত হৈ আছে জিৰিবামৰ পৰিস্থিতি ।