অসম

assam

ETV Bharat / bharat

দিল্লীত পি ভি আৰৰ ওচৰত বিস্ফোৰণ - BLAST AT NEAR PVR IN DELHI

দিল্লীৰ প্ৰশান্ত বিহাৰ অঞ্চলত বিস্ফোৰণ । ২০ অক্টোবৰতো চি আৰ পি এফ বিদ্যালয়ৰ বাহিৰত সংঘটিত হৈছিল বিস্ফোৰণ ।

blast at near PVR in Delhi
ঘটনাস্থলীত আৰক্ষীৰ তালাচী (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 28, 2024, 3:47 PM IST

নতুন দিল্লী :ৰাজধানী দিল্লীৰ প্ৰশান্ত বিহাৰ অঞ্চলত বৃহস্পতিবাৰে এক বিস্ফোৰণৰ ঘটনা সংঘটিতহয় । পুৱা প্ৰশান্ত বিহাৰ অঞ্চলৰ পি ভি আৰ চিনেমা হলৰ ওচৰত এই বিস্ফোৰণটো সংঘটিত হয় । জানিব পৰা মতে, বিস্ফোৰণটো সংঘটিত হয় পি ভি আৰৰ ওচৰৰ বংশী ছুইটছৰ সন্মুখত । দিনৰ ১১.৪৮ বজাত এই বিস্ফোৰণৰ খবৰ লাভ কৰা হয় । বিস্ফোৰণ সংঘটিত হোৱা স্থানত মানুহে ধোঁৱাৰ কুণ্ডলী দেখিবলৈ পায় ।

ইফালে লাভ কৰা তথ্যৰ ভিত্তিত অগ্নিনিৰ্বাপক বিভাগ, আৰক্ষী আৰু ফৰেনচিক দল ঘটনাস্থলীত উপস্থিত হয় আৰু অনুসন্ধান আৰম্ভ কৰে । ফৰেনচিক দলটোৱে ঘটনাস্থলীৰ পৰা দেখাত বগা পাউডাৰৰ দৰে এবিধ পদাৰ্থও উদ্ধাৰ কৰে । ফৰেনচিক দলে সেয়া পৰীক্ষা কৰি আছে । এই বিস্ফোৰণ কিয় আৰু কেনেকৈ হৈছিল, ইয়াৰ আঁৰত কোন আছে এই সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান কৰি আছে ।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বিস্ফোৰণৰ শব্দ অতি প্ৰচণ্ড আছিল । অৱশ্যে এই বিস্ফোৰণৰ ফলত কোনো ক্ষয়-ক্ষতিৰ তথ্য লাভ কৰা হোৱা নাই । ইফালে তথ্য পোৱাৰ লগে লগে দিল্লী আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয় । দিল্লী অগ্নিনিৰ্বাপক সেৱাই জনায়, "আজি দিনৰ ১১.৪৮ বজাত প্ৰশান্ত বিহাৰ অঞ্চলৰ পৰা এটা বিস্ফোৰণৰ খবৰ পোৱা গৈছে । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈছে । প্ৰশান্ত বিহাৰৰ এখন চি আৰ পি এফ বিদ্যালয়ৰ ওচৰত বিস্ফোৰণ সংঘটিত হোৱাৰ এমাহৰো কম সময়ৰ ভিতৰত এইটো দ্বিতীয় ঘটনা ।"

২০ অক্টোবৰতো এই স্থানত সংঘটিত হৈছিল বিস্ফোৰণ

যোৱা মাহত এই স্থানত চি আৰ পি এফ বিদ্যালয়ৰ ওচৰত হোৱা বিস্ফোৰণত বিদ্যালয়খনৰ দেৱাল ক্ষতিগ্ৰস্ত হৈছিল । ওচৰৰ দোকানবোৰো ক্ষতিগ্ৰস্ত হৈছিল । ঘটনাস্থলীত উপস্থিত লোকসকলে জনাইছিল যে বিস্ফোৰণৰ শব্দ শুনি তেওঁলোক তৎক্ষণাৎ তেওঁলোকৰ ঘৰ আৰু দোকানৰ পৰা ওলাই আহে । ঘটনাটোত কোনো লোক আহত হোৱা নাই । দিল্লী আৰক্ষীয়ে প্ৰশান্ত বিহাৰ অঞ্চলৰ চি আৰ পি এফ বিদ্যালয়ৰ ওচৰত সংঘটিত বিস্ফোৰণৰ সন্দৰ্ভত বিস্ফোৰক আইনৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰে ।

আনহাতে, বিস্ফোৰণৰ পিছত প্ৰায় পাঁচ ঘণ্টা ধৰি কেন্দ্ৰীয় তদন্ত সংস্থাবোৰে বিস্ফোৰণস্থলীৰ পৰা প্ৰমাণ সংগ্ৰহ কৰে । গৃহ মন্ত্ৰণালয়ে ঘটনাটোৰ প্ৰতিবেদন বিচৰাৰ পিছত দিল্লী আৰক্ষীয়ে এক প্ৰাথমিক প্ৰতিবেদনো প্ৰেৰণ কৰে । সকলো সংস্থাৰ বিশেষজ্ঞসকলে নিজাববীয়াকৈ প্ৰাথমিকভাৱে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা ৰাসায়নিক আৰু অন্যান্য নমুনাবোৰ পৰীক্ষা কৰে । বিস্ফোৰণত নাইট্ৰেট বা ক্লৰাইডৰ ব্যৱহাৰ কৰাটো নিশ্চিত হয়, সেইবোৰক অৱশ্যে উচ্চ প্ৰাবল্যৰ বিস্ফোৰক শ্ৰেণীত ধৰা নহয় । অৱশ্যে সংস্থাবোৰৰ বাবে বিস্ফোৰণটো কেনেকৈ সংঘটিত হৈছিল সেয়া জনাত অসুবিধা পাইছিল । কিয়নো ঘটনাস্থলীৰ পৰা টাইমাৰ, ডিটনেটৰ, তাঁৰ, বেটাৰী বা ঘড়ী আদি একো উদ্ধাৰ হোৱা নাছিল । যাৰ বাবে এইটো অনুমান কৰা হয় যে বিস্ফোৰণৰ বাবে ৰিম'ট ব্যৱহাৰ কৰা হৈছিল ।

দিল্লীৰ নিৰাপত্তা সন্দৰ্ভত গৃহমন্ত্ৰীৰ বৈঠক

ইফালে দিল্লীত বৰ্ধিত অপৰাধৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ গৃহ মন্ত্ৰণালয়ত দিল্লীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় । তেওঁ নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ নিৰ্দেশ দিয়ে, যাতে দিল্লীৰ জনসাধাৰণে সুৰক্ষিত অনুভৱ কৰিব পাৰে । কিন্তু প্ৰশান্ত বিহাৰত ৩৮ দিনৰ ভিতৰত দ্বিতীয়টো বিস্ফোৰণ ঘটনাই জনসাধাৰণক হতবাক কৰি তুলিছে ।

গৃহমন্ত্ৰী অমিত শ্বাহক আক্ৰমণ অৰবিন্দ কেজৰিৱালৰ

আনহাতে, দিল্লীৰ নিৰাপত্তা ব্যৱস্থাক লৈ আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গৃহ মন্ত্ৰী অমিত শ্বাহক আক্ৰমণৰ লক্ষ্য কৰি লয় । তেওঁ গৃহ মন্ত্ৰী অমিত শ্বাহৰ বাসগৃহৰ পৰা কিছু দূৰৈত গুৰুত্বপূৰ্ণ অপৰাধৰ ঘটনাৰ এখন পোষ্টাৰো মুকলি কৰে । দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে আম আদমি পাৰ্টীয়ে এতিয়া এই অপৰাধজনিত ঘটনাক নিৰ্বাচনী বিষয় কৰি লৈছে ।

লগতে পঢ়ক :দিল্লীৰ চিআৰপিএফ স্কুলৰ সমীপতে বিস্ফোৰণ
লগতে পঢ়ক :মানৱ সৰবৰাহ গোচৰ: অসমকে ধৰি ৬ খন ৰাজ্যৰ ২২ টা স্থানত এনআইএৰ অভিযান

ABOUT THE AUTHOR

...view details